পোখৰাণৰ পাৰমাণৱিক পৰীক্ষণ ভাৰতৰ বৈজ্ঞানিক উৎকৰ্ষতাৰ প্ৰতীক আছিল : ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত প্ৰধানমন্ত্ৰী মোদী
১৯৯৮ চনৰ পোখৰাণ পাৰমাণৱিক পৰীক্ষণৰ(অপাৰেশ্যন শক্তি) বৰ্ষপূৰ্তি আৰু বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হয় ।

Published : May 11, 2026 at 11:42 AM IST
নতুন দিল্লী: আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ৷ সমগ্ৰ দেশতে প্ৰতি বছৰে ১১ মে'ত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হয় । বিজ্ঞানী, গৱেষকসকলৰ উল্লেখযোগ্য অৱদান, সাফল্য আৰু প্ৰযুক্তিগত উন্নতিৰ সুদূৰপ্ৰসাৰী প্ৰভাৱক সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় ।
এই দিৱস উপলক্ষে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে ৷ দিৱসটোৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে ১৯৯৮ চনৰ ১১ মে’ত ৰাজস্থানৰ পোখৰাণ(অপাৰেশ্যন শক্তি) ত ভাৰতে সফলতাৰে পাৰমাণৱিক পৰীক্ষা চলোৱা কাৰ্যক স্মৰণ কৰে ৷ বৰ্তমান সময়ত প্ৰযুক্তি স্বাৱলম্বী ভাৰত গঢ়াৰ মূলস্তম্ভত পৰিণত হোৱা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে দাবী কৰে ৷
ভাৰতৰ ইতিহাসৰ বাবে সেই দিনটোৰ সময়খিনি এক ঐতিহাসিক মুহূৰ্ত আছিল ৷ ভাৰতে ১৯৯৮ চনৰ মে’ মাহত ৰাজস্থানৰ ভাৰতীয় সেনাৰ পোখৰাণ টেষ্ট ৰেঞ্জত পাঁচটা পাৰমাণৱিক বিস্ফোৰণৰ ধাৰাবাহিক পোখৰাণ-দ্বিতীয় পৰীক্ষা সম্পন্ন কৰিছিল । ইয়াৰ তদাৰক কৰিছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে । এই পৰীক্ষাত আৰ চিদাম্বৰম আৰু এপিজে আব্দুল কালামকে ধৰি বহু বৈজ্ঞানিকে নেতৃত্ব প্ৰদান কৰিছিল ৷
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ১৯৯৮ চনৰ সেই ঐতিহাসিক মুহূৰ্ত ভাৰতৰ বৈজ্ঞানিক উৎকৰ্ষতা আৰু অটল দায়বদ্ধতাৰ প্ৰতীক । এক্সত প্ৰকাশিত এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়, ‘‘ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ শুভেচ্ছা জনালোঁ । আমাৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাক সোঁৱৰণ কৰি আমি গৌৰৱান্বিত, যিয়ে ১৯৯৮ চনত পোখৰাণত সফল পৰীক্ষা সম্ভৱ কৰি তুলিছিল ।’’
Greetings on National Technology Day. We recall with pride the hard work and dedication of our scientists, which led to the successful tests in Pokhran in 1998. That landmark moment reflected India’s scientific excellence and unwavering commitment.
— Narendra Modi (@narendramodi) May 11, 2026
Technology has become a key…
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে প্ৰযুক্তিয়ে স্বাৱলম্বী ভাৰত গঢ়ি তোলাৰ এক মূলস্তম্ভত পৰিণত হৈছে আৰু ই দেশৰ উদ্ভাৱনৰ অগ্ৰগতি সাধন কৰিছে ৷ লগতে নতুন নতুন সুযোগৰ সৃষ্টি কৰিছে আৰু প্ৰতিটো খণ্ডতে দেশৰ উন্নয়নত অৰিহণা যোগাইছে ।
‘‘আমাৰ নিৰন্তৰ অগ্ৰাধিকাৰ হৈছে প্ৰতিভাক সবলীকৰণ কৰা, গৱেষণাক উৎসাহিত কৰা আৰু এনে সমাধান সৃষ্টি কৰা, যিয়ে দেশৰ প্ৰগতি আৰু দেশবাসীৰ আকাংক্ষা দুয়োটাতে সেৱা আগবঢ়ায় । ১৯৯৮ চনৰ আজিৰ দিনটোতে পোখৰাণত কৰা পাৰমাণৱিক পৰীক্ষাই বিশ্ববাসীক ভাৰতৰ উল্লেখযোগ্য সামৰ্থৰ সৈতে পৰিচয় কৰাই দিছে’’ বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয় ৷
প্ৰধানমন্ত্ৰীয়ে পুনৰ কয়, ‘‘আমাৰ বিজ্ঞানীসকলেই হৈছে দেশৰ গৌৰৱ আৰু আত্মসন্মানৰ প্ৰকৃত স্থপতি । ভাৰতে ১৯৯৮ চনৰ ১১ আৰু ১৩ মে’ত ৰাজস্থানৰ মৰুভূমি অঞ্চলৰ পোখৰাণত উন্নত পাৰমাণৱিক অস্ত্ৰৰ পাঁচটাকৈ পৰীক্ষা সম্পন্ন কৰিছিল । ভাৰতীয় সময় অনুসৰি বিয়লি ৩.৪৫ বজাত প্ৰথম তিনিটা বিস্ফোৰণ একেলগে সংঘটিত হৈছিল ।’’
লগতে পঢ়ক: শাৰীৰিক বাধা নেওচি এভাৰেষ্টত ভাৰতৰ ত্ৰিৰংগা উৰুৱালে দীপেন্দ্ৰই

