২৮ এপ্ৰিলত সিদ্ধাৰ্থৰ জামিনৰ শুনানি, দুদিন পিছতে শ্যামকানুৰো জামিনৰ ৰায়
জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি সম্পন্ন নহ'ল ।

Published : April 24, 2026 at 4:17 PM IST
গুৱাহাটী : জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানি শুকুৰবাৰেও সম্পন্ন নহ'ল । অহা ২৮ এপ্ৰিলত জামিন আবেদনৰ শুনানি পুনৰ গ্ৰহণ কৰা হ'ব । শর্মিলা ভূঞাৰ আদালতে শুনানি গ্ৰহণ কৰিছিল । শুনানি প্ৰক্ৰিয়াত অভিযুক্ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ হৈ ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে কলকাতাৰ অধিবক্তা ৰাজদ্বীপ বেনাৰ্জীয়ে যুক্তি প্রদর্শন কৰে । আনহাতে চৰকাৰী পক্ষৰ পৰা জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰৰ নেতৃত্বত অধিবক্তাৰ দলে যুক্তি প্ৰদৰ্শন কৰে ।
উল্লেখ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুয়োগৰাকীয়ে আদালতত জামিন আবেদন দাখিল কৰিছিল । যোৱা ২০ এপ্ৰিলত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই জামিন আবেদন দাখিল কৰিছিল যদিও শপতনামা ভুলকৈ জমা দিয়াৰ বাবে বৃহস্পতিবাৰৰ ভিতৰত অধিবক্তাক পুনৰ শপতনামা দাখিলৰ নিৰ্দেশ দিছিল । সেই অনুসৰি শুকুৰবাৰে পুনৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হয় । অৱশ্যে শুনানি প্ৰক্ৰিয়া সম্পন্ন নহ'ল । যাৰ বাবে শর্মিলা ভূঞাৰ আদালতে ২৮ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে ।
সমান্তৰালকৈ জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিও বৃহস্পতিবাৰে সম্পন্ন হয় । অহা ৩০ এপ্ৰিলত আদালতে জামিন আবেদনৰ শুনানিৰ ৰায় প্ৰদান কৰিব । ইফালে অধিবক্তাই শ্যামকানু মহন্তৰ জব্দকৃত সামগ্ৰী মোকলাই দিবলৈও আদালতত আবেদন জনাইছিল । ৩০ এপ্ৰিলৰ দিনাই আদালতে সেই আবেদনৰো ৰায় প্ৰদান কৰিব । ইফালে অহা সপ্তাহৰ পৰা অভিযুক্তৰ দোষী সাব্যস্ত কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব ।
উল্লেখ্য যে শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি চলি আছে ।
লগতে পঢ়ক :

