ETV Bharat / technology

আজিৰে পৰা দিল্লীত আৰম্ভ হ’ল AI India Impact Summit 2026; সকলোকে আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

আজিৰে পৰা দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত হৈছে AI-India Impact Summit 2026 ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে দেশ-বিদেশৰ প্ৰযুক্তি খণ্ডৰ বহু দ্বিগজ লোকে ৷

ai-india-impact-summit-2026-pm-modi-welcomes-delegates-says-world-is-coming-to-india
আজিৰে পৰা দিল্লীত আৰম্ভ হ’ল AI India Impact Summit 2026; সকলোকে আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে (ANI)
author img

By ETV Bharat Tech Team

Published : February 16, 2026 at 1:10 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: দেশৰ ৰাজধানীত 16 ফেব্ৰুৱাৰী অৰ্থাৎ আজি সোমবাৰৰে পৰা আৰম্ভ হৈছে AI-India Impact Summit ৷ আজিৰে পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰযুক্তি খণ্ডৰ সৈতে জড়িত ব্যক্তিসকল ভাৰতত সমবেত হৈছে । আজি বিয়লি 5 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব AI India Expo । প্ৰধানমন্ত্ৰী মোদীয়ে এই মেগা ইভেণ্টত প্ৰতিনিধিসকলক আদৰণি জনোৱাৰ লগতে প্ৰযুক্তিগত অগ্ৰগতিৰ ক্ষেত্ৰত দেশৰ যুৱক-যুৱতীসকলৰ ভূমিকাক গুৰুত্ব আৰোপ কৰে ।

অনুষ্ঠান সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুষ্ঠান সন্দৰ্ভত কয়, "AI-India Impact Summit ৰ বাবে সমগ্ৰ বিশ্বৰ পৰা মানুহ ভাৰতলৈ অহাটো আমাৰ বাবে অতি গৌৰৱৰ বিষয় । ইয়াৰ দ্বাৰা আমাৰ দেশৰ যুৱক-যুৱতীসকলৰ সামৰ্থও প্ৰদৰ্শিত হৈছে । আমাৰ দেশ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে আৰু বিশ্ব উন্নয়নত উল্লেখযোগ্য অৱদান যে আগবঢ়াবলৈ সক্ষম হৈছে এই ছবি তাৰেই প্ৰমাণ ।"

দেশৰ ৰাজধানী দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত হ’বলগীয়া AI-India Impact EXPO উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । AI-India Impact Summit ৰ সমান্তৰালভাৱে 16 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া এ আই ইমপেক্ট এক্সপ’ 2026 ক নীতি, উদ্ভাৱন আৰু বৃহৎ পৰিসৰৰ ৰূপায়ণক একক মঞ্চত একত্ৰিত কৰি এই অনুষ্ঠানক কৃত্ৰিম বুদ্ধিমত্তাৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী হিচাপে দেখুওৱা হৈছে ।

13 খন দেশে অংশগ্ৰহণ কৰিব এই প্ৰদৰ্শনী অনুষ্ঠানত

ভাৰত মাণ্ডপামৰ 10 টা অঞ্চলত 70 হাজাৰ বৰ্গমিটাৰতকৈও অধিক বিস্তৃত এই Expo ত বিশ্বব্যাপী প্ৰযুক্তি কোম্পানী, ষ্টাৰ্টআপ, একাডেমী, গৱেষণা প্ৰতিষ্ঠান, কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলে অংশগ্ৰহণ কৰিব ।

13 খন দেশৰ পেভিলিয়নে অষ্ট্ৰেলিয়া, জাপান, ৰাছিয়া, যুক্তৰাজ্য, ফ্ৰান্স, জাৰ্মানী, ইটালী, নেদাৰলেণ্ড, ছুইজাৰলেণ্ড, ছাৰ্বিয়া, ইষ্ট’নিয়া, তাজিকিস্তান আৰু আফ্ৰিকান দেশকে ধৰি কৃত্ৰিম বুদ্ধিমত্তা পৰিৱেশ তন্ত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা প্ৰদৰ্শন কৰিব ।

300 ৰো অধিক কিউৰেট কৰা প্ৰদৰ্শনী পেভিলিয়ন আৰু লাইভ প্ৰদৰ্শনৰ আয়োজন কৰা হ'ব তিনিটা বিষয়ভিত্তিক "চক্ৰ" – পিপল, প্লেনেট আৰু প্ৰগ্ৰেছত – যিয়ে বিভিন্ন খণ্ডত AI ৰ উল্লেখযোগ্য প্ৰভাৱ প্ৰদৰ্শন কৰিব । ইয়াৰ উপৰিও, 600 ৰো অধিক উচ্চ-সম্ভাৱ্য ষ্টাৰ্টআপে অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে, যাৰ বহুতেই বিশ্বব্যাপী প্ৰাসংগিক আৰু জনসংখ্যা-মাপৰ AI সমাধান বিকশিত কৰি আছে যিবোৰ ইতিমধ্যে বাস্তৱ জগতৰ প্ৰয়োগসমূহত ব্যৱহাৰ কৰা হৈছে ।

2.5 লাখৰো অধিক লোক উপস্থিত থাকিব

AI-India Impact EXPO ত কেইবাজনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিকে ধৰি 2.5 লাখৰো অধিক দৰ্শকক আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ লক্ষ্য হৈছে AI পৰিৱেশ তন্ত্ৰত বিশ্বব্যাপী অংশীদাৰিত্ব আৰু ব্যৱসায়িক সুযোগসমূহক প্ৰসাৰিত কৰা ।

ইয়াৰ উপৰিও এই অনুষ্ঠানত 500 ৰো অধিক অধিবেশন অনুষ্ঠিত হ’ব, য’ত 3250 জনতকৈ অধিক বক্তা আৰু পেনেলিষ্ট উপস্থিত থাকিব । গ্ল’বেল চাউথত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলন ইমপেক্ট ছামিটত দেশৰ এআই ভৱিষ্যত গঢ়ি তোলাৰ দৃষ্টিভংগীও প্ৰদৰ্শন কৰা হ’ব যিটো সৰ্বাংগীন, দায়িত্বশীল আৰু ফলপ্ৰসূ ।

India AI mission ৰ অধীনত ভাৰতে স্থানীয় ষ্টাৰ্টআপ আৰু কনচৰ্টিয়ামে নিৰ্মাণ কৰা, বৃহৎ ভাৰতীয় ডাটাছেটত প্ৰশিক্ষণপ্ৰাপ্ত আৰু দেশৰ 22 টা চৰকাৰী ভাষাৰ লগত খাপ খোৱা 12 টা থলুৱা ফাউণ্ডেশ্যন মডেল উপস্থাপন কৰিব । শীৰ্ষ সন্মিলনত এইবোৰ প্ৰদৰ্শন কৰা হ’ব ৷ লগতে কৃষিৰ পৰা আৰম্ভ কৰি সুলভ শিক্ষালৈকে - সকলো প্ৰদৰ্শন কৰা হ’ব ।

লগতে পঢ়ক