যুগনায়ক জুবিনৰ জন্মদিনত তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বিশেষ অনুমোদন; BNSS 208 আৰোপত সন্মতি
গৃহ মন্ত্ৰী অমিত শ্বাহৰ সন্মতিত BNSS 208 প্ৰযোজ্য কৰাৰ অনুমতি গৃহ বিভাগৰ । 'জুবিন হত্যা গোচৰ’ত বিদেশত সংঘটিত অপৰাধৰ বিৰুদ্ধে গোচৰৰ পথ মুকলি ৷

Published : November 18, 2025 at 4:58 PM IST
গুৱাহাটী : শৈল্পিক যুগনায়ক 'জুবিন গাৰ্গ হত্যা গোচৰ’ৰ তদন্তৰ এক নতুন অগ্ৰগতি ৷ জুবিন হত্যাৰ অভিযুক্তৰ ওপৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২০৮ ধাৰা প্ৰযোজ্য কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অনুমোদন । এই ধাৰাৰ জৰিয়তে বিদেশত সংঘটিত অপৰাধৰ অপৰাধীৰ ওপৰত গোচৰ ৰুজু কৰাত সহায়ক হয় ।
আনহাতে, ১০ ডিচেম্বৰত এছ আই টিয়ে দাখিল কৰিব জুবিন হত্যা গোচৰৰ অভিযোগনামা । লণ্ডন ভ্ৰমণৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰী কৰে এই তথ্য ।
মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰে, “আজি আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন । এই দিনটোৱে আমাক তেওঁৰ সংগীত, তেওঁৰ স্বৰলিপি আৰু অসমৰ হৃদয়ত তেওঁৰ অপৰিহাৰ্য স্থানৰ কথা স্মৰণ কৰাই দিয়ে । এই বিশেষ দিনটোতই, সন্মানিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ (BNSS) ধাৰা ২০৮ৰ অধীনত প্ৰয়োজনীয় প্ৰয়োগৰ বাবে সন্মতি প্ৰদান কৰিছে, যাতে ছিংগাপুৰত জুবিনৰ মৃত্যুৰ সৈতে জড়িত অভিযুক্তসকলৰ বিৰুদ্ধে তদন্ত আগবঢ়াব পৰা যায় ।”
Today marks the 53rd birthday of our beloved Zubeen Garg — a day that reminds us of his music, his voice, and his irreplaceable place in Assam’s heart.
— Himanta Biswa Sarma (@himantabiswa) November 18, 2025
On this very day, the Hon’ble Union Home Minister Sri @AmitShah Ji has granted the required sanction under Section 208 of the…
BNSS 208 প্ৰযোজ্য হ’লে কি লাভ হ’ব জুবিন হত্যা গোচৰৰ তদন্তত ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে এইদৰে সদৰী কৰিছে, “সৰল ভাষাত ক’বলৈ হ'লে— ভাৰতৰ বাহিৰত কোনো অপৰাধ কাৰ্য সংঘতিত হ'লে BNSSৰ ধাৰা ২০৮ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে পূৰ্বানুমতি দিলেহে আন ন্যায়ালয়ত গোচৰ গ্ৰহণ কৰিব পৰা যায় ।”
লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয়, “গৃহ বিভাগৰ এই সন্মতিয়ে বৰ্তমানৰ আইনী পদক্ষেপত চাৰ্জশ্বীট ফাইল কৰি গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৃঢ়ভাৱে আৰু আইনগতভাৱে আগবঢ়িবলৈ সহায় কৰিব ।”
১৮ নৱেম্বৰ, মঙলবাৰে জুবিন গাৰ্গৰ ৬৩ সংখ্যক জন্মদিন ৰাজ্যজুৰি পালন কৰি অসমবাসীয়ে তেওঁক স্মৰণ কৰাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ১০ ডিচেম্বৰত অসম আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিব ।
মুখ্যমন্ত্ৰীৰ মন্তব্য, “আমি সম্পূৰ্ণৰূপে সংকল্পবদ্ধ যে অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে চাৰ্জশ্বীট ২০২৫ৰ ডিচেম্বৰ ১০ৰ ভিতৰত ফাইল কৰিম ।” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লণ্ডনৰ পৰা এই বিষয়ে সামাজিক মাধ্যম X-ত (পূৰ্বৰ টুইটাৰ) পোষ্ট কৰিছে ।
উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসমজুৰি তোলপাৰ লগাৰ পিছত অসম চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দি তদন্ত অব্যাহত ৰাখিছে ৷ এই তদন্ত অব্যাহত ৰাখিছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত এক বিশেষ তদন্তকাৰী দলে (SIT) ৷
লগতে অসম চৰকাৰৰ অনুৰোধমৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধীনত এখন ন্যায়িক সমিতিয়েও জুবিনৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । তদন্ত প্ৰক্ৰিয়াৰ মাজতে বি এন এছ এছ ২০৮ আৰোপ কৰাৰ ক্ষেত্ৰত গৃহ মন্ত্ৰণালয়ৰ সন্মতিয়ে গোচৰৰ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত কৰি ন্যায় প্ৰদানৰ ক্ষেত্ৰত পথ মুক্ত কৰিছে ।

