ETV Bharat / technology

ৰব'টিক ছাৰ্জাৰীৰ ক্ষেত্ৰত অসমৰ গৌৰৱোজ্জ্বল অধ্যায়: গুৱাহাটীত ARIS 2026 অধিৱেশন

এই সন্মিলনৰ এক অন্যতম উল্লেখযোগ্য দিশ আছিল আন্তৰ্জাতিক পৰ্যায়ৰ কেইবাখনো বুজাবুজি চুক্তিৰ স্বাক্ষৰ ।

3rd IRIS Guwahati
গুৱাহাটীত ARIS 2026 অধিৱেশন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 18, 2026 at 9:54 AM IST

3 Min Read
Choose ETV Bharat

সোণাপুৰ : ৰব'টিক আৰু উদ্ভাৱনীমূলক অস্ত্ৰোপ্ৰচাৰ জগতত এক নতুন দিগন্ত মুকলি কৰি গুৱাহাটীত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে 'এছেচিয়েচন অব ৰব'টিক এণ্ড ইন'ভেটিভ ছাৰ্জনছ' (ARIS)-ৰ তৃতীয় বাৰ্ষিক সন্মিলন । মহানগৰীৰ মেফেয়াৰ স্প্ৰিং ভেলীত যোৱা ১৭ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই সন্মিলনখনে ভাৰতৰ লগতে বিশ্বৰ চিকিৎসা জগতত এক বিশেষ তাৎপৰ্য বহন কৰিছে ।

উল্লেখ্য যে ২০২২ চনত গুৱাহাটীতে জন্ম লাভ কৰা ARIS-ৰ বাবে এই সন্মিলন আছিল এক 'গৃহ-প্ৰৱেশ' অনুষ্ঠান স্বৰূপ ।

গুৱাহাটীত ARIS 2026 অধিৱেশন (ETV Bharat Assam)

উদ্বোধনী অনুষ্ঠান আৰু বিশিষ্ট অতিথি

পৰম্পৰাগত বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ সন্মানীয় ন্যায়াধীশ উজ্জ্বল ভূঞা । সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটা আৰু গুৱাহাটী এইমছৰ (AIIMS) কাৰ্যবাহী সঞ্চালক অধ্যাপক ডঃ অশোক পুৰাণিক উপস্থিত থাকে ।

ঐতিহাসিক বুজাবুজি চুক্তি (MoU)

এই সন্মিলনৰ এক অন্যতম উল্লেখযোগ্য দিশ আছিল আন্তৰ্জাতিক পৰ্যায়ৰ কেইবাখনো বুজাবুজি চুক্তিৰ স্বাক্ষৰ ।

আন্তৰ্জাতিক সহযোগিতা

কোৰিয়ান এছোচিয়েচন অব ৰব'টিক ছাৰ্জনছ (KAROS) আৰু মালয়েছিয়াৰ ছ'চাইটী অব এণ্ডোলেপাৰ'স্কপিক ছাৰ্জনছৰ সৈতে ARIS-ৰ চুক্তি স্বাক্ষৰিত হয় । ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত চিকিৎসকৰ আদান-প্ৰদান আৰু জ্ঞানৰ বিতৰণ অধিক ক্ষিপ্ৰ হ’ব ।

শৈক্ষিক সহযোগিতা

ইন্দোৰৰ শ্ৰীঅৰবিন্দ বিশ্ববিদ্যালয় (SAIMS) আৰু বিশ্ববিখ্যাত 'IRCAD India'-ৰ সৈতেও গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয় । ইয়াৰ জৰিয়তে ছাৰ্জনসকলে উচ্চমানৰ প্ৰশিক্ষণ আৰু ফেল’শ্বিপ ডিগ্ৰী লাভৰ সুযোগ পাব।

টেল-ৰব'টিক ছাৰ্জাৰীৰ সফল প্ৰদৰ্শন

সন্মিলনৰ আটাইতকৈ আকৰ্ষণীয় দিশটো আছিল থলুৱাভাৱে নিৰ্মিত 'SSI Mantra' ৰব'টিক ব্যৱস্থাৰ জৰিয়তে সম্পন্ন কৰা টেল-ৰব'টিক ছাৰ্জাৰী । ইয়াৰ জৰিয়তে বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে স্বাগত হাস্পতালৰ শান্তিপুৰ শাখাৰ পৰা মালিগাঁও শাখাত থকা ৰোগীৰ সফল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰে । এই প্ৰযুক্তিয়ে চিকিৎসা বিজ্ঞানৰ ভৱিষ্যতৰ এক নতুন ছবি দাঙি ধৰিছে ।

3rd IRIS Guwahati
অনুষ্ঠানত কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰ হয় (ETV Bharat Assam)

বিশেষজ্ঞৰ মত

ARIS-ৰ প্ৰতিষ্ঠাপক সভাপতি তথা সন্মিলনৰ সাংগঠনিক সমিতিৰ অধ্যক্ষ অধ্যাপক ডাঃ সুভাষ খান্নাই কয়, "যোৱা দহ-বিছ বছৰত অস্ত্ৰোপ্ৰচাৰৰ ধৰণ সম্পূৰ্ণ সলনি হৈছে । এতিয়া আৰু পেট ফালি অস্ত্ৰোপ্ৰচাৰ কৰাৰ প্ৰয়োজন নাই । ৰব'টিক টেকন'লজrৰ জৰিয়তে অতি কম কষ্টত আৰু কম সময়ত ৰোগী সুস্থ হৈ উঠে ।"

তেওঁ জনোৱা মতে, বৰ্তমান এই সংস্থাৰ সদস্য সংখ্যা ৫৫০ গৰাকীলৈ বৃদ্ধি পাইছে ।

আনহাতে, দক্ষিণ কোৰিয়াৰ বিশিষ্ট ছাৰ্জন ডঃ কঙে এই বুজাবুজি চুক্তিৰ গুৰুত্ব দোহাৰি কয় যে ইয়াৰ ফলত যুৱ ছাৰ্জনসকলে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ শিকিব পাৰিব আৰু ভাৰত তথা কোৰিয়াৰ চিকিৎসকৰ মাজত শৈক্ষিক আদান-প্ৰদানে ৰোগীৰ সুৰক্ষা নিশ্চিত কৰিব ।

ফেল’শ্বিপ আৰু অংশগ্ৰহণ

সন্মিলনত ২০২৫-২৬ বৰ্ষৰ ৬৪ গৰাকী ফেল' আৰু ৮ গৰাকী সন্মানীয় ফেল'ক 'FARIS' ফেল’শ্বিপ প্ৰদান কৰা হয় । এই সমাবৰ্তন অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডাঃ অনুপ কুমাৰ বৰ্মন উপস্থিত থাকে ।

উল্লেখ্য যে ইতিমধ্যে আগন্তুক বৰ্ষৰ বাবে ১০০ গৰাকী ছাৰ্জনে পঞ্জীয়ন সম্পন্ন কৰিছে । ৫০০তকৈ অধিক ছাৰ্জন আৰু ২ শতাধিক বৈজ্ঞানিক গৱেষণা-পত্ৰৰ উপস্থাপনেৰে এই সন্মিলনে ভাৰতৰ ৰব'টিক চিকিৎসাৰ ক্ষেত্ৰত গুৱাহাটীক এক বিশ্বজনীন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰে ।

লগতে পঢ়ক :মুগাৰ ধুতি-কুৰ্তা-গামোচা পিন্ধি সম্পূৰ্ণ অসমীয়া সাজেৰে মুম্বাইত ৰবি শৰ্মাই জিনিলে সকলোৰে হৃদয়