ETV Bharat / state

জুবিন গাৰ্গক কোনে হত্যা কৰিছিল ? কাৰ বিৰুদ্ধে কি ধাৰা, কি কি আছে অভিযোগনামাত

মূল অভিযুক্ত শ্যামকানু, শেখৰজ্যোতি, সিদ্ধাৰ্থ আৰু অমৃতপ্ৰভাৰ বিৰুদ্ধে কি কি ধাৰা আৰোপ ? চাৰ্জশ্বীটত অভিযুক্তৰ তালিকাত নাম নাই এজনো ছিংগাপুৰীয়া অসমীয়াৰ ।

Zubeen Garg chargesheet
জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ অভিযোগনামা দাখিলৰ বাবে আদালতত এছ আই টি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 12, 2025 at 6:40 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী : হয়, জুবিন গাৰ্গক হত্যা কৰা হৈছিল ! সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তই ছিংগাপুৰত হত্যা কৰিছিল অসমীয়াৰ হিয়াৰ স্পন্দন জুবিন গাৰ্গক ! এই চাৰিগৰাকীৰ ওপৰত জুবিন হত্যাৰ আৰোপ অসম আৰক্ষীৰ চি আই ডিৰ তদন্তকাৰী গোটৰ । কিন্তু চাৰ্জশ্বীটত অভিযুক্তৰ তালিকাত নাম নাই এজনো ছিংগাপুৰীয়া অসমীয়াৰ ।

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৮৪ দিনৰ পিছত শুকুৰবাৰ, ১২ ডিচেম্বৰত ন্যায়ালয়ত অভিযোগনামা দাখিল কৰে অসম আৰক্ষীৰ চি আই ডিৰ বিশেষ তদন্তকাৰী দলে ।

জুবিন গাৰ্গক কোনে হত্যা কৰিছিল ? কাৰ বিৰুদ্ধে কি ধাৰা, কি কি আছে অভিযোগনামাত (ETV Bharat Assam)

শুকুৰবাৰে পুৱাৰে পৰা গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ সন্মুখত অৱস্থিত কামৰূপ জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ সন্মুখত কটকটীয়া নিৰাপত্তা বেষ্টনী । সাংবাদিকৰো ভিৰ । দুই-এগৰাকী জুবিনপ্ৰেমী আৰু অধিবক্তা সমাজৰ গে'টৰ সন্মুখত অপেক্ষা ৷ কাৰণ অসমীয়াৰ প্ৰাণ স্পন্দন স্বৰূপ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ অভিযোগনামা দাখিল হ’ব ৷

পূৰ্ব ঘোষিত তাৰিখ অনুসৰিয়েই শুকুৰবাৰে দিনৰ ১১.১০ বজাত কামৰূপ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত প্ৰৱেশ কৰে জুবিন মৃত্যুৰ তদন্তকাৰী দলৰ আঠখন গাড়ীৰ এক কনভয় । তাৰে এখন গাড়ীত চাৰিটা ট্ৰাংকত আছিল জুবিন গাৰ্গৰ মৃত্যুৰ ১৮/২০২৫ নম্বৰৰ গোচৰৰ তদন্তৰ ২,৫০০ পৃষ্ঠাজোৰা চাৰ্জশ্বীটৰ লগতে সংলগ্ন নথি-পত্ৰ আদিকে কৰি মুঠ ১২,০০০ পৃষ্ঠাৰ অসম আৰক্ষীৰ অভিযোগনামা— য’ত ভৱিষ্যত লিপিবদ্ধ হৈ আছে জুবিন গাৰ্গ হত্যাৰ গোচৰত অভিযুক্ত হৈ জে’লত থকা ৭ অভিযুক্তৰ ৷

  • এছ আইটিৰ মুৰব্বীৰ সংবাদমেলযোগে সদৰী আৰোপিত ধাৰা

ইফালে অভিযোগনামা দাখিলৰ পিছত এছ আই টিৰ মুৰব্বী এডিজিপি মুন্নাপ্ৰসাদ গুপ্তাই সংবাদ মাধ্যমক জনায় যে সাতগৰাকী অভিযুক্তৰ ভিতৰত ৪ গৰাকীৰ বিৰুদ্ধে হত্যাৰ ধাৰা আৰোপ কৰা হৈছে ।

ETV Bharat Assam
আদালতৰ বাহিৰত জুবিন অনুৰাগীৰ গাড়ী (ETV Bharat Assam)

মুন্নাপ্ৰসাদ গুপ্তাই জনায়, "১৮/২০২৫ গোচৰত আজি এছ আই টিয়ে মাননীয় আদালতত চাৰ্জশ্বীট দাখিল কৰে । ইয়াত মুখ্য অভিয়ুক্ত চাৰিগৰাকী হৈছে সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, শ্যামকানু মহন্ত আৰু অমৃতপ্ৰভা মহন্ত ।"

  • কাৰ বিৰুদ্ধে কি ধাৰা, কি অভিযোগ

সিদ্ধাৰ্থ শৰ্মা

এছ আই টিৰ অভিযোগনামাত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হত্যা, অপৰাধৰ ষড়যন্ত্ৰ, বিত্তীয় লেনদেনৰ বিশ্বাসঘাতকতা, অপৰাধত জ্ঞাতসাৰে সহযোগিতাৰ অভিযোগ অনা হৈছে ।

জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থৰ ওপৰত আৰোপিত ধাৰাসমূহ :

  1. বি এন এছ ধাৰা ৩ : উপধাৰা ৬, ৭ আৰু ৮
  2. বি এন এছ ধাৰা ৬১ : উপধাৰা ২
  3. বি এন এছ ধাৰা ১০৩ : উপধাৰা ১
  4. বি এন এছ ধাৰা ৩১৬ : উপধাৰা ৫

এই ধাৰাসমূহৰ অধীনত আৰোপ কৰা অভিযোগসমূহ হৈছে

  • বি এন এছ ধাৰা ৩ (৬, ৭ আৰু ৮) : অপৰাধত জ্ঞাতসাৰে সহযোগিতা
  • বি এন এছ ধাৰা ৬১ (২) : অপৰাধৰ ষড়যন্ত্ৰ
  • বি এন এছ ধাৰা ১০৩ (১) : হত্যা
  • বি এন এছ ধাৰা ৩১৬ (৫) : বিত্তীয় লেনদেনৰ বিশ্বাসঘাতকতাৰ ধাৰা আৰোপ কৰা হৈছে ।

শ্যামকানু মহন্ত

শ্যামকানু মহন্তৰ বিৰুদ্ধে হত্যা, অপৰাধৰ ষড়যন্ত্ৰ, অপৰাধত জ্ঞাতসাৰে সহযোগিতা, ধনদাবী, প্ৰৱঞ্চনা আৰু অপৰাধৰ সাক্ষ্য-প্ৰমাণ নষ্ট কৰাৰ অভিযোগ আৰোপ ।

ETV Bharat Assam
আদালতৰ বাহিৰত ব্যাপক নিৰাপত্তা ব্যৱস্থা (ETV Bharat Assam)

শ্যামকানু মহন্তৰ বিৰুদ্ধে আৰোপিত ধাৰাসমূহ হৈছে

  1. বি এন এছ ধাৰা ৩ : উপধাৰা ৬, ৭, ৮
  2. বি এন এছ ৬১ : উপধাৰা ২
  3. বি এন এছ ১০৩ : উপধাৰা ১
  4. বি এন এছ ৩০৮ : উপধাৰা ২
  5. বি এন এছ ৩১৮ : উপধাৰা ৪
  6. বি এন এছ ২৩৮

এই ধাৰাসমূহৰ অধীনত আৰোপ কৰা অভিযোগসমূহ হৈছে

  • বি এন এছ ধাৰা ৩ (৬, ৭, ৮) : অপৰাধত জ্ঞাতসাৰে সহযোগিতা
  • বি এন এছ ৬১ (২) : অপৰাধৰ ষড়যন্ত্ৰ
  • বি এন এছ ১০৩ (১) : হত্যা
  • বি এন এছ ৩০৮ (২) : ধনদাবী
  • বি এন এছ ৩১৮ (৪) : প্ৰৱঞ্চনা
  • বি এন এছ ২৩৮ : তথ্য-প্ৰমাণ হানি ঘটোৱাৰ ধাৰা আৰোপ কৰা হৈছে ৷

শেখৰজ্যোতি গোস্বামী

শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে হত্যা, অপৰাধৰ ষড়যন্ত্ৰ, অপৰাধত জ্ঞাতসাৰে সহযোগিতা আৰু বিশ্বসঘাতকতাৰ অভিযোগ আৰোপ কৰা হৈছে ।

ETV Bharat Assam
আদালতৰ বাহিৰত সাংবাদিকৰ ভিৰ (ETV Bharat Assam)

শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে আৰোপিত ধাৰাসমূহ

  1. বি এন এছ ৩ : উপধাৰা ৬, ৭ আৰু ৮
  2. বি এন এছ ৬১ : উপধাৰা ২
  3. বি এন এছ ১০৩ : উপধাৰা ১
  4. বি এন এছ ৩১৬ : উপধাৰা ৫

এই ধাৰাসমূহৰ অধীনত আৰোপ কৰা অভিযোগসমূহ হৈছে

  • বি এন এছ ৩ (৬, ৭ আৰু ৮) : অপৰাধত জ্ঞাতসাৰে সহযোগিতা
  • বি এন এছ ৬১ (২) : অপৰাধৰ ষড়যন্ত্ৰ
  • বি এন এছ ১০৩ (১) : হত্যা
  • বি এন এছ ৩১৬ (৫) : বিত্তীয় লেনদেনৰ খেলিমেলি আৰু বিশ্বাসঘাতকতাৰ ধাৰা আৰোপ কৰা হৈছে ।

অমৃতপ্ৰভা মহন্ত

অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে হত্যা, অপৰাধৰ ষড়যন্ত্ৰ, অপৰাধত জ্ঞাতসাৰে সহযোগিতা আৰু সাক্ষ্য-প্ৰমাণ নষ্ট কৰাৰ অপৰাধৰ অভিযোগ আৰোপ কৰা হৈছে ।

অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে আৰোপিত ধাৰাসমূহ হৈছে

  1. বি এন এছ ৩ : উপধাৰা ৬, ৭ আৰু ৮
  2. বি এন এছ ৬১ : উপধাৰা ২
  3. বি এন এছ ১০৩ : উপধাৰা ১
  4. বি এন এছ ২৩৮

এই ধাৰাসমূহৰ অধীনত আৰোপ কৰা অভিযোগসমূহ হৈছে

  • বি এন এছ ৩ (৬, ৭ আৰু ৮) : অপৰাধত জ্ঞাতসাৰে সহযোগিতা
  • বি এন এছ ৬১ (২) : অপৰাধৰ ষড়যন্ত্ৰ
  • বি এন এছ ১০৩ (১) : হত্যা
  • বি এন এছ ২৩৮ : তথ্য-প্ৰমাণ হানি ঘটোৱাৰ ধাৰা আৰোপ কৰা হৈছে ৷

সন্দীপন গাৰ্গ

আনহাতে, জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰৰ য়টত উপস্থিত থকা জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে হত্যাৰ ধাৰা নাথাকিলেও আৰোপ কৰা হৈছে গুৰুতৰ ধাৰা ।

সন্দীপন গাৰ্গৰ বিৰুদ্ধে বি এন এছ ১০৫ ধাৰা আৰোপ কৰা হৈছে ৷

নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য

ইফালে জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে বি এন এছ ৬১ (২) ধাৰা (অপৰাধৰ ষড়যন্ত্ৰ) আৰু বি এন এছ ৩১৬ (৫) ধাৰা (বিত্তীয় লেনদেনৰ খেলিমেলি, বিশ্বাসঘাতকতাৰ অপৰাধ) আৰোপ কৰা হৈছে ।

নিশ্চিতভাৱে এছ আই টিৰ চাৰ্জশ্বীটত আছে কেতবোৰ বিস্ফোৰক তথ্য । অৱশ্যে চাৰ্জশ্বীটৰ প্ৰত্যায়িত কপী হাতত নপৰালৈকে সবিশেষ ৰাজহুৱা নহ’ব ৷

মূল চাৰ্জশ্বীটখনত ২,৫০০ পৃষ্ঠা আছে । তাৰ লগত অতিৰিক্ত তথ্য সংলগ্ন কৰা হৈছে ৷ ডিজিটেল প্ৰমাণ, বিভিন্ন ধৰণৰ তথ্য আদি যোগ কৰি যদি চাওঁ তেন্তে অভিযোগনামাখন মুঠ ১২,০০০তকৈ অধিক পৃষ্ঠাৰ হ’ব ৷

উল্লেখ্য যে চাৰ্জশ্বীটত অভিযুক্তৰ তালিকাত ছিংগাপুৰৰ সাগৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত থকা ছিংগাপুৰৰ ১১ গৰাকী বাসিন্দাৰ এগৰাকীৰো নাম নাই ।

এতিয়া কথাটো হৈছে, শুকুৰবাৰে আদালতত চাৰ্জশ্বীট দাখিল হোৱাৰ পিছৰ প্ৰক্ৰিয়া কি হ’ব ?

এই সন্দৰ্ভত উকীল সন্থাৰ সভাপতি তথা অভিজ্ঞ অধিবক্তা অপুৰ্ব শৰ্মাই কয়, "চি জে এম (CJM) আদালতত দাখিল হোৱা জুবিন মৃত্যুৰ গোচৰ চলিব সত্ৰ ন্যায়াধীশৰ আদালতত ৷ চি জে এমত সম্পূৰ্ণ চার্জশ্বীট ন্যায়াধীশে অধ্যয়ন কৰি অচিৰেই সত্ৰ ন্যায়াধীশ আদালতলৈ প্ৰেৰণ কৰিব ৷ সাধাৰণ জনতাৰ দৰেই অধিবক্তা সমাজৰো আশা ফাষ্টট্ৰেক আদালততে গোচৰটো চলিলে ন্যায় প্ৰক্ৰিয়া সহজ হ’ব ৷”

আনহাতে, চার্জশ্বীটত যিমানবোৰ সাক্ষীক অন্তৰ্ভুক্ত কৰিছে সকলোৱে পুনৰ আদালতত সাক্ষী দিব লাগিব ৷

লগতে পঢ়ক :হিয়াৰ আমঠুক হত্যা কৰা হৈছিল ? এই প্ৰশ্নৰ উত্তৰ লৈ আহিছে ১২ ডিচেম্বৰ
লগতে পঢ়ক :জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু : ১২ ডিচেম্বৰত আদালতত দাখিল হ'ব অভিযোগনামা