ETV Bharat / state

জুবিন হত্য়াৰ গোচৰৰ শুনানি: সিদ্ধাৰ্থ শৰ্মাৰ হৈ উচ্চতম ন্যায়ালয়ৰ বাঘা উকীলৰ দল, শ্যামকানুৰ উকীল কলকাতাৰ

অভিযুক্তৰ পক্ষত শক্তিশালী অধিবক্তাৰ দলৰ বিপৰীতে চৰকাৰী অধিবক্তা মাত্ৰ এজন ৷ এনেকৈ ন্যায় পাবনে জুবিনে ?

Hearing of Zubeen Garg murder case
শ‍্যামকানু-সিদ্ধাৰ্থ-শেখৰজ‍্যোতিয়ে নিজাববীয়াকৈ নিয়োগ কৰিলে অধিবক্তা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 3, 2026 at 7:43 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: জুবিন গাৰ্গ হত্য়াত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ পিছত এইবাৰ শ‍্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ‍্যোতি গোস্বামীয়ে নিজাববীয়াকৈ নিয়োগ কৰিলে অধিবক্তা ৷ সিদ্ধাৰ্থ শৰ্মাই উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অনিল মিশ্ৰ, অংকিত ধাৱান, মোহিত মিগলানীকে ধৰি বাঘা বাঘা অধিবক্তাক নিয়োগ কৰিছে তেওঁৰ হৈ আইনী যুঁজ চলাবলৈ । আনহাতে শ্যামকানু মহন্তয়ো কলকাতাৰ ৰাজদ্বীপ বেনাৰ্জীক অধিবক্তা নিয়োগ কৰিছে । শেখৰজ্যোতি গোস্বামীৰ অধিবক্তা হৈছে এছ কলিতা ।

জিলা আৰু সত্ৰ ন্য়ায়াধীশৰ আদালতত শুনানি :

বিশেষ আদালতৰ জৰিয়তে শুনানিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান গৰিমা শইকীয়া গাৰ্গৰ (ETV Bharat Assam)

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত শনিবাৰে কামৰূপ মহানগৰ জিলাৰ জিলা আৰু সত্ৰ ন্য়ায়াধীশৰ আদালতত শুনানি অনুষ্ঠিত হয় । এই শুনানিত ভাৰ্চুৱেলী শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গ, দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তক পুনৰ আদালতত হাজিৰ কৰোৱা হয় ।

ভিডিঅ' কনফাৰেন্সৰে গোচৰত অংশগ্ৰহণ :

আনহাতে সিদ্ধাৰ্থ শৰ্মাৰ হৈ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কলকাতাৰ পৰা অধিবক্তা অনিল মিশ্ৰই গোচৰত অংশগ্ৰহণ কৰে । শ্যামকানু মহন্তৰ হৈয়ো অধিবক্তা কলকাতাৰ পৰা আহিছে । ইপিনে, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ হৈয়ো আইন সেৱা প্ৰাধিকাৰীয়ে নিয়োগ কৰা অধিবক্তাই দাখিল কৰিলে জামিন আবেদন । অহা ১৭ জানুৱাৰীত জামিন আবেদনৰ ওপৰত শুনানি হ'ব । অমৃতপ্ৰভাৰ জামিন আবেদনক লৈ অধিবক্তাই আজি আদালতত যুক্তি দর্শাই; কিন্তু চৰকাৰী অধিবক্তাই জামিন গ্ৰাহ্য নকৰিবলৈ পৰৱৰ্তী শুনানিৰ দিনা আদালতত আবেদন জনাব । এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে গুৱাহাটী উকীল সন্থাৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ শৰ্মাই ।

Garima Saikia Garg on Hearing of Zubeen Garg murder case
শুনানিৰ বাবে শনিবাৰে আদালতত গৰিমা শইকীয়া গাৰ্গ (ETV Bharat Assam)

চার্জফ্ৰেমৰ হিয়াৰিং অমৃতপ্ৰভা মহন্তৰ :

গুৱাহাটী উকীল সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "আজি চার্জফ্ৰেমৰ হিয়াৰিং হ'ল অমৃতপ্ৰভা মহন্তৰ । মাত্ৰ এজন চৰকাৰী অধিবক্তা আছিল এই হিয়াৰিং প্ৰক্ৰিয়াত । যাৰ বাবে বহু অসুবিধা হৈছে বিচাৰ প্ৰক্ৰিয়া চলোৱাত । চৰকাৰী অধিবক্তা পৰ্যাপ্ত নোহোৱাৰ বাবে গোচৰটোত অভিযুক্তসকল সাৰি যোৱাৰ সম্ভাৱনা প্ৰকট হৈছে । চৰকাৰে অতি সোনকালে চৰকাৰী অধিবক্তা নিয়োগ কৰিব লাগে । চৰকাৰে এটা ভাল টীম দিয়ক । এজন অধিবক্তা দিলে নহ'ব । ভাল টীম দিয়ক তেতিয়াহে জুবিন গাৰ্গে ন্যায় পাব, নহ'লে কিন্তু আমি কোনেও ন্যায় নাপাম ।" তেওঁ লগতে বিশেষ আদালতৰ জৰিয়তে দৈনিক শুনানিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

গৰিমা শইকীয়া গাৰ্গৰ নিজাকৈ অধিবক্তা নিয়োগ :

ইপিনে গৰিমা শইকীয়া গাৰ্গেও চৰকাৰী অধিবক্তাক সহায় কৰিব পৰাকৈ নিজাকৈ অধিবক্তা নিয়োগ কৰিছে । জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ আইনী প্ৰক্ৰিয়া বিশেষ আদালতৰ জৰিয়তে চলাই নিবলৈ চৰকাৰক অনুৰোধ জনাই গৰিমা শইকীয়া গাৰ্গে । শনিবাৰৰ শুনানিত উপস্থিত থকাৰ পিছত তেওঁ সংবাদ মাধ্যমৰ আগত কয়, "অমৃতপ্ৰভাৰ বাবে আনন্দ ভূঞাই জামিন আবেদন কৰিছে । ১৭ জানুৱাৰীত বেইল অবজেকচনৰ তাৰিখ দিছে । অভিযুক্তই অধিবক্তা নিয়োগ কৰি নিজৰ পক্ষ শক্তিশালী কৰিছে । আমি আইনী প্ৰক্ৰিয়াৰ মাজত থাকি যুঁজখন কৰিব লাগিব । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল লোক অধিবক্তাৰ টীম গঠন কৰিম বুলি । সেয়েহে চৰকাৰক অনুৰোধ জনাইছো অতি শীঘ্ৰে ৰাইজৰ আস্থা, অভিজ্ঞতাসম্পন্ন জ্যেষ্ঠ অধিবক্তাৰ শক্তিশালী দল লাগিব তেতিয়াহে আমাৰ যুঁজখন সবল হ'ব আদালতত ।"

এনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিব...

গৰিমা শইকীয়া গাৰ্গে কয়, "সকলোবোৰ আদালততে আছে । সেইখিনি নহ'লে অভিযুক্তৰ লগত আমাৰ যুঁজখন সবল নহ'ব । ১৫ দিনৰ পিছত শুনানি হ'ব । এনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিব । ১৫ দিন এমাহৰ মূৰে মূৰে অকণমান অকমান আগবাঢ়িলে এই গোচৰটো বহুদিন লাগিব । ৩৯৪ জন সাক্ষী আছে, সকলোকে আনি কৰিবলৈ গ'লে দশক দশক পাৰ হৈ যাব । তেনেকৈ আমি ৰ'ব নোৱাৰো । জুবিন গাৰ্গৰ প্ৰতি সমগ্ৰ অসমৰ ৰাইজৰ লগতে চৰকাৰৰ দায়িত্ব আছে । সেইখিনি আৱেগ আছে আৰু অভিমানো থাকিব লাগিব ।"

জুবিন গাৰ্গে ন্যায় পাবই লাগিব :

"জুবিন গাৰ্গে ন্যায় পাবই লাগিব । বিশেষ আদালতৰ বাবে অনুৰোধ কৰিছো চৰকাৰে যাতে ব্যৱস্থা কৰে য'ত দৈনিক শুনানি হৈ থাকে । গোচৰৰ প্ৰক্ৰিয়া সোনকালে যাতে আগবাঢ়ে । আইনৰ গণ্ডীৰ মাজত থাকি আমি বিচাৰ প্ৰক্ৰিয়াটো শেষ কৰিব লাগিব । আমি ফলাফল পাব লাগিব । অভিযুক্তই কঠোৰতকৈ কোঠৰতম শাস্তি পাব লাগিব ।" এইদৰে মন্তব্য় কৰি গৰিমা শইকীয়া গাৰ্গে লগতে কয়, "আজিৰ শুনানিত অভিযুক্ত সকলৰ অনুশোচনা দেখা নাই । দোষীসকল দোষীয়েই । এই অসুৰকেইটাক মই মানুহ বুলি নকও । অসুৰ কেইটাই, দানৱ কেইটাই শাস্তি পাবই লাগিব । কঠোৰ শাস্তি পাব লাগিব । অসুৰ বধ‌ হ'বই লাগিব ।"

লগতে পঢ়ক:১২০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট, এগৰাকী চৰকাৰী উকীল, দিয়া নাই লেপটপ

জুবিন গাৰ্গৰ সপোনৰ ঘৰ খাৰঘূলিৰ বাসগৃহ ন্যাসৰ নামত আগবঢ়াই দিয়া হ'ব: গৰিমা শইকীয়া গাৰ্গ