ETV Bharat / technology

কৃষকলৈ আশাৰ বাৰ্তা কঢ়িয়াইছে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপকে

জৈৱিক পদ্ধতিৰে ক্ষতিকাৰক ভেঁকুৰৰ পৰা শস্যক সুৰক্ষা দিয়াৰ উপায় বিচাৰি এগৰাকী অধ্যাপকৰ সফলতা ।

Scientist Chiranjiv Bezbaruah
কৃষকলৈ আশাৰ বাৰ্তা কঢ়িয়াইছে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপকে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 30, 2025 at 5:50 PM IST

4 Min Read
Choose ETV Bharat

কলিয়াবৰ : কৃষক ৰাইজৰ বাবে ভেঁকুৰৰ সংক্ৰমণ নতুন কথা নহয় । সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিজ্ঞানী তথা গৱেষকসকলে বিভিন্ন পদ্ধতি উদ্ভাৱন কৰিছে । তাৰ মাজতে অসমৰ এগৰাকী বিজ্ঞানীয়েও নতুনকৈ উদ্ভাৱন কৰিছে এক বিশেষ জৈৱিক পদ্ধতি । এবছৰীয়া পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণাৰ অন্তত এই বিশেষ উদ্ভাৱনে ৰাসায়নিক কীটনাশকৰ কুপ্ৰভাৱ ৰোধৰ লগতে সংক্ৰমণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কাৰ্যকৰী ৰূপে প্ৰমাণিত হৈছে ।

কৃষক ৰাইজলৈ সুখবৰ কঢ়িয়াই আনিছে কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকে । কলিয়াবৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা বিজ্ঞানী চিৰঞ্জীৱ বেজবৰুৱাই পেলনীয়া কাগজ ব্যৱহাৰ কৰি প্ৰস্তুত কৰি উলিয়াইছে এক জৈৱিক পদ্ধতি । লগতে এই পদ্ধতিত প্ৰয়োজনীয় পাত্ৰ নিৰ্মাণৰ বাবেও উদ্ভাৱন কৰিছে এটি যন্ত্ৰৰ ।

কৃষকলৈ আশাৰ বাৰ্তা কঢ়িয়াইছে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপকে (ETV Bharat)

সাধাৰণতে বিভিন্ন শাক-পাচলিৰ লগতে চাহ গছৰ শিপাত হোৱা ভেঁকুৰৰ সংক্ৰমণে কৃষকসকলক বিপাঙত পেলাই আহিছে । সমান্তৰালকৈ এনে সংক্ৰমণ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক কীটনাশক দ্ৰব্যৰ ফলত মানৱ শৰীৰৰ লগে-লগে গোলকীয় উষ্ণতা বৃদ্ধিত প্ৰভাৱ পেলাইছে । এই কুপ্ৰভাৱ প্ৰতিৰোধৰ সহায়ক হোৱাকৈ কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱাই উদ্ভাৱন কৰিছে এটি যন্ত্ৰসহ এক জৈৱিক পদ্ধতি ।

পূৰ্বেও কেবাটাও যন্ত্ৰ উদ্ভাৱনৰ সৈতে জড়িত অধ্যাপক বেজবৰুৱাই ভাৰত চৰকাৰৰ পৰা ইতিমধ্যে সেই উদ্ভাৱনৰ পেটেণ্ট লাভ কৰাৰ লগতে বিভাগীয় স্বীকৃতি লাভ কৰি মহাবিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে ।

Innovation in agriculture
পেলনীয়া কাগজৰ ব্যৱহাৰ কৰি নতুন উদ্ভাৱন (ETV Bharat)

এইবাৰ নতুনকৈ উদ্ভাৱন কৰা এই জৈৱিক পদ্ধতিৰ বাবেও ইতিমধ্যে পেটেণ্টৰ বাবে আবেদন কৰিছে বিজ্ঞানী চিৰঞ্জীৱ বেজবৰুৱাই । এই উদ্ভাৱন সম্পৰ্কত বেজবৰুৱাই কয়, "এই চিন্তাটো আৰম্ভ হৈছিল আমাৰ এগৰাকী ছাত্ৰৰ পৰা । ছাত্ৰজনে শিপাত বেমাৰ হোৱা এটা পুলি লৈ আহিছিল । আপোনালোকে লক্ষ্য কৰিব যদি ৫ টা পুলি লগাই;তাৰে তিনিটাই মৰি যাব । তাৰ কাৰণটো হৈছে মাটিত থকা ভেঁকুৰ, সেইবোৰে পুলিবোৰক বেমাৰী কৰে আৰু মাৰি পেলায় । এই বেমাৰ প্ৰতিৰোধ কৰা বহু ৰাসায়নিক পদ্ধতি আছে যদিও এই ৰাসায়নিক কীটনাশক দ্ৰব্যৰ ব্যৱহাৰে আমাৰ স্বাস্থ্যৰ পক্ষে ভাবুকি কঢ়িয়াই আনিছে । ই এটা ডাঙৰ সমস্যা ৰূপেও দেখা দিছে । আনহাতে আমাৰ কলেজ-স্কুলবোৰত বহু পৰিমাণে পেলনীয়া কাগজ গোট খায় । কিন্তু এইবোৰ বেচিব নোৱাৰোঁ, কাৰণ এইবোৰ বিশ্ববিদ্যালয় বা বৰ্ডৰ কাগজ । ই কলেজ-স্কুলবোৰৰ এটা সমস্যা । গতিকে মই ভাবিলো দুয়োটা সমস্যাৰ এটা সামাধান বিচৰা যাওক ।"

Scientist Chiranjiv Bezbaruah
প্ৰায় এবছৰীয়া গৱেষণাৰ সফলতা লাভ কৰিছে অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱাই (ETV Bharat)

গৱেষণা সন্দৰ্ভত তেওঁ লগতে কয়, "কিছু চিন্তা-চৰ্চাৰ অন্তত মনলৈ আহিল, মাটিত এজাত ভেঁকুৰ আছে যাক ট্ৰাইক'ডেৰ্‌মা বুলি কয় । এই ভেঁকুৰটো গোটেই পৃথিৱীতে ভেঁকুৰ সংক্ৰান্তীয় ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰে । এই ট্ৰাইক'ডেৰ্‌মা পুলি বা গছৰ গুৰিত সিঁচি বা মিলাই দিয়া হয় যদিও যি পৰিমাণে গছ বা পুলিচটোৰ শিপাই পাব লাগে সিমান পৰিমাণে নাপায় । গতিকে ভবা মতে লাভ নহয় । ই মানৱ শৰীৰৰ ক্ষতিও কৰে । মই এটা চিন্তা কৰিলো, যদি নাৰ্জী ফুল বা ডালিয়া ফুলৰ থকাৰ দৰে এনে এটা পাত্ৰ নিৰ্মাণ কৰো, য'ত ট্ৰাইক'ডেৰ্‌মা সঠিক পৰিমাণে শিপাই পাব পৰাকৈ থাকে তেতিয়া এই সমস্যাটো নোহোৱা হ'ব আৰু আন ভেঁকুৰো গজিব নোৱাৰিব । এই পাত্ৰটো নিৰ্মাণ কৰিবলৈ প্ৰয়োজনীয় যন্ত্ৰ নাই । সেয়ে তেনে পাত্ৰ নিৰ্মাণ কৰিবলৈ এক যন্ত্ৰ নিৰ্মাণ কৰি উলিয়ালো ।"

Innovation in agriculture
ক্ষতিকাৰক ভেঁকুৰ নিয়ন্ত্ৰণৰ বাবে নতুন উদ্ভাৱন কলিয়াবৰৰ অধ্যাপকৰ (ETV Bharat)

গৱেষণাৰ সফলতা সন্দৰ্ভত তেওঁ কয়, "পাত্ৰবোৰ নিৰ্মাণ কৰি তাত মই ট্ৰাইক'ডেৰ্‌মা গঁজালো । এই পাত্ৰটোত জলকীয়া, বেঙেনা আৰু চাহৰ পুলি ৰোপণ কৰি পৰীক্ষা কৰিলোঁ । ইয়াৰ যোগাত্মক ফলাফল লাভ কৰিলোঁ । আমি দেখিলো যে এই উদ্ভাৱনটোৰ দুটা সম্ভাৱনীয়তা আছে – বিশেষ পাত্ৰটো নিৰ্মাণৰ বাবে ব্যৱহৃত যন্ত্ৰটোৰ পৰাও নিয়োগৰ সুবিধা লাভ কৰিব । তদুপৰি কৃষকসকলেও এটা সমস্যাৰ পৰা মুক্তি পাব । সেই চিন্তাৰে যোৱা এবছৰে কৰা গৱেষণা-পৰীক্ষাৰ অন্তত এই উদ্ভাৱনটো সম্পূৰ্ণ কৰিলো । ইতিমধ্যে মই উদ্ভাৱনটোৰ পেটেণ্টৰ বাবে আবেদন কৰিছোঁ । আশা কৰো পেটেণ্ট লাভ কৰাৰ পিছত বাণিজ্যিকভাৱে এই উদ্ভাৱটো বজাৰত উপলব্ধ হ'ব ।"

লগতে পঢ়ক : উন্নত জলবায়ুৰ বাবে প্লাষ্টিকৰ প্ৰদূষণ ৰোধ কৰিবলৈ সকীয়ালে গৱেষকে