ETV Bharat / state

জুবিন গাৰ্গৰ হত্যা গোচৰ: ২২ ডিচেম্বৰত পৰৱৰ্তী শুনানি; শুনানিত উচুপিলে অমৃতপ্ৰভাই

২২ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধার্য । আদালতত ভাৰ্চুৱেলী হাজিৰ ৭ অভিযুক্ত ।

Zubeen Garg murder case hearing
জুবিন গাৰ্গৰ হত্যা গোচৰ: ২২ ডিচেম্বৰত পৰৱৰ্তী শুনানি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 16, 2025 at 7:18 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : মঙলবাৰে অনুষ্ঠিত হয় জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথম শুনানি । কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এই শুনানি অনুষ্ঠিত হয় । মঙলবাৰৰ শুনানিত পৰিয়াল তথা অভিযুক্তসকলক অভিযোগনামাৰ প্ৰতিলিপি প্ৰদান কৰা হয় । আনহাতে, ২২ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰা হৈছে ।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত সাত অভিযুক্তক মঙলবাৰে কাৰাগাৰৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় । তাৰ পিছত আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন অহা ২২ ডিচেম্বৰত ধাৰ্য কৰে ।

জুবিন গাৰ্গৰ হত্যা গোচৰ: ২২ ডিচেম্বৰত পৰৱৰ্তী শুনানি (ETV Bharat Assam)

জুবিন হত্যা গোচৰৰ অভিযোগনামা দাখিলৰ পিছত মঙলবাৰে অনুষ্ঠিত প্ৰথমটো শুনানিত অভিযুক্ত শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, আৰক্ষী বিষয়া সন্দীপন গাৰ্গ আৰু দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক বাক্সাৰ নিকাছিৰ কাৰাগাৰৰ পৰা আৰু কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত‌‌‌ আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক হাফলং উপ-কাৰাগাৰৰ পৰা হাজিৰ কৰোৱা হয় । ইপিনে, আদালতৰ নিৰ্দেশ অনুসৰি অপৰাধ অনুসন্ধান বিভাগৰ এটা দলে সাত অভিযুক্তকে কাৰাগাৰ কৰ্তৃপক্ষৰ জৰিয়তে অভিযোগনামাৰ প্ৰতিলিপি প্ৰদান কৰিছে । একেদৰে অভিযুক্তসকলৰ পৰিয়ালকো পেন ড্ৰাইভৰ জৰিয়তে অভিযোগনামাসহ অনান্য সংলগ্ন নথি-পত্ৰ প্ৰদান কৰা হৈছে ।

গোচৰৰ শুনানিৰ পিছতে অসম চৰকাৰৰ লোক অধিবক্তা প্ৰদীপ কোঁৱৰে সংবাদ মাধ্যমৰ আগত কয়, "গোচৰৰ বিচাৰ প্ৰক্ৰিয়া প্ৰকৃততে আজিৰে পৰা আৰম্ভ হৈছে । পুনৰ ২২ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া শুনানিত অভিযুক্তসকলক আদালতত হাজিৰ কৰাব লাগিব । সেইদিনাই কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে ছেছন আদালতলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে । আজি গোচৰটোৰ সময়ত চি জে এম (CJM) আদালতত উপস্থিত আছিল অভিযুক্তৰ পৰিয়াল । অভিযুক্তক অভিযোগনামাৰ প্ৰতিলিপি পেন ড্ৰাইভত দিয়া হৈছে ।"

উল্লেখ্য যে গোচৰত হত্যা সম্পৰ্কীয় ধাৰা সন্নিৱিষ্ট হৈ থকাৰ পৰিপ্ৰেক্ষিতত নিয়ম অনুসৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সম্পূৰ্ণ বিচাৰ প্ৰক্ৰিয়া কামৰূপ মহানগৰ জিলাৰ জিলা আৰু ছেছন আদালতত চলিব । ইপিনে মঙলবাৰে অনুষ্ঠিত শুনানিত অভিযুক্তসকলৰ হৈ জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধিবক্তা ধ্ৰুৱজ্যোতি দাসে প্ৰতিনিধিত্ব কৰে ।

উল্লেখ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত ক্ষুব্ধ অধিবক্তা সমাজে অভিযুক্তসকলৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ইয়াৰে পৰিপ্ৰেক্ষিতত আদালতে নিয়ম অনুসৰি অভিযুক্তসকলৰ হৈ ওকালতি কৰাৰ বাবে জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধিবক্তা নিয়োগৰ নিৰ্দেশ দিয়ে । সেই অনুসৰি মঙলবাৰে অধিবক্তা ধ্ৰুৱজ্যোতি দাসে অভিযুক্তসকলৰ হৈ প্ৰতিনিধিত্ব কৰে ।

জুবিন গাৰ্গৰ হত্যা গোচৰ:শুনানিত উচুপিলে অমৃতপ্ৰভাই (ETV Bharat Assam)

শুনানিৰ সময়ত কান্দিলে অমৃতপ্ৰভা মহন্তই

"শুনানিৰ সময়ত কান্দিছে অমৃতপ্ৰভা মহন্তই । মানসিকভাৱে দুৰ্বল হৈছে আটাইকেইগৰাকী ।" প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ প্ৰথম শুনানিৰ পিছতে এই মন্তব্য কৰিছে অসম চৰকাৰৰ লোক অধিবক্তা প্ৰদীপ কোঁৱৰে ।

তেওঁ সংবাদ মাধ্যমৰ আগত কয়, "আইনে চকুপানীত নাযায় । আইন সদায় আইন । আটাইকেইজনে হতাশাত ভোগা যেন অনুমান হৈছে । সকলোৱে নহয়, দুই-এজনৰ অনুতপ্ত, অনুশোচনা হোৱা যেন লাগিছে ।"

তেওঁ লগতে কয়, "জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ বেছি দুখ পাইছে । কিয় হৈছে নাজানো । তেওঁ চাকৰিটো পোৱা বেছি দিনো হোৱা নাছিল । প্ৰথমবাৰে বিদেশ ভ্ৰমণ কৰিছিল । সন্দীপনে বেছি আঘাত পোৱা যেন অনুমান কৰিছোঁ । এতিয়া তেওঁলোকৰ স্বাস্থ্য ইমান বেয়া হোৱা যেন দেখা নাই । খীণাই যোৱা বুলি মই নকওঁ । কিন্তু তেওঁলোক মানসিকভাৱে ভাগি পৰিছে । শাৰীৰিক ভাব-ভংগীত অনুমান কৰিছোঁ ।"

লগতে পঢ়ক :মঙলবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ প্ৰথম শুনানি, আদালতত সোঁশৰীৰে উপস্থিত নাথাকে ৭ অভিযুক্ত
লগতে পঢ়ক :মায়াবিনী পৰিৱেশন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি চনু নিগমৰ