জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰ; ৯০ৰো অধিক সাক্ষীৰ ভাষ্য সংগ্ৰহ এছ আই টিৰ
গুৱাহাটীৰ চি আই ডি কাৰ্যালয়লৈ ৰাজ্যৰ ৪ খন বিহু কমিটীক তলব । বিহু কমিটীৰ প্ৰতিনিধিৰ ভাষ্য সংগ্ৰহ এছ আই টিৰ ।

Published : October 29, 2025 at 8:39 PM IST
গুৱাহাটী : জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে এছ আই টিয়ে । প্ৰতিদিনে নতুন নতুন সাক্ষীৰ ভাষ্য সংগ্ৰহ কৰিছে এছ আই টিয়ে । এতিয়ালৈ ৯০ৰো অধিক লোকৰ ভাষ্য সংগ্ৰহ কৰিছে এছ আই টিয়ে । গুৱাহাটীৰ চি আই ডিৰ কাৰ্যালয়ত সংবাদ মাধ্যমৰ সন্মুখত এই কথা প্ৰকাশ কৰে এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই ।
তেওঁ কয়, "জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰতাৰে চলি আছে । বৰ্তমানলৈ ৯০ জনতকৈ অধিক লোকৰ ভাষ্য গ্ৰহণ কৰা হৈছে । তদুপৰি বিহু কমিটীবোৰৰো ভাষ্য গ্ৰহণ কৰিছোঁ । বিহু কমিটীবোৰক প্ৰয়োজন সাপেক্ষে মাতি আছোঁ । আজি ৪ খন বহু কমিটীৰ ভাষ্য গ্ৰহণ কৰা হৈছে ।" তেওঁ লগতে কয়, "আমি তদন্ত প্ৰক্ৰিয়া দ্ৰুত গতিত আগবঢ়াই নিছো । খুব কম সময়ৰ ভিতৰত আমি তদন্ত প্ৰক্ৰিয়া শেষ কৰিম । নিৰ্ধাৰিত সময়ৰ ভিতৰতে তদন্ত প্ৰক্ৰিয়া শেষ কৰি আদালতত অভিযোগনামা দাখিল কৰিম ।"
এছ আই টিয়ে বুধবাৰে মঙলদৈ কেন্দ্ৰীয় ৰঙালী বিহু কমিটী, লখিমপুৰ ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীকে ধৰি ৪ খন বিহু কমিটীৰ প্ৰতিনিধিৰ ভাষ্য গ্ৰহণ কৰে । উল্লেখ্য যে লখিমপুৰৰ ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত চলিত বৰ্ষৰ ২১ এপ্ৰিলত বিহুৰ অনুষ্ঠান পৰিৱেশন কৰিছিল জুবিন গাৰ্গে । সেই সূত্ৰেই এছ আই টিয়ে তলব কৰে বিহু কমিটীৰ সভাপতি/সম্পাদকক । জুবিনৰ লগত হোৱা চুক্তি, আৰ্থিক লেনদেন সন্দৰ্ভত ভাষ্য গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে ১২ লাখ টকাত চুক্তি হৈছিল সেই অনুষ্ঠানৰ । সমগ্ৰ ধন নগদ লৈছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই । ১ লাখ টকা আগধন হিচাপে লৈছিল সিদ্ধাৰ্থই বাকী ১১ লাখ টকা নগদ লৈছিল বুলি সংবাদ মাধ্যমৰ আগত জনাই বিহু কমিটীয়ে ।
আনহাতে চলিত বৰ্ষৰ ১৮ এপ্ৰিলত মঙলদৈত বিহু অনুষ্ঠান পৰিৱেশন কৰিছিল জুবিন গাৰ্গে । ১১ লাখ টকাত মঙলদৈ কেন্দ্ৰীয় ৰঙালী বিহু কমিটীৰ সৈতে বিহু অনুষ্ঠানৰ বাবে চুক্তি কৰিছিল কৃষাণু দাসে । কৃষাণু দাস আছিল জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সহায়ক । এই অনুষ্ঠানৰ ধনৰাশিও কৃষাণু দাসে নগদত লৈছিল বুলি সংবাদ মাধ্যমৰ আগত জনাই বিহু কমিটীয়ে ।

