ন্যায় প্ৰদানৰ পৰিৱৰ্তে বিজেপি-মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ চৰিত্ৰহননত নামিছে : গৌৰৱ গগৈ
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰত ছিংগাপুৰ আদালতৰ ৰায়ৰ পিছতে অসম চৰকাৰক কটাক্ষ গৌৰৱ গগৈৰ ।

Published : March 26, 2026 at 12:09 PM IST
গুৱাহাটী : ছিংগাপুৰৰ আদালতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ বুধবাৰে দিয়া ৰায় সন্দৰ্ভত তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে । সাংসদ গৌৰৱ গগৈয়ে বুধবাৰে গুৱাহাটীৰ খানাপাৰাৰ হেলিপেডত এখন সংবাদমেল সম্বোধন কৰে ৷
সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈয়ে কয়, "১৯ ছেপ্টেম্বৰৰ পিছত ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰে বিশেষ এক আইনী চুক্তি স্বাক্ষৰ কৰিছিল । জুবিন গাৰ্গৰ মৃত্যু কেনেদৰে হ'ল সেয়া জানিবলৈ বিশেষ আইনী চুক্তি কাৰ্যকৰী কৰা হ'ল যাতে দুয়োখন চৰকাৰৰ মাজত সন্তুলন সৃষ্টি হয় ৷ তদন্তৰ ক্ষেত্ৰত দুয়োখন চৰকাৰৰ মাজত তথ্যৰ আদান-প্ৰদান কৰা হ'ব ৷ পিছত হিমন্ত বিশ্ব শৰ্মাই যি এছ আই টি গঠন কৰিলে সেই এছ আই টি ছিংগাপুৰলৈ গ'ল । আমি আশা কৰিছিলোঁ ছিংগাপুৰ আৰক্ষী, গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনা হ'ব আৰু তথ্যৰ আদান-প্ৰদান কৰা হ'ব ৷ বিধানসভাৰ মজিয়াত জুবিন গাৰ্গৰ মৃত্যুক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কথা আমি শুনিছোঁ । মুখ্যমন্ত্ৰীয়ে বিধানসভাত ক'লে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে । একে সময়তে ছিংগাপুৰত গোচৰ চলি আছিল আৰু শুনানি আৰম্ভ হয় । অৱশেষত ছিংগাপুৰৰ তদন্তত তাৰ বিষয়াসকলে ক'লে যে জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হৈছে । আজি ছিংগাপুৰৰ বিষয়াৰ কথাৰেই ছিংগাপুৰ আদালতে ৰায় দিলে । আমাৰ মনত বহু প্ৰশ্নৰ উদয় হৈছে । যিবোৰৰ উত্তৰ আমি পাব লাগিছিল । কিন্তু আজিৰে পৰা তেনে প্ৰশ্নবোৰ আৰু বাঢ়িলে ।"
গৌৰৱ গগৈয়ে লগতে কয়, "দুয়োখন চৰকাৰৰ মাজত আলোচনা চলিল । অসমৰ এছ আই টি তালৈ গ'ল । দুয়ো দেশৰ মাজত নিশ্চয়কৈ তথ্যৰ আদান-প্ৰদান হৈছে । তাৰ পিছতো ছিংগাপুৰ চৰকাৰে এটা কথা কয়, অসম চৰকাৰে বিধানসভাত আন এটা কথা কয় । আজিৰ ছিংগাপুৰৰ আদালতৰ যি ৰায়, সেই ৰায়ে জুবিন গাৰ্গ হত্যাৰ মুখ্য অভিযুক্তসকলক সহায় কৰিব ৷ য'ত হোটেলত থাকিলে, য'ত মৃত্যু হ'ল, তাত তদন্ত হ'ল । বিদেশ মন্ত্ৰালয়ে আলোচনা কৰিলে । তাৰ পিছতো চৰকাৰৰ প্ৰতিনিধি আৰু ছিংগাপুৰৰ আদালতে এনে এটা ৰায় দিলে যে যি ৰায়ক আমি মানি লোৱাতো জটিল হৈছে ৷"
গৌৰৱ গগৈয়ে কয়, "মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আইনীভাৱে সহায় কৰা হ'ল । ছিংগাপুৰৰ ৰায়ে দুয়ো অভিযুক্তক সকাহ প্ৰদান কৰিলে । জুবিন গাৰ্গৰ ন্যায় আজি ক'লৈ গ'ল, দুয়োখন চৰকাৰৰ মাজৰ সন্তুলনৰ কি হ'ল ? অসমৰ ৰাইজ আজি বিভ্ৰান্তিত আছে । মুখ্যমন্ত্ৰীয়ে মোৰ সম্পৰ্কত বহুত কথা কৈ থাকে । আজিও মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দল সম্পৰ্কত বহুত কথা কৈছে । হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল যে যদি বিধানসভা নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে তেন্তে অসমৰ ৰাইজে বিজেপিক ভোট দিব নালাগে । হিমন্ত বিশ্ব শৰ্মাৰ এই কথা আজি মনত আছে নে নাই ?"
গৌৰৱ গগৈয়ে লগতে কয়, "জুবিন গাৰ্গ হত্যাকাণ্ডৰ তদন্তক মানুহে বিশ্বাস কৰিব টান পাইছে । মানুহে দেখি আছে আৰু ভাবিছে এয়া কি হৈ আছে । জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাতকৈ বিজেপিয়ে আজি জুবিন গাৰ্গৰ চৰিত্ৰহননত লাগিছে । মুখ্যমন্ত্ৰীয়ে জুবিনদাৰ ক্ষেত্ৰত এটাও কথা ক'ব নোখোজে । সমাধি ক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত, চৰিত্ৰহননৰ ক্ষেত্ৰত একো কথা নকয় । আমি ভবা নাছিলোঁ যে জুবিনদাৰ মৃত্যুৰ ক্ষেত্ৰত এনে এটা ৰায় আহিব । আমাৰ দৰেই বহুতৰে এনে ৰায়ক বিশ্বাস কৰিবলৈ টান হৈছে ।"
লগতে পঢ়ক :
ছিংগাপুৰ আদালতৰ ৰায়ৰ পিছতে নিশা জুবিনক্ষেত্ৰত গৰিমাসহ একাংশ শিল্পী
জুবিনক হত্য়া কৰা হোৱা নাছিল, পানীত পৰিহে মৃত্যু : ছিংগাপুৰ আদালতৰ চূড়ান্ত ৰায়

