জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানু-সিদ্ধাৰ্থসহ ৫ অভিযুক্তৰ নতুন ঠিকনা বাক্সাৰ নিকাছিস্থিত নৱ নিৰ্মিত কেন্দ্ৰীয় কাৰাগাৰ
কটকটীয়া নিৰাপত্তাৰ মাজেৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ লৈ যোৱা হয় ৫ অভিযুক্তক । তাৰ পিছত নিক্ষেপ কাৰাগাৰলৈ ৷

Published : October 15, 2025 at 11:13 AM IST
গুৱাহাটী : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত এতিয়ালৈ গ্ৰেপ্তাৰ হোৱা ৭ অভিযুক্তৰ ভিতৰত ৫ অভিযুক্তক বুধবাৰে আদালতত হাজিৰ কৰোৱা হয় । আৰক্ষীৰ জিম্মা শেষ হোৱাৰ লগে লগে ৫ অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় ।
কটকটীয়া নিৰাপত্তাৰ মাজেৰে অভিযুক্তসকল ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক আদালতত হাজিৰ কৰোৱা হয় ৷ আটাইকেইজনকে আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
উল্লেখ্য যে যোৱা ১ অক্টোবৰত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মাক এছ আই টিয়ে নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰিছিল । দুয়োকে সেইদিনাই পুৱা কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসগৃহত হাজিৰ কৰোৱা হয় । মুখ্য ন্যায়িক দণ্ডাধীশে মহন্ত আৰু শৰ্মাক ১৪ দিনৰ বাবে এছ আই টিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল ।

ইয়াৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গকো যোৱা ৮ অক্টোবৰত এছ আই টিয়ে গ্ৰেপ্তাৰ কৰে । তেওঁক আদালতে ৭ দিনৰ বাবে এছ আই টিৰ জিম্মালৈ প্রেৰণ কৰিছিল ।

আনহাতে জুবিনৰ দুই ব্যক্তিগত দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকো যোৱা ১০ অক্টোবৰত এছ আই টিয়ে গ্রেপ্তাৰ কৰিছিল । তেওঁলোকক আদালতে ৫ দিনৰ বাবে এছ আই টিৰ জিম্মালৈ প্ৰেৰণ কৰে । ইফালে আজি চি আই ডি কাৰ্যালয়ৰ পৰা আদালতলৈ যোৱাৰ পথত যথেষ্ট সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হয় । আদালতৰ বাহিৰতো বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় ।

ইফালে অভিযুক্তসকলক কোনখন কাৰাগাৰত ৰখা হ'ব তাক লৈ বিভিন্ন মহলত চৰ্চা চলি থকাৰ মাজতে বাক্সালৈ লৈ যোৱা হৈছে আটাইকেইজনকে । বাক্সাৰ মুছলপুৰ কাৰাগাৰ নহ'লে নিকাছিস্থিত নৱ নিৰ্মিত কাৰাগাৰেই হ'ব ৫ অভিযুক্তৰ নতুন ঠিকনা । দুমাহ পূৰ্বে মুকলি হৈছিল নিকাছিস্থিত বাক্সা কেন্দ্ৰীয় কাৰাগাৰ । নিৰাপত্তাজনিত কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
লগতে পঢ়ক :জুবিন গাৰ্গৰ সৃষ্টি পাঠ্যক্ৰমত সন্নিবিষ্ট কৰাৰ আহ্বান তেজপুৰ জুবিনিয়ানৰ

