ETV Bharat / state

জুবিন হত্য়াৰ গোচৰত জামিন পাব নেকি অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে ? ফাষ্টট্ৰেক আদালতত শুনানি আৰম্ভ

যোৱা ১৩ মে'ত জামিন আবেদন জনাইছিল শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই । ফাষ্টট্ৰেক আদালতত আৰম্ভ হৈছে শেখৰজ্যোতিৰ জামিন আবেদনৰ শুনানি ।

Zubeen Garg murder case
জুবিন গাৰ্গ হত্য়াত অভিযুক্ত শেখৰজ্যোতি গোস্বামী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 18, 2026 at 11:57 AM IST

|

Updated : May 18, 2026 at 12:18 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : জুবিন গাৰ্গ হত্য়াৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ পাছত সোমবাৰে ফাষ্টট্ৰেক আদালতত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি আৰম্ভ হৈছে । অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী, সংগীতৰ মহানায়ক জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত হৈছে শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী ।

উল্লেখ্য় যে যোৱা ১৩ মে'ত জামিন আবেদন জনাইছিল শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই । সোমবাৰে পুৱা ১০.৩০ মান বজাৰ পৰা ফাষ্টট্ৰেক আদালতত আৰম্ভ হৈছে শেখৰজ্যোতিৰ জামিন আবেদনৰ শুনানি । প্ৰথম অৱস্থাত অভিযুক্ত পক্ষৰ অধিবক্তাই জামিন লাভৰ বাবে যুক্তি দৰ্শোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পৰৱৰ্তী সময়ত চৰকাৰী অধিবক্তা জীয়াউৰ কামাৰকে ধৰি ৫ জনীয়া অধিবক্তাৰ দলটোৱে জামিন লাভৰ বিপক্ষে যুক্তি প্ৰদৰ্শন কৰিব । দুয়োটা পক্ষৰ যুক্তি প্ৰদৰ্শনৰ পাছত আদালতে কি ৰায়দান প্ৰদান কৰে সেয়া গুৰুত্বপূৰ্ণ হ'ব ।

শেখৰজ্যোতি গোস্বামীৰ শুনানি সন্দৰ্ভত অধিবক্তাৰ মন্তব্য় (ETV Bharat Assam)

শেখৰজ্যোতিৰ জামিন আৱেদনক লৈ গুৱাহাটী উকীল সন্থাৰ সাধাৰণ সম্পাদক তথা অধিবক্তা অপূৰ্ব শৰ্মাই কয়, "শেখৰজ্যোতি গোস্বামীৰ জামিন আৱেদনৰ আজি শুনানি হ'ব; কিন্তু আদালতে ৰায়দান স্থগিত ৰাখিব পাৰে বা আজিও দিব পাৰে । এই গোচৰটো যিহেতু ডাঙৰ, সেয়েহে যথাসম্ভৱ দুদিনমান দেৰিকৈ ৰায়দান দিব পাৰে ।"

যেতিয়া কোনোবা অভিযুক্তক জামিন দিয়া হয়,তেতিয়া অভিযুক্তসকল তাৰিখে তাৰিখে আদালতলৈ আহিব লাগে যদিও আজিৰ তাৰিখত সোঁশৰীৰে কোনো এজন অভিযুক্ত আদালতলৈ অহাৰ পৰিৱেশ নাই বুলি উল্লেখ কৰি অধিবক্তা শৰ্মাই কয়," সেইবাবে শেখৰজ্যোতি গোস্বামীয়ে জামিন পোৱাটো অকমান কঠিন হ'ব ।"

ইপিনে, শ্যামকানু মহন্তৰ জামিন আৱেদন সন্দৰ্ভতো সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত অধিবক্তা শৰ্মাই কয়,"শ্যামকানু মহন্তই উচ্চ ন্য়ায়ালয়ৰ কাষ চাপিছে যদিও শ্যামকানুকো বাহিৰলৈ জামিনত আনিব পৰা পৰিৱেশ নাই ।"

উল্লেখ্য যে ইতিমধ্যে শর্মিলা ভূঞাৰ আদালতে নাকচ কৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন । বিগত ১০ এপ্ৰিলত জামিনৰ বাবে ফাষ্টট্ৰেক আদালতত আৱেদন জনাইছিল অভিযুক্ত শ্যামকানু মহন্তই । ২২ আৰু ২৩ এপ্ৰিলত হোৱা দুদিনীয়া শুনানিৰ অন্তত ৰায় সংৰক্ষিত ৰাখি যোৱা ৩০ এপ্ৰিলত আদালতে নাকচ কৰিছিল শ্যামকানুৰ জামিন আৱেদন ।

ইপিনে, যোৱা ২ মে'ত আদালতে নাকচ কৰে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন । ইয়াৰ পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ বাবে শ্যামকানু মহন্তই আৱেদন জনাই । ১৫ মে'ত প্ৰথমটো শুনানি সম্পন্ন নোহোৱাত ২২ মে’ত অনুষ্ঠিত হ'ব পৰৱৰ্তী শুনানি ।

লগতে পঢ়ক:জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে আৱেগিক পাৰ্থ প্ৰতিম গোস্বামী

চেষ্টা ব্যৰ্থ হ'ল, কাৰাগাৰেই ঠিকনা: শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ

সিদ্ধার্থ শৰ্মাৰ মহাবীৰ একুৱা আৰু ৬ টাকৈ বেংক একাউণ্ট জব্দৰ নিৰ্দেশ আদালতৰ

Last Updated : May 18, 2026 at 12:18 PM IST