ETV Bharat / state

জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ চাৰ্জশ্বীটক জনসমক্ষলৈ আনিলে অখিল গগৈয়ে, আখ্যা দিলে বিজেপিৰ 'নিৰ্বাচনী ইস্তাহাৰ' বুলি

চাৰ্জশ্বীটত উল্লেখ কৰা ৫ অভিযুক্তৰ প্ৰমাণৰ বিৱৰণ দিলে অখিল গগৈয়ে । চাৰ্জশ্বীটখনে কাক সুৰক্ষা দিব বিচাৰিছে সেয়াও দৃঢ়ভাৱে ক'লে বিৰোধী নেতাজনে ।

Zubeen Garg Death probe
জুবিন গাৰ্গৰ মৃত্যু গোচৰ : চাৰ্জশ্বীট সম্পৰ্কে অখিল গগৈৰ বিস্ফোৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 18, 2025 at 10:50 AM IST

12 Min Read
Choose ETV Bharat

কাজিৰঙা : জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিয়ে দাখিল কৰা অভিযোগনামা বা চাৰ্জশ্বীট সন্দৰ্ভত পুনৰ সৰৱ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ । চাৰ্জশ্বীটখনত থকা বিভিন্ন আসোঁৱাহ বৰ্ণনা কৰিলে অখিল গগৈয়ে । লগতে তেওঁ দাবী কৰে যে এই চাৰ্জশ্বীটে কোনো কাৰণতে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে ।

তেওঁ দৃঢ়ভাৱে কয়, "এই চাৰ্জশ্বীটখনে জুবিন দাক ন্যায় দিব নোৱাৰে । ১০০ শতাংশ খাটাং ।" কাজিৰঙাত এক সংবাদমেল সম্বোধন কৰি তেওঁ এই ঘটনাৰ অভিযুক্তসকলৰ বিৰুদ্ধে চাৰ্জশ্বীটত উল্লেখ কৰা প্ৰমাণসমূহৰো বৰ্ণনা কৰিলে । তাৰ লগতে চৰকাৰে গঠন কৰা এছ আই টিসমূহ সম্পৰ্কে এক বিস্ফোৰক মন্তব্য কৰে গগৈয়ে ।

চাৰ্জশ্বীট সম্পৰ্কে অখিল গগৈৰ বিস্ফোৰণ (ETV Bharat Assam)

প্ৰথম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কি আছে চাৰ্জশ্বীটত ?

চাৰ্জশ্বীট অসমীয়ালৈ কৰা অনুবাদ প্ৰদৰ্শন কৰি গগৈয়ে কয়, "জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্তসকলৰ বিৰুদ্ধে প্ৰমাণৰ বিৱৰণ দাঙি ধৰা হৈছে, য'ত ভুক্তভোগী জুবিন গাৰ্গ ৷ সেই অনুসৰি, প্ৰধান ৫ গৰাকী অভিযুক্তৰ বিৰুদ্ধে সংবাদমেলত উল্লেখ কৰি গগৈয়ে অভিযুক্ত-১ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে প্ৰমাণৰ বিৱৰণ এনেধৰণৰ বুলি উল্লেখ কৰে, "ভুক্তভোগীক নিচাগ্রস্ত অৱস্থালৈ লৈ গৈ আৰু সেই নিচাগ্রস্ত আৰু প্রায় অচেতন হৈ অসাৰ হৈ পৰা অৱস্থাত, স্বয়ংক্রিয়ভাবে অংগ সঞ্চালন কৰিব নোৱৰাকৈ শৰীৰত শক্তি কমি যোৱা (Ataxia) আৰু প্রতিক্রিয়াহীন হৈ পৰোতে ভুক্তভোগীক সাঁতুৰিবলৈ দিয়া; লাইফ জেকেট অবিহনেই ভুক্তভোগীক সাঁতুৰিবলৈ দিয়া; চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ সাগৰত সাঁতুৰিবলৈ দিয়া ।"

আন এক প্ৰমাণ হিচাপে আছে, "জুবিন গাৰ্গক চিকিৎসা কৰি থকা চিকিৎসক ডাঃ হিতেশ বৰুৱাৰ মতৰ বিপক্ষে গৈ সাগৰত সাঁতুৰিবলৈ দিয়া, যদিওবা তেওঁক ডাক্তৰে জুই আৰু পানীৰ পৰা আঁতৰত থাকিবলৈ পৰামৰ্শ দিছিল আৰু সেই পৰামৰ্শৰ সময়ত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা নিজেই উপস্থিত আছিল; ভুক্তভোগীৰ মৃগীৰোগৰ (epilepsy) ইতিহাস থকাৰ পিছতো ভ্ৰমণৰ বাবে চিকিৎসাগত ফিটনেচৰ প্ৰমাণপত্ৰ নোলোৱা; ভুক্তভোগীৰ বমি হোৱা আৰু মৃগীৰোগৰ লক্ষণসমূহক সাধাৰণ গেছট্ৰিকৰ সমস্যাহে বুলি অবহেলা কৰা; ভুক্তভোগীক অৱসৰ দিবলৈ (জীবন শেষ কৰিবলৈ) পৰিকল্পনা কৰা আৰু ভুক্তভোগীৰ পৰা সৰ্বাধিক বিত্তীয় লাভ আদায় কৰা; শেহতীয়াকৈ মহাবীৰ একুৱা (Mahavir Aqua), হোটেল হেৰিটেজ আৰু পৰিবহণ ব্যৱসায়ত বিনিয়োগ কৰি নিজৰ অর্থনৈতিক স্বার্থ পূৰণ কৰা; ভুক্তভোগীৰ প্রতি কৰিবলগীয়া সকলো দায়িত্ব সঠিকভাবে পালন নকৰা; বিপদত পৰাৰ সময়ত ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ নাযাবলৈ আন সকলোকে আহ্বান জনোৱা, আৰু "যাব দে, যাব দে" বুলি কৈ ভুক্তভোগীক বিপদলৈ ঠেলি দিয়া ।"

দ্বিতীয় অভিযুক্ত শেখৰজ্যোতি গোস্বামী :

অভিযুক্ত-২ শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে, "তাতে যাওঁ ব'লা বুলি কৈ ভুক্তভোগীক পানীত নামিবলৈ উচটাই দিয়া; ২০১৩ চনৰ পৰা ভুক্তভোগীৰ ঘনিষ্ঠতম ব্যক্তি হিচাপে থকাৰ পিছতো আৰু ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ সকলোতকৈ সুবিধাজনক অৱস্থাত থাকিও ভুক্তভোগীক ৰক্ষা নকৰা; ভুক্তভোগীৰ জীৱনত বিপদ সংকেট বাজি উঠাৰ সময়ত য়টত থকা আন সাক্ষীক 'থাম্বছ আপ' দেখুৱাই বিভ্রান্ত কৰা; ভুক্তভোগীৰ হাওঁফাওঁত পানী খুওৱা আৰু শাৰীৰিক আঘাতৰ কাৰক হোৱা; প্ৰথমবাৰ সাঁতোৰোতেই ভুক্তভোগীয়ে মৃত্যুৰ পৰা কোনোমতেহে ৰক্ষা পৰিছিল আৰু নিচাগ্রস্ত তথা অৱসাদগ্রস্ত অৱস্থাত ভুক্তভোগীক পানীৰ পৰা তুলি আনিবলগীয়া হৈছিল । তৎসত্বেও লাইফ জেকেট নোহোৱাকৈ দ্বিতীয়বাৰ সাঁতুৰিবলৈ বাধা প্রদান নকৰা ।" — এনেধৰণেই প্ৰমাণৰ বিৱৰণ চাৰ্জশ্বীটত উল্লেখ আছে বুলি উল্লেখ কৰে অখিল গগৈয়ে ।

তৃতীয় অভিযুক্ত শ্যামকামু মহন্ত :

চাৰ্জশ্বীট অনুসৰি অভিযুক্ত-৩ শ্যামকানু মহন্তৰ বিৰুদ্ধে প্ৰমাণৰ বিৱৰণত- "চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ ভুক্তভোগীৰ বাবে ঘাটক হ'ব পাৰে বুলি জানিও 'হুইস্কী'ৰ এটা বটল যোগান ধৰা; অমৃতপ্ৰভাৰ বাবে হোটেলত পৃথক কোঠাৰ ব্যৱস্থা নকৰি, জুবিন গাৰ্গৰ সৈতে একেলগে থাকিবলৈ দি মদৰ যোগানৰ ব্যৱস্থা কৰা আৰু ভুক্তভোগীক হুইস্কী দিয়া; য়ট পাৰ্টীৰ আয়োজকসকলক ভুক্তভোগীৰ চিকিৎসাগত বিষয়সমূহ অৱগত নকৰা; দুর্ঘটনাৰ দিনা পুৱা ভুক্তভোগীৰ ব্যৱস্থাপনা দলৰ সৈতে সাক্ষাৎ হোৱাৰ পিছতো ভুক্তভোগীৰ সুৰক্ষা, নিৰাপত্তা আৰু চিকিৎসাগত কোনো ব্যৱস্থা নকৰা আৰু ভ্ৰমণ বাতিল কৰিবলৈও তেওঁলোকক আহ্বান নজনোৱা; ভুক্তভোগীৰ চিকিৎসকে ৰাজহুৱাভাৱে দিয়া চিকিৎসা পৰামৰ্শ অনুসৰি তেখেত মৃগী ৰোগী (epilepsy) বুলি অৱগত হোৱাৰ পাছতো অসম এছ'চিয়েশ্যনৰ সভাপতিক য়টলৈ পঠোৱাৰ লগতে অনুষ্ঠান বাতিল কৰিবলৈ তেওঁক আহ্বান নজনোৱা; ভুক্তভোগীক চিকিৎসাৰ বাবে কোনো ব্যৱস্থা নকৰিলে আৰু যাৰ বাবে অতি গুৰুত্বপূৰ্ণ 'গ'ল্ডেন আৱাৰ'ৰ ভিতৰত তেওঁক বচাব পৰা নগ'ল আৰু দুৰ্ঘটনাৰ ৭৫ মিনিট পিছতহে এম্বুলেন্সত ভুক্তভোগীক লৈ যোৱা হয় ।"

চতুৰ্থ অভিযুক্ত অমৃতপ্ৰভা মহন্ত :

অভিযুক্ত-৪ অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে - "ঘটনাৰ পূৰ্বৰ দুটা নিশা ভুক্তভোগীৰ সৈতে একেটা কোঠাত থাকি তেওঁক অত্যধিক মদ্যপান কৰিবলৈ দিয়া; ভুক্তভোগীৰ মেনেজাৰ, অনুষ্ঠানৰ আয়োজক অথবা ভুক্তভোগীৰ পত্নীক তেওঁৰ অত্যধিক সুৰাপান আৰু খাদ্য নোখোৱা আৰু টোপনি নমৰাৰ কথা অৱগত নকৰা; অতিশয় ভাগৰুৱা আৰু সুৰাসক্ত অৱস্থাত থকা ভুক্তভোগীক লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ উৎসাহিত কৰা; ভুক্তভোগী প্রায় ডুব যাবলৈ ধৰাৰ সময়ত ভিডিঅ' ৰেকর্ডিং কৰি থকা আৰু কেপ্টেইনজন ওচৰতে থকাৰ পাছতো কিবা ব্যৱস্থা ল'বলৈ অৱগত নকৰা; ঘটনাৰ পিছতহে য়টত থকা এন আৰ আই আৰু পাৰ্টীৰ আয়োজকসকলক ভুক্তভোগীয়ে খোৱা ঔষধসমূহৰ বিষয়ে জনোৱা ।" চাৰ্জশ্বীট অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে এই ধৰণৰ প্ৰমাণ আছে বুলি উল্লেখ কৰে অখিল গগৈয়ে ।

পঞ্চম অভিযুক্ত সন্দীপন গাৰ্গ :

সংবাদমেলতে গগৈয়ে উল্লেখ কৰে যে চাৰ্জশ্বীট মতে অভিযুক্ত-৫ সন্দীপন গাৰ্গৰ বিৰুদ্ধে আছে- "শেখৰক উচটাই আৰু তেওঁৰ দ্বাৰা সাগৰৰ পানীত সুমুদ্রতীৰলৈ দীর্ঘ দূৰত্ব সাঁতুৰিবলৈ প্ৰৰোচিত কৰা, যাৰ দূৰত্ব আছিল অহা-যোৱা মিলি ২২৬ মিটাৰ; ভুক্তভোগীৰ কাষতে বহি থাকি আৰু বাধা দিব পৰা অৱস্থাত থাকিও ভয়াৱহ সুৰাসক্ত অৱস্থাত ভুক্তভোগীক পানীত জঁপিয়াবলৈ এৰি দিয়া; কেইজনমান এন আৰ আই-এ ভুক্তভোগীৰ জীৱনলৈ বিপদ অহা বুলি হুলস্থূল কৰাৰ পিছতহে পলমকৈ পানীত জঁপিয়াই উদ্ধাৰৰ চেষ্টা কৰা; পানীত ভুক্তভোগীৰ ওচৰত থাকিও তেওঁক উদ্ধাৰ নকৰা, যাৰ ফলত তেওঁৰ শৰীৰত বহু পৰিমাণে পানী সোমাই পৰে; সময়মতে কেপ্টেইনক নমতা; ভুক্তভোগীৰ শৰীৰত সাগৰৰ পানী সোমাই যোৱা আৰু পানীত ভুক্তভোগীৰ নাক-মুখ ডুব যোৱাৰ বাবে জগৰীয়া ।"

ইফালে আন দুজন নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰধান ৫ অভিযুক্ততকৈ কম বুলিও উল্লেখ কৰি গগৈয়ে । যাৰ বাবে তেওঁ সংবাদমেলত তেওঁলোকৰ বিষয়সমূহ উল্লেখ নকৰিলে । এই চাৰ্জশ্বীটখনত কোনো কাৰণতে সন্তুষ্ট নহয় বুলি পুনৰ এবাৰ উল্লেখ কৰে অখিল গগৈয়ে । চাৰ্জশ্বীটৰ দুৰ্বলতা সন্দৰ্ভত অখিল গগৈয়ে কয়, "বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাক অভিযুক্তৰূপে প্ৰমাণ সংগ্ৰহ নকৰাটো চাৰ্জশ্বীটখনৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা ৷ দ্বিতীয় ডাঙৰ দুৰ্বলতা হ'ল ছিংগাপুৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূতৰ বিষয়ে চাৰ্জশ্বীটত কোনো কথা উল্লেখ কৰা হোৱা নাই । তৃতীয় কথাটো হ'ল ছিংগাপুৰত থকা ভাৰতীয়সকল যিসকলে য়ট পাৰ্টী পাতিছিল তেওঁলোকক 'চাৰ্জশ্বীটেড' কৰা হোৱা নাই ৷

কেনেদৰে সুৰক্ষা দিয়া হৈছে য়টত থকা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলক ?

বৰং শ্যামকানু মহন্তৰ বিৰুদ্ধে চাৰ্জশ্বীটত 'য়ট পাৰ্টীৰ আয়োজকসকলক ভুক্তভোগীৰ চিকিৎসাগত বিষয়সমূহ অৱগত নকৰা' বুলি উল্লেখ কৰি গগৈয়ে কয় যে ইয়াৰ দ্বাৰা য়ট পাৰ্টীৰ আয়োজকসকলক লাহেকৈ সুৰক্ষিত কৰি দিয়া হৈছে ৷ শ্যামকানু মহন্তৰ বিৰুদ্ধে 'ভুক্তভোগীৰ চিকিৎসকে ৰাজহুৱাভাৱে দিয়া চিকিৎসা পৰামৰ্শ অনুসৰি তেখেত মৃগী ৰোগী বুলি অৱগত হোৱাৰ পাছতো অসম এছ'চিয়েশ্যনৰ সভাপতিক য়টলৈ পঠোৱাৰ লগতে অনুষ্ঠান বাতিল কৰিবলৈ তেওঁক আহ্বান নজনোৱা' বুলি চাৰ্জশ্বীটত উল্লেখ কৰি এছ'চিয়েশ্যনৰ সভাপতিক বচাই দিয়া হৈছে বুলিও গগৈয়ে অভিযোগ কৰে ৷

অখিল গগৈয়ে লগতে কয়, "ৰাজহুৱাকৈ সকলোৱে জানে বুলি কৈ শ্যামকানু মহন্তক ফঁচোৱা হৈছে, বিপৰীতে য়ট পাৰ্টীৰ মূল উদ্যোক্তা অসম এছ'চিয়েশ্যনৰ সভাপতিক বচাই দিয়া হৈছে ৷ আকৌ অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে চাৰ্জশ্বীটত 'ঘটনাৰ পিছতহে য়টত থকা এন আৰ আই আৰু পাৰ্টীৰ আয়োজকসকলক ভুক্তভোগীয়ে খোৱা ঔষধসমূহৰ বিষয়ে জনোৱা' বুলি উল্লেখ কৰা হৈছে বুলি প্ৰকাশ কৰি গগৈয়ে কয়, "এন আৰ আইসকলে যে সেয়া নাজানে, সেয়া ঘটনাৰ পাছতহে গম পাইছে তেনেকৈ য়ট পাৰ্টীৰ আয়োজকসকলক বচাইছে ৷"

আনহাতে সন্দীপন গাৰ্গৰ বিৰুদ্ধে উল্লেখ কৰা প্ৰমাণৰ বিৱৰণত 'কেইজনমান এন আৰ আই-এ ভুক্তভোগীৰ জীৱনলৈ বিপদ অহা বুলি হুলস্থূল কৰাৰ পিছতহে পলমকৈ পানীত জঁপিয়াই উদ্ধাৰৰ চেষ্টা কৰা' বুলি উল্লেখ কৰাৰ কথা সদৰী কৰি গগৈয়ে কয়, "এন আৰ আই কেইজনক বচাবলৈ চেষ্টা কৰা হৈছে ৷"

মুখ্যমন্ত্ৰীয়ে গঠন কৰা এছ আই টিত মহিলা বিষয়া কিয় ?

মুখ্যমন্ত্ৰীয়ে এছ আই টি বিলাকত এগৰাকী মহিলা বিষয়াক ৰাখে বুলি আশ্চৰ্য প্ৰকাশ কৰি অখিল গগৈয়ে কয়, "জুবিন গাৰ্গৰ ক্ষেত্ৰত তেওঁক 'চি আই অ', পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্ক থকা বুলি যিখন এছ আই টি তাতো মূল বিষয়াৰ দায়িত্বত, আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকাৰ সম্পৰ্কত তদন্ত কৰিবলৈ গঠন কৰা এছ আই টিতো তেওঁ (ৰ'জী কলিতা) বুলি উল্লেখ কৰে গগৈয়ে ৷

তেওঁ অভিযোগ কৰে, "য'তেই ৰ'জী কলিতা আছে তাতেই আচল তদন্ত নকৰি সেইটো বিজেপিৰ এখন নিৰ্বাচনী ইস্তাহাৰ বনাই দিয়ে । এইবাৰো এইখন কেৱল বিজেপি দল আৰু হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনলৈকে বচাব পৰা এখন নিৰ্বাচনী ইস্তাহাৰহে ৷ গাঁৱলৈ যেতিয়া নিৰ্বাচনী সভা কৰিবলৈ যাব তেতিয়া যাতে হিমন্ত বিশ্ব শৰ্মাক খেদি নপঠিয়াই তাৰ বাবে তৈয়াৰ কৰা এইখন চাৰ্জশ্বীট ৷ যাতে ৰাইজক ক'ব পাৰে বাকী কামতো আদালতে কৰিব, আমিতো হত্যাকাণ্ড বুলি দিছো, তাৰবাবেই তৈয়াৰ কৰা এইখন নিৰ্বাচনী ইস্তাহাৰ ৷ পৃথিৱীৰ কোনো ন্যায়াধীশে এই চাৰ্জশ্বীটখন লৈ কোনো অভিযুক্তক মৃত্যুদণ্ড দিব নোৱাৰে ৷" এই চাৰ্জশ্বীট হিমন্ত বিশ্ব শৰ্মাৰ নখ-দন্তবিহীন এটা বাঘ বুলিও অভিহিত কৰে গগৈয়ে ৷ এই চাৰ্জশ্বীটখনৰ বিৰুদ্ধে সকলোকে মাত মাতিবলৈ আহ্বান জনাই গগৈয়ে ঘটনাস্থলীত গৈ তদন্ত কৰি তথ্য-প্ৰমাণ আনি, ছিংগাপুৰৰ পৰা আদালতৰ জৰিয়তে ডকুমেণ্ট আনি পুনৰ চাৰ্জশ্বীট দাখিল কৰিবলৈ দাবী জনায় ৷

১২০০ নহয় ৩০৫ পৃষ্ঠাৰ হে চাৰ্জশ্বীট !

চাৰ্জশ্বীটখনৰ ৩০৫ পৃষ্ঠাত থকা ফাইনেল ৰিপ'ৰ্টত থকা মূল কথাখিনি সংবাদমেলত সদৰী কৰা হৈছে বুলি উল্লেখ কৰি গগৈয়ে কয়, "যদিও মুখ্যমন্ত্ৰীয়ে কৈছে চাৰ্জশ্বীটখন ১২০০ পৃষ্ঠাৰ কিন্তু ইয়াৰ ফাইনেল ৰিপ'ৰ্ট ৩০৫ পৃষ্ঠাৰ ৷ এই ৩০৫ পৃষ্ঠাৰ ভিতৰত মাত্ৰ ১৩ পৃষ্ঠাতহে (২৯২ পৃঃৰ পৰা ৩০৫ পৃঃলৈকে) মূল অভিযোগকেইটা, সাক্ষ্য-প্ৰমাণকেইটা লিখা হৈছে ৷" পুনৰ মূল অভিযোগকেইটা মুঠ ৬ পৃষ্ঠামানহে হ'ব বুলি মন্তব্য কৰি গগৈয়ে কয়, "অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে এয়া ১২০০ পৃষ্ঠাৰ বুলি কৈ, ইমান চিৰিয়াছ, ডাঙৰ কাম, হাড়ভঙা কাম কৰিলো বুলি কৈছে, গতিকে অসম চৰকাৰ আৰু অসম আৰক্ষীক প্ৰশংসা কৰিবই লাগিব বুলি এটা হাল্লা-হুলস্থূল লগাই দিছে ৷ এইটো দুৰ্ভাগ্যজনক ৷"

আনহাতে 'প্লেচ অৱ অকাৰেঞ্চ'লৈ 'আই অ' আৰু 'চি আই অ' নগ'ল বুলি উল্লেখ কৰি গগৈয়ে কয় যে এয়া তদন্তটোৰ এটা ডাঙৰ আসোঁৱাহ ৷ দুজন বিষয়া এমাহ এদিনৰ পাছত গ'ল আৰু মাত্ৰ তিনিটা তথ্য আনিলে বুলি উল্লেখ কৰি গগৈয়ে কয়, "তেওঁলোকে এটা প্লাষ্টিকৰ আধা লিটাৰ বটলত সাগৰৰ লুণীয়া পানী আনিলে, ঘটনাস্থলীত মেপ বনালে আৰু ভিডিঅ’ ৰেকৰ্ডিং কৰা বুলি কৈছে ৷ তাত সাক্ষ্য ল'ব লাগিছিল, তথ্য-প্ৰমাণ, ডকুমেণ্ট গোটাব লাগিছিল ৷ সেই আটাইবোৰ নকৰিলে, সেয়ে নগৈ গড়গাঁওৰ বাতৰি দিয়া চাৰ্জশ্বীট বুলি কৈছোঁ ৷"

আনহাতে যিবিলাক 'ডকুমেণ্ট' লাগে সেইবোৰ কেৱল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পৰাহে সংগ্ৰহ কৰা হৈছে বুলি উল্লেখ কৰি গগৈয়ে পুনৰ কয়, "অথচ মুখ্যমন্ত্ৰীয়ে কৈ থাকিল যে 'এম্লেটৰ' জৰিয়তে ছিংগাপুৰৰ পৰা সকলোবোৰ তথ্য পাম ৷ কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰমাণপত্ৰ, ক'ভিড থকাৰ প্ৰমাণপত্ৰ পালে ৷" গগৈয়ে কয়, "চাৰ্জশ্বীটখন তৈয়াৰ কৰাৰ ক্ষেত্ৰত ছিংগাপুৰ চৰকাৰৰ পৰা সামান্যতমো সঁহাৰি তেওঁলোকে আদায় কৰিব নোৱাৰিলে ৷ চাৰ্জশ্বীটত ছিংগাপুৰৰ তথ্য-প্ৰমাণ একোৱেই নাই ৷" মাত্ৰ তিনিটা ম'বাইল ছিংগাপুৰৰ পৰা পঠিয়াই দিছে বুলিও উল্লেখ কৰি গগৈয়ে কয়, "তদন্তত যিমান তথ্য-প্ৰমাণ দাখিল কৰা হৈছে কেৱল 'ম'টিভ'ৰ ওপৰত, এয়া আশ্চৰ্যজনক ৷" এইখন দুৰ্বল চাৰ্জশ্বীট বুলি উল্লেখ কৰি অসমৰ ৰাইজক বিবেচনা কৰিবলৈ আহ্বান জনাই গগৈয়ে ৷ তেওঁ কয়, "মই বাৰম্বাৰ কৈ আহিছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক ন্যায় নিদিয়ে । এতিয়া চাৰ্জশ্বীটখন পঢ়ি ১০০ শতাংশ নিশ্চিত হৈছো যে এইখনে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে ৷

লগতে পঢ়ক :মৃত্যুৰ সময়ত ক'ভিডত আক্ৰান্ত আছিল জুবিন গাৰ্গ - এই দাবীৰে এছ আই টিৰ চাৰ্জশ্বীটক প্ৰহসন আখ্যা দিলে অখিল গগৈয়ে