ETV Bharat / state

ইতিহাস সৃষ্টি কৰিব ৰৈ ৰৈ বিনালে ছবিয়ে, ৩১ অক্টোবৰত অসমীয়াই কান্দিব !

ইতিহাস গঢ়িব জুবিন গাৰ্গ ড্ৰীম প্ৰজেক্ট ''ৰৈ ৰৈ বিনালে'' ছবিয়ে ৷ এই সন্দৰ্ভত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় শিক্ষাৰ্থীয়ে কি ক’লে ?

Zubeen Gargs's dream project roi roi binale
ইতিহাস গঢ়িব জুবিন গাৰ্গ সপোনৰ ড্ৰীম প্ৰজেক্ট ''ৰৈ ৰৈ বিনালে'' ছবিয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 28, 2025 at 4:57 PM IST

|

Updated : October 28, 2025 at 6:54 PM IST

4 Min Read
Choose ETV Bharat

যোৰহাট : জুবিন গাৰ্গৰ অ-বৰ্তমানত সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন ছবিগৃহত ৩১ অক্টোবৰত মুক্তি পাব তেওঁ সপোনৰ ছবি ''ৰৈ ৰৈ বিনালে’’ । ছবিখনৰ মুক্তিৰ পূৰ্বেই টিকট মুকলি কৰি দিয়া হৈছিল ৷ সকলোকে আচৰিত কৰি হিয়া আমঠুগৰাকী প্ৰিয় ছবিখন চাবলৈ দৰ্শকে হেতাওপৰা লগোৱা দেখা গৈছে ৷

ৰাজ্য প্ৰায় সংখ্যক ছবিগৃহতে এসপ্তাহ লৈ টিকট বুকিং শেষ হৈ গৈছে ৷ আনকি বন্ধ হৈ থকা চিনেমা গৃহও খুলি দিলে ৰৈ ৰৈ বিনালে ছবিখনে । আনহাতে জুবিন গাৰ্গ গৃহ চহৰ যোৰহাটৰ ইলি, আইনস্ক ছবিগৃহত এসপ্তাহলৈকে টিকট বুকিং শেষ হৈছে ৷

ৰৈ ৰৈ বিনালে-লৈ আশাবাদী জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় শিক্ষাৰ্থী (ETV Bharat Assam)

ইয়াৰ তাৰ লগতে বন্ধ হ’বলৈ উপক্ৰম হোৱা যোৰহাটৰ পুৰণি চিনেমা হল ‘স্মৃতিগোপাল’ক পুনৰ প্ৰাণ দিলে ৰৈ ৰৈ বিনালে । ঠিক তেনেদৰে জুবিন গাৰ্গে অধ্যয়ন কৰা জগন্নাথ বৰুৱা মহাবিদ্যালয়(বৰ্তমান বিশ্ববিদ্যালয়)খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰৈ ৰৈ বিনালে ছবিখনৰ বাবে ব্যাপক উৎসুকতা দেখিবলৈ পোৱা গৈছে ৷ সকলোৰে একেমুখে কেৱল কৈ গৈছে ''ইতিহাস সৃষ্টি কৰিব ৰৈ ৰৈ বিনালে ছবিয়ে’’ ।

Zubeen Gargs's dream project roi roi binale
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

এই সন্দৰ্ভত মহাবিদ্যালয়(বৰ্তমান বিশ্ববিদ্যালয়)খনৰ লাকী দত্ত নামৰ শিক্ষাৰ্থীগৰাকীয়ে কয়, ‘‘জুবিন দাই পঢ়া কলেজখনত(বৰ্তমান বিশ্ববিদ্যালয়) পঢ়িবলৈ পাই মই নিজকে গৌৰৱ অনুভৱ কৰিছো । জুবিন দাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে -ইতিহাস গঢ়ক, যাতে আমি মৃত্যু পৰ্যন্ত কৈ থাকিব পাৰো যে আমি জুবিন দাৰ শেষৰখন চিনেমা চালো বুলি ।’’

তেওঁ আৰু কয়, ‘‘31 অক্টোবৰত সমগ্ৰ অসমবাসীয়ে কান্দিব । আমি জুবিন দাক গীতৰ মাজেৰে, কৰ্ম মাজেৰে, শব্দ মাজেৰে জীয়াই ৰাখিব লাগিব । সকলোৱে ৰৈ ৰৈ বিনালে চাওঁক আৰু জুবিন দাক জীয়াই ৰাখক ৷’’

লগতে পঢ়ক : জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্পক লৈ ব্যৱসায় ! আকস্মিকভাৱে বৃদ্ধি ৰৈ ৰৈ বিনালেৰ টিকটৰ মূল্য

লগতে পঢ়ক : দ্বাদশ শ্ৰেণীৰ এজন ছাত্ৰই জুবিন গাৰ্গৰ কৰ্মৰাজি সামৰি লিখিব ইংৰাজী গ্ৰন্থ

লাকী দত্তই পুনৰ কয়, ‘‘জুবিন দাৰ ন্যায়ৰ বাবে #JusticeForZubeenGarg বুলি লিখাটোৱে আচলতে আমাৰ বাবে দুভাগ্যজনক ৷ যদি ক’বলৈ যাওঁ যিজন মানুহে অসমবাসী কাৰণে কাম কৰিছিল, যিজন অসমৰ গুৰি ধৰোতা আছিল, তেওঁ অসমখনক বচাই ৰাখিছিল, সেইজন মানুহৰ বাবে ন্যায় বিচৰিব লগা হৈছে ৷ জুবিন দাই ন্যায় পাবই আৰু ন্যায় দিবই লাগিব ।’’

Zubeen Gargs's dream project roi roi binale
জুবিন গাৰ্গৰ অ-বৰ্তমান সমগ্ৰ ৰাজ্যই কান্দিছে (ETV Bharat Assam)

আনহাতে আন এগৰাকী নৱপ্ৰজন্ম শিক্ষাৰ্থী শুভাশীষ বৰাই কয়, ‘‘জুবিন দা প্ৰত্যক ব্যক্তিৰে হিয়া আমঠু, যিজন অসমীয়াৰ হৃদয়ত আছে । জুবিন দা এনেকুৱা এটা সত্বা, যি সকলোৰে বুকু মাজত আছে । জুবিন দাই এইখন মহাবিদ্যালয় পৰাই ওলাই গৈছিল আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়(বৰ্তমান বিশ্ববিদ্যালয়ৰ) ছাত্র হিচাপে আজি আমি গৌৰৱ কৰো ৷ এইখন মহাবিদ্যালয় ছাত্র হিচাপে সমগ্ৰ অসমবাসীক অনুৰোধ জনাইছো, প্ৰত্যেকজন অসমীয়া ওলাই আহক আৰু ৰৈ ৰৈ বিনালে চাওঁক ৷ উত্তেজিতভাৱে নহয়, শান্তি শৃংখলা বজাই ৰাখি উপভোগ কৰক আৰু সকলোৰে জুবিন দাৰ ন্যায় বাবে ওলাই আহক । জুবিন দাই ন্যায় পাবই লাগিব ।’’

Zubeen Gargs's dream project roi roi binale
প্ৰকৃতি ভালপোৱা জুবিন গাৰ্গ (ETV Bharat Assam)

লগতে তেওঁ কয়, ‘‘আমি সকলোৱে ৰৈ ৰৈ বিনালে চাম ৷ প্ৰথম দিনা মই টিকট পোৱা নাছিলো, তৃতীয় দিনাহে টিকট পাইছো । জুবিন দাক জীয়াই ৰাখিব বাবে আমাৰ ছাত্র সমাজে কাম কৰিম আৰু কৰি যাম ।’’

আন এগৰাকী ছাত্র বিদ্যুৎ দাসে কয়, ‘‘ভগৱান স্বৰূপ শিল্পীগৰাকী আমাৰ মাজৰ পৰা কায়িকভাৱে নাই যদিও আমাৰ অন্তৰত তেওঁক জীয়াই ৰাখিম ৷ আমি সকলোৱে ৰৈ ৰৈ বিনালে চাম । সকলোৱে ৰৈ ৰৈ বিনালে চাবলৈ আহক ৷ পুনৰ এবাৰ বিশ্বত জুবিন দাক চিনাকী কৰাই দিয়ক ।’’

লগতে পঢ়ক : ৰৈ ৰৈ বিনালে চাবলৈ টিকট বিচাৰি দৰ্শকৰ হাহাকাৰ, নগাঁৱৰ একমাত্ৰ চিনেমা হলটোৱে কিদৰে পূৰাব দৰ্শকৰ আশা ?

লগতে পঢ়ক : আমি শ্ব’ বঢ়াইছো, দাম বঢ়োৱা নাই : সদৌ অসম ছবিগৃহৰ কৰ্তৃপক্ষ সন্থা

Last Updated : October 28, 2025 at 6:54 PM IST