ETV Bharat / state

দানবীৰ জুবিন; এজন ছাত্ৰৰ কিডনী সংৰোপণৰ বাবে প্ৰদান কৰিছিল ৫.৫০ লাখ, চকুলো টুকি স্মৰণ মাতৃৰ

পুত্ৰৰ কিডনী সংৰোপণৰ বাবে জুবিনে দিছিল ৫.৫০ লাখ টকা । সেই কথা স্মৰণ কৰি এগৰাকী মহিলাই ক'লে, জুবিন গাৰ্গে পুনৰ জীৱন দিছিল তেওঁৰ পুত্ৰক ।

Zubeen Garg
এজন ছাত্ৰৰ কিডনী সংৰোপণৰ বাবে জুবিন গাৰ্গে প্ৰদান কৰিছিল ৫.৫০ লাখ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 20, 2025 at 7:31 PM IST

|

Updated : October 20, 2025 at 9:03 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন এটা মাহ সম্পূৰ্ণ কৰিলে অসমীয়া জাতিয়ে । জুবিন গাৰ্গবিহীন যোৱা এটা মাহত তেওঁৰ মহানুভৱতাক লৈ বিশ্বজুৰি চৰ্চা হৈছে ।

তেওঁৰ মনটো আছিল মুক্ত বিহংগৰ দৰে । চিন্তা আছিল আকাশৰ দৰে বিশাল । দৰ্শন আছিল সাগৰৰ দৰে গভীৰ । সাধাৰণ মানুহে য'ত ভাবিবলৈ এৰি দিয়ে, তাৰ পৰা ভাবিবলৈ আৰম্ভ কৰে জুবিন গাৰ্গে । তাতোকৈ ডাঙৰ কথা, তেওঁ আছিল এক দানবীৰ, যাৰ প্ৰমাণ ইতিমধ্যে বহু ক্ষেত্ৰত লাভ কৰা হৈছে ।

এজন ছাত্ৰৰ কিডনী সংৰোপণৰ বাবে জুবিন গাৰ্গে প্ৰদান কৰিছিল ৫.৫০ লাখ (@AbidAzadFaceBook)

এইবোৰ আছিল জুবিন গাৰ্গৰ মহানুভৱতা । সেই মহানুভৱতাই এতিয়া সীমাৰ পৰিধি ভেদ কৰিছে । যাৰ বাবে বিশ্বৰ প্ৰতিটো চুকে-কোণে এতিয়া অনুৰণিত হৈছে জুবিন গাৰ্গ নামৰ সত্তাটোৰ সুৰৰ সুবাস । এইগৰাকী প্ৰাণৰ শিল্পীৰ মহানুভৱতা কথাৰে, ভাষাৰে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি ।

তেওঁ বিভিন্নজনক চিকিৎসা, পঢ়া-শুনাৰ লগতে বিভিন্ন ধৰণে সহায় কৰি আহিছে । শেহতীয়াভাৱে তেওঁৰ দানবীৰ চাৰিত্ৰিক বৈশিষ্ট্য পুনৰ এবাৰ চৰ্চালৈ আহিছে । তেওঁ চিকিৎসাৰ বাবে এজন যুৱকক সহায় কৰাৰ কথা শেহতীয়াকৈ সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে ।

জোনাইৰ মণীষা মিলি গুৰুং নামৰ মহিলাগৰাকীৰ পুত্ৰৰ কিডনী সংৰোপণৰ বাবে ৫.৫০ লাখ টকাৰে সহায় কৰি জীৱনদান দিছিল জুবিন গাৰ্গে ।

Rain Drops Initiatives নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ এগৰাকী সংগঠক তথা সমাজসেৱী আবিদ আজাদে দেওবাৰে নিশা জি এম চি এইচৰ সন্মুখত জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উপলক্ষে চিকিৎসাধীন ৰোগীসকলৰ আত্মীয়ক বিনামূলীয়াকৈ নিশাৰ আহাৰ বিতৰণ কৰি আছিল ।

এই উপলক্ষে তেওঁ কৰি থকা ফেচবুক লাইভত জুবিন গাৰ্গৰ আন এক মহানুভৱতাৰ উদাহৰণ পোহৰলৈ আহে । জি এম চি এইচত চিকিৎসাধীন এগৰাকী মহিলাই খাদ্য সংগ্ৰহৰ বাবে আহি আবিদ আজাদৰ সন্মুখত প্ৰকাশ কৰে জুবিন গাৰ্গৰ মহানুভৱতাৰ কথা ।

আবিদ আজাদৰ ভিডিঅ'ত বন্দী হয় মণীষা মিলি গুৰুং নামৰ মহিলাগৰাকীৰ ভাষ্য । তাত তেওঁ জুবিন গাৰ্গৰ সহায়ৰ কথা স্মৰণ কৰি উচুপি উঠে । লগতে বৰ্ণনা কৰে পুত্ৰৰ চিকিৎসাৰ বাবে তেওঁক কিদৰে জুবিন গাৰ্গে সহায় কৰিছিল ।

মণীষা মিলি গুৰুঙে কয়, "মোৰ পুত্ৰৰ কিডনীৰ চিকিৎসাৰ বাবে ২০১৫ চনত জুবিন গাৰ্গে মোক ৫.৫০ লাখ টকা দিছিল । বৰ্তমান মোৰ পুত্ৰ সুস্থ হৈছে । মোৰ ল'ৰাজন পঢ়াত চোকা আছিল বাবে অৰুণাচল চৰকাৰে দিল্লীত পঢ়াই আছে । তেওঁৰ নাম চুনু গুৰুং । আইনৰ ছাত্ৰ । তেওঁৰ কিডনী ফেইল হৈছিল । জুবিনদাৰ ওচৰলৈ অহাত তেওঁৰ ঘৰত মোক ৫.৫০ লাখ টকা দিছিল । তাৰে তেওঁক চেন্নাইৰ এপ'লো হাস্পতালত চিকিৎসা কৰাওঁ ।"

মূলত জোনাইৰ আৰু নেপালত বিয়া হোৱা মণীষা মিলি গুৰুঙে জুবিন গাৰ্গক স্মৰণ কৰি কয়, "জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মই তেওঁৰ নশ্বৰ দেহ চাবলৈ গৈছিলো । বৰ্তমান মই অসুস্থ বাবে জি এম চি এইচত চিকিৎসা কৰি আছোঁ । জুবিন গাৰ্গ থাকিলে মোক সহায় কৰিলে হয় । সি মৰি গ'ল । তেনেকুৱা মানুহ পাবলৈ আৰু জনম ল'ব লাগিব । মোৰ ল'ৰাটো যাতে জুবিন গাৰ্গৰ নিচিনি ভাল মানুহ হয় মই তাৰে আশা কৰিম ।"

লগতে পঢ়ক :জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ ৰাওনা এছ আই টিৰ দল
লগতে পঢ়ক :কাজিৰঙাত পৰ্যটকেও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হৈ জ্বলালে চাকি
Last Updated : October 20, 2025 at 9:03 PM IST