শ্যামকানু জে'লত থাকিলে জুবিনৰ দৰে মহান আত্মাই কষ্ট পাব ! পত্নীয়ে ক'লে
শ্যামকানু মহন্তৰ সৈতে অন্যায় হোৱা বুলি মন্তব্য পত্নী অনিতা ডেকা মহন্তৰ ।

Published : April 22, 2026 at 5:45 PM IST
গুৱাহাটী : "...জুবিনৰ নিচিনা মহান আত্মাই বহুত কষ্ট পাব । তেওঁৰ যিটো ভিজন তেওঁ শ্যামকানুৰ লগত শ্বেয়াৰ কৰিছিল, সেই মানুহজনক আজি ভিতৰত ভৰাই থৈ দিছে ।" এই মন্তব্য জুবিন গাৰ্গ হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ ।
শ্যামকানু মহন্তৰ জামিন আৱেদনৰ শুনানি গুৱাহাটীৰ ফাষ্টট্ৰেক আদালতত চলি আছে । বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছদিনাই অৰ্থাৎ ১০ এপ্ৰিলৰ দিনা শ্যামকানু মহন্তই ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জামিন আৱেদন কৰে । উল্লেখ্য যে ইয়াৰ পূৰ্বে জুবিন গাৰ্গ হত্যা গোচৰত অন্যতম অভিযুক্ত হিচাপে বৰ্তমান কাৰাগাৰত বন্দী শ্যামকানু মহন্তই ৰহস্যজনকভাৱে জামিন আৱেদন উঠাই লৈছিল । কিন্তু ইয়াৰ পিছতে নিৰ্বাচনৰ পিছত পুনৰ তেওঁ আদালতত জামিন আৱেদন কৰে ।
বুধবাৰে এই জামিন আৱেদনৰ শুনানিত উপস্থিত থাকে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত । ইফালে আদালত চৌহদত সাংবাদিকৰ আগত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
শ্যামকানু মহন্তৰ জামিন সন্দৰ্ভত আশাবাদী অনিতা ডেকা মহন্তই সংবাদ মাধ্যমৰ আগত কয়, "তেওঁৰ জামিন আৱেদনৰ শুনানি চলি আছে । আমি আশা কৰিছোঁ যে আমি ন্যায় পাম । কাৰণ এগৰাকী নিৰপৰাধী মানুহ কাৰাগাৰত আবদ্ধ হৈ আছে । তেওঁ বিগত সাতমাহ ধৰি কাৰাগাৰত আছে । তেওঁৰ কোনো দোষ নাই । তেওঁ একমাত্ৰ অসমক বিশ্ব দৰবাৰত উপস্থাপন কৰিব বিচাৰিছিল । উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি বিশ্বৰ বাকী প্ৰান্তত দাঙি ধৰিব বিচাৰিছিল, যাতে আমাৰ চহকী সংস্কৃতিৰ কথা মানুহে জানক । কিন্তু আমাৰ কি হৈছে, সেইকাৰণে তেওঁক নি ভিতৰত ভৰাই থৈছে ।"
আনহাতে, শ্যামকানু মহন্তৰ সৈতে অন্যায় হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ছিংগাপুৰৰ দৰে কঠোৰ আইন থকা এখন দেশত এই ঘটনাটো হৈছে । ইয়াক দুৰ্ঘটনা বুলি কৈছে । ইয়াৰ পিছতো এয়া হত্যা বুলি কৈ শ্যামকানু মহন্তক জে'লত বিনা দোষত ভৰাই ৰাখিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, "মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আমিও যাতে ন্যায় পাওঁ ।"
ইফালে জুবিনক ছিংগাপুৰত অৱহেলা কৰা হৈছিল নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শ্যামকানু মহন্তৰ পত্নীয়ে কয়, "জুবিনে অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ছিংগাপুৰলৈ নিজে গৈছিল । য়ট পাৰ্টীৰ কথা শ্যামকানু মহন্তই নাজানিছিল । ঘটনাৰ সময়ত ৫০ কিলোমিটাৰ দূৰত্বত এখন মিটিঙত ব্যস্ত আছিল শ্যামকানু । মই নিজেও ছিংগাপুৰত উপস্থিত আছিলোঁ সেই অনুষ্ঠানৰ বাবে ।"

