ETV Bharat / state

সমাধি, স্মৃতি নহয়; জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ নাম 'জুবিন ক্ষেত্ৰ' হওক : দাবী পত্নী গৰিমাৰ

প্ৰাকৃতিক পৰিৱেশত, অত্যাধুনিক প্ৰযুক্তিৰে, নৱপ্ৰজন্মই বিচাৰি পোৱাকৈ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ নিৰ্মাণৰ পোষকতা গৰিমা গাৰ্গৰ ।

Zubeen Garg samadhi kshetra
জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ নাম 'জুবিন ক্ষেত্ৰ' হওক: দাবী পত্নী গৰিমাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 20, 2025 at 9:07 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধিক্ষেত্ৰৰ নাম 'জুবিন ক্ষেত্ৰ' হওক । এই দাবী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ ।

শংকৰদেৱ কলাক্ষেত্ৰৰ সভাকক্ষত সোমবাৰে অনুষ্ঠিত জুবিন গাৰ্গ সমাধিক্ষেত্ৰ নিৰ্মাণ সমিতিৰ প্ৰথমখন বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত গৰিমা গাৰ্গে কয়, "সমাধি, স্মৃতি আদি শব্দবোৰ জড়িত হৈ নাথাকক । আমাৰ প্ৰতিটো পদক্ষেপ জুবিনক আমাৰ মাজত জীয়াই ৰখাৰ প্ৰচেষ্টা । সেয়েহে তাৰ নামটো জুবিন ক্ষেত্ৰ হওক ।"

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ নাম 'জুবিন ক্ষেত্ৰ' হওক: দাবী পত্নী গৰিমাৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "যিখন সমিতি গঠন কৰা হৈছিল সেই সমিতিখনৰ আজি প্ৰথম বৈঠক আছিল । প্ৰথমবাৰৰ বাবে আলোচনা কৰা হয় । কিমান মাটিত থাকিব সেইখিনি লোক নিৰ্মাণ বিভাগে নিৰ্ধাৰণ কৰিব । কিয়নো ৰাষ্ট্ৰীয় ঘাইপথটো ছয়লেনযুক্ত হোৱাৰ সম্ভাৱনা আছে ।"

জুবিন গাৰ্গে প্ৰকৃতিক ভালপোৱাৰ কথা উল্লেখ কৰি গৰিমা গাৰ্গে কয়, "জুবিনে যিহেতু প্ৰকৃতি ভাল পাইছিল সেয়েহে সেই স্থান কৌশলগতভাৱে প্ৰকৃতিৰ লগত সংপৃক্ত হৈ থাকিব । যিহেতু দুই-তিনি বছৰৰ কথা নহয়, নতুন প্ৰজন্মই যাতে তাত সোমালে জুবিনক বিচাৰি পায়, নিজৰ আবেগক বিচাৰি পায় । সেই গোটেইখিনি থাকিব লাগিব তাত । আজি আৰম্ভণি হৈছে ।"

সোমবাৰে অনুষ্ঠিত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ নিৰ্মাণৰ পৰিকল্পনাৰ বাবে গঠন কৰি দিয়া প্ৰথমখন বৈঠকত উপস্থিত থাকে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰকে ধৰি সমিতিখনৰ কেইবাগৰাকীও সদস্য ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ সমাধি স্থায়ীভাৱে নিৰ্মাণৰ বাবে ইতিমধ্যে এখন পৰিকল্পনা সমিতি গঠন কৰি দিছে । এই পৰিকল্পনা সমিতিত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ, আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত, বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহ, কণ্ঠশিল্পী পুলক বেনাৰ্জী, তৰালি শৰ্মা, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, সুদৰ্শন ঠাকুৰ, শ্যামন্তক গৌতম তথা অভিনেতা প্ৰাঞ্জল শইকীয়া আছে ।

লগতে পঢ়ক :দানবীৰ জুবিন; এজন ছাত্ৰৰ কিডনী সংৰোপণৰ বাবে প্ৰদান কৰিছিল ৫.৫০ লাখ, চকুলো টুকি স্মৰণ মাতৃৰ
লগতে পঢ়ক :পুনৰ চাব বিচাৰে নেকি জুবিন গাৰ্গৰ কফিনত বন্দী নশ্বৰদেহ ? নলবাৰীৰ এগৰাকী শিল্পীৰ অনন্য প্ৰয়াস