পাঁচ মাহ হৈ গ'ল, এনেকৈ আৰু কিমান দিন ? জুবিন গাৰ্গ হত্যা গোচৰ প্ৰক্ৰিয়াত বিলম্বক লৈ হতাশ গৰিমা
জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা অসমতে ৰচনা হৈছিল । ২ মাৰ্চত জুবিন হত্যা গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য ।

Published : February 16, 2026 at 8:47 PM IST
গুৱাহাটী : ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত সোমবাৰে কামৰূপ মহানগৰ জিলাৰ জিলা আৰু সত্ৰ আদালতত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয় । সোমবাৰে আদালতে মূলতঃ তিনি অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা পৃথক পৃথক আৱেদনৰ ওপৰত শুনানি গ্ৰহণ কৰে । শুনানিৰ পিছত আদালতে আবেদনসমূহৰ ওপৰত ৰায় প্ৰদানৰ বাবে অহা ২ মাৰ্চৰ দিনটো ধাৰ্য কৰে ।
অসম চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে আৱেদনসমূহৰ বিপক্ষে যুক্তি আগবঢ়ায় । পিছত উভয় পক্ষৰ যুক্তি শুনি আদালতে অভিযুক্তৰ আবেদনসমূহৰ সন্দৰ্ভত অহা ২ মাৰ্চত ৰায় প্ৰদানৰ বাবে দিন ধাৰ্য কৰে ।
এই সন্দৰ্ভত লোক অধিবক্তা জিয়াউল কামাৰে কয়, "পুৱা ১০.৩০ বজাৰ পৰা শুনানি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা আছিল । সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাৰ অসুবিধাৰ বাবে ১২.৩০ বজাৰ পৰা আৰম্ভ হ’ল শুনানি প্ৰক্ৰিয়া । কেইবাখনো গুৰুত্বপূৰ্ণ আৱেদনৰ আজি শুনানি হ'ল । সিদ্ধাৰ্থৰ অধিবক্তাই ছফ্ট কপি প্ৰদান কৰিবলৈ আৱেদন কৰিছিল । শুনানিৰ পিছত আদালতে ছফ্ট কপি দিবলৈ নিৰ্দেশ দিয়ে । আনহাতে, ছিংগাপুৰৰ কৰ'নাৰ্ছ আদালতৰ প্ৰতিবেদন বিচাৰিছিল । সেইখন আৱেদনৰ আজি শুনানি হৈছে । তাত আমি কেইবাটাও গুৰুত্বপূৰ্ণ যুক্তি দাঙি ধৰিছোঁ।"
আনহাতে, আদালতত চৰকাৰী অধিবক্তাই সবল যুক্তি আগবঢ়াই কয় যে জুবিন গাৰ্গৰ বিৰুদ্ধে অসমতে ৰচনা কৰা হৈছিল হত্যাৰ ষড়যন্ত্ৰ । অসমত ষড়যন্ত্ৰ কৰি ছিংগাপুৰত হত্যা কৰা হৈছিল । সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেট সন্দৰ্ভত আদালতত যুক্তি চৰকাৰী অধিবক্তাৰ । ২০ বছৰৰ ঋণ লৈ ফ্লেট ক্ৰয় কৰিছিল সিদ্ধাৰ্থই । কিন্তু মাত্ৰ ছয় বছৰতে ঋণ আদায় দিছিল তেওঁ ৷ মাহিলি ৫০ হাজাৰ দৰমহা পোৱা সিদ্ধাৰ্থই ছয় বছৰত ইমান ডাঙৰ ঋণ কেনেকৈ পৰিশোধ কৰিলে সেই লৈয়ো প্ৰশ্ন উত্থাপন কৰে ৷ দীৰ্ঘ সময়ৰ শুনানিৰ অন্তত এই সন্দৰ্ভতো ২ মাৰ্চত আদালতে প্ৰদান কৰিব ৰায় ।
আনহাতে, গৰিমা শইকীয়া গাৰ্গে কয়, "অভিযুক্তৰ ফালৰ অধিবক্তাসকলে কি মনোবৃত্তি লৈ কি কাম কৰি আছে নাজানো । তেওঁলোকে অভিসন্ধি কৰি থকা যেন ভাব হয় । কু-অভিপ্ৰায় লৈ থকা যেন লাগে । সেইকাৰণে আমাৰ লোক অধিবক্তা সম্পূৰ্ণ সাজু হৈ আছে । অসমতে ষড়যন্ত্ৰ ৰচিছিল । অসমে যিহেতু ষড়যন্ত্ৰ হৈছিল, সেয়েহে বিচাৰটো সেই ধৰণে হ'ব লাগে । ন্যায় প্ৰক্ৰিয়াটো দীঘলীয়া কৰাৰ আঁৰত তেওঁলোকৰ কু-অভিসন্ধি আছে । পাঁচ মাহ পাৰ হৈ গ'ল । এনেকৈ আৰু কিমান দিন । আমি বিচাৰোঁ ক্ষিপ্ৰতাৰে বিচাৰ হ'ব লাগে ।"

