জুবিন গাৰ্গৰ জন্মদিনত ন্যায় বিচাৰি আছুৰ মানৱ শৃংখল
জন্মদিনটোত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি ৰাজ্যজুৰি আছুৰ মানৱ শৃঙ্খল ।

Published : November 18, 2025 at 8:51 PM IST
গুৱাহাটী : উভতি নহাৰ বাটেৰে গুচি গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ । শিল্পীগৰাকীৰ অবৰ্তমানত শোকস্তব্ধ আত্মীয়-স্বজন, অনুৰাগী । তাৰ মাজতে মঙলবাৰে জুবিনবিহীন প্ৰথমটো ওপজা দিনত অশ্ৰুসিক্ত সোঁৱৰণ অনুৰাগীৰ ।
জুবিন গাৰ্গৰ অবৰ্তমানতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুৰাগীয়ে বিভিন্ন কাৰ্যসূচীৰে স্মৰণ কৰিছে শিল্পী সত্তাটোক । এই জন্মদিনটোতে গুৱাহাটীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মানৱ শৃংখল । সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত উজানবজাৰ শ্বহীদ ন্যাসৰ পৰা লতাশিললৈ মানৱ শৃংখল গঢ়ি তোলা হয় ।
জুবিন গাৰ্গক ন্যায় দিব লাগিবই, জুবিন গাৰ্গক ন্যায় দিয়ক, ৰাইজ আজি জাগিছে জাগিবই আদি শ্লোগান দি আছুৰ নেতা-কৰ্মীসকলে এই মানৱ শৃংখল গঢ়ি তোলে ।
মানৱ শৃংখলত অংশগ্ৰহণ কৰি আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "অসমৰ ৰাইজে প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন পালন কৰিছে । কিন্তু এই জন্মদিন আনন্দৰ নে বিষাদৰ নে প্ৰতিবাদৰ মানুহে ধৰিব পৰা নাই । জন্মদিনটোতো প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি আছুৱে সমগ্ৰ জিলা সদৰত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰি ন্যায় বিচাৰিছোঁ ।"

তেওঁ লগতে কয়, "যিকোনো শোষণ, যিকোনো ধৰণৰ অন্যায়-বঞ্চনাৰ বিৰুদ্ধে হোৱা সংগ্ৰামৰ সন্মুখৰ সেনাপতি আছিল জুবিন গাৰ্গ । তেওঁৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ বাবে জাতিটোৱে আন্দোলন কৰিবলগীয়া হৈছে তাতকৈ দুখৰ কথা একো নাই ।"
আনহাতে, আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, "আজি জুবিন গাৰ্গৰ জন্মদিন । সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি তিনিদিনীয়াকৈ জন্মদিনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ । জন্মদিনো পালন কৰিছোঁ আৰু একে সময়তে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবী কৰিছোঁ, আমাৰ সংগ্ৰাম অব্যাহত ৰাখিছোঁ । দুটা কাম একেলগে চলি যাব । জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাই । জুবিন গাৰ্গৰ চিন্তা, সৃষ্টি, কণ্ঠ, মানৱীয় চিন্তা আৰু জুবিন গাৰ্গে অসমক মনে-প্ৰাণে ভালপোৱা আৰু সন্মুখৰ পৰা নেতৃত্ব লোৱাৰ যি পদক্ষেপ, এই সকলোবোৰ কথা অসমৰ প্ৰত্যেকজন মানুহৰ হৃদয়ত জীপাল হৈ থাকিব ।"

তেওঁ লগতে কয়, "জুবিন গাৰ্গ অমৰ হৈ থাকিব । জুবিন গাৰ্গবিহীন জন্মদিনত এটা কথায়ে উপলব্ধি কৰিছোঁ জুবিন গাৰ্গ অসমৰ আত্মা হৈ ৰ'ব । জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগিব এই কথা স্পষ্ট । জুবিন গাৰ্গৰ সৃষ্টি-চিন্তা আগুৱাই নিব লাগিব । জুবিন গাৰ্গক ন্যায় প্ৰদান নকৰালৈ আমি ক্ষান্ত নহওঁ । দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগিব । তদন্ত কটকটীয়া হ'ব লাগিব, পানী নসৰকা হ'ব লাগিব । এছ আই টিয়ে সাক্ষ্য-প্ৰমাণসহ এখন কঠোৰ শক্তিশালী অভিযোগনামা আদালতত জমা দিব লাগিব যাতে এজনো দোষী আইনৰ সুৰুঙাৰে বাছি যাব নোৱাৰে, এইটো স্পষ্ট কথা ।"

