ETV Bharat / state

ছিংগাপুৰ আদালতৰ ৰায়ৰ পিছতে নিশা জুবিনক্ষেত্ৰত গৰিমাসহ একাংশ শিল্পী

নিশা মৰমৰ গ'ল্ডিৰ ওচৰত পত্নী গৰিমা শইকীয়া গাৰ্গ । সংগ দিলে কেইবাগৰাকী অভিনেতা-অভিনেত্ৰীয়ে ।

Zubeen Kshetra
ছিংগাপুৰৰ আদালতৰ ৰায়ৰ পিছকে নিশা জুবিনক্ষেত্ৰত গৰিমাসহ একাংশ শিল্পী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 9:37 AM IST

4 Min Read
Choose ETV Bharat

সোণাপুৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সম্পৰ্কে ছিংগাপুৰ আদালতে চূড়ান্ত ৰায় প্ৰদান কৰা দিনটোতে সোণাপুৰৰ জুবিনক্ষেত্ৰত আৱেগিক পৰিৱেশ । নিশা চিপ চিপ বৰষুণ আৰু নিস্তব্ধতাৰ মাজতে গ'ল্ডিৰ কাষত পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত হ'ল । প্ৰিয়জনৰ স্মৃতিত ধূপ-বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁ আৱেগিক হৈ পৰে । আচলতে আপোন মানুহজনক মনৰ কথা ক'বলৈ প্ৰায়ে জুবিনক্ষেত্ৰলৈ আহে গৰিমা শইকীয়া গাৰ্গ ।

তেওঁৰ উপস্থিতিয়ে যেন সকলোৰে চকু পুনৰ এবাৰ সেমেকাই তোলে । বুধবাৰে নিশা উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে জুবিনক্ষেত্ৰত কিছু সময় কটায় । পৰৱৰ্তী সময়ত ছিংগাপুৰ আদালতৰ ৰায় সম্পৰ্কত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

ছিংগাপুৰৰ আদালতৰ ৰায়ৰ পিছকে নিশা জুবিনক্ষেত্ৰত গৰিমাসহ একাংশ শিল্পী (ETV Bharat)

তেওঁ কয়, "ছিংগাপুৰৰ কৰ'নাৰ্ছ আদালতে তেওঁলোকৰ নিজা তদন্তৰ ভিত্তিত এটা মত দিছে, যিটো তেওঁলোকে পূৰ্বেও দোহাৰি আহিছে । ছিংগাপুৰৰ এই ৰায়দানে অসমত চলি থকা ন্যায় প্ৰক্ৰিয়াত কোনো বিশেষ প্ৰভাৱ পেলাব নোৱাৰে । আমাৰ ইয়াত বিচাৰ কাৰ্য সম্পূৰ্ণ সুকীয়া ধৰণে চলি আছে । এই বিষয়ত ইতিমধ্যে এক বিশেষ আদালত গঠন কৰি দিয়া হৈছে । ইয়াৰ ফলত বিচাৰ প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰতৰ হ'ব বুলি আশাবাদী ।" তেওঁ লগতে কয়, "দোষী কোন সেয়া ইতিমধ্যে স্পষ্ট হৈছে, এতিয়া কেৱল আদালতত সেয়া প্ৰতিষ্ঠা হোৱাটোহে বাকী । দোষীক কঠোৰ শাস্তি দিব লাগে ।"

Zubeen Kshetra
জুবিনক্ষেত্ৰত নিশা গৰিমা শইকীয়া গাৰ্গ (ETV Bharat)

ইফালে পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে কেইবাগৰাকী অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীয়ে ঈশ্বৰ পুত্ৰক সেৱা জনায় । জুবিনক্ষেত্ৰত নতুন প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা নিৰুপম শইকীয়া, যশস্বী ভূঞা আৰু ধ্যানী মহন উপস্থিত থাকে ।

Zubeen Kshetra
সোণাপুৰৰ জুবিনক্ষেত্ৰ (ETV Bharat)

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰতিগৰাকী শিল্পীয়েই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সেই ৰহস্যৰ ফাদিল হোৱাৰ দাবী জনায় ।

Zubeen Kshetra
মৰমৰ গ'ল্ডিক মনৰ কথা ক'বলৈ জুবিনক্ষেত্ৰত গৰিমা (ETV Bharat)

'আমাক কেৱল উত্তৰ লাগে' - নিৰুপম শইকীয়া

অভিনেতা নিৰুপম শইকীয়াই তেওঁৰ মনৰ গভীৰ বেদনা প্ৰকাশ কৰি কয়, "বহু কথা ব্যাখ্যা কৰিব নোৱাৰিম । ছিংগাপুৰৰ ৰায়দানৰ ওপৰত আমি বেছি একো ক'ব নোৱাৰোঁ । কিন্তু জুবিনদা আমাৰ বাবে কি আছিল সেয়াহে বেছি দৰকাৰী । তেওঁ অসমবাসীক যি সৃষ্টি দি গৈছে, সেয়া কেতিয়াও হেৰাই নাযায় ।"

Zubeen Kshetra
নিশা জুবিনক্ষেত্ৰত কেইবাগৰাকী অভিনেতা-অভিনেত্ৰী (ETV Bharat)

তেওঁ লগতে কয়, "আজি আচলতে বহু বস্তু বুজি নোপোৱা হৈছোঁ । বহু প্ৰশ্ন আছে যাৰ উত্তৰ মই নহয়, সমগ্ৰ অসমবাসীয়ে বিচাৰি আছে । আচলতে সেইদিনা তেওঁৰ লগত কি হৈছিল ? শেষ মুহূৰ্তত কি ঘটিছিল ? সেইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ । ছিংগাপুৰে যি ৰিপ'ৰ্ট দিছে সেয়া বেলেগ কথা, কিন্তু প্ৰকৃত সত্যটো এতিয়াও আমাৰ বাবে অস্পষ্ট । আমি অসহায় হৈ পৰিছোঁ ।"

"ন্যায়ৰ বাবে আগ্ৰহেৰে ৰৈ আছোঁ" - যশস্বী ভূঞা

অভিনেত্ৰী যশস্বী ভূঞাই জুবিনক্ষেত্ৰত উপস্থিত হৈ কয়, "ইয়াৰ পৰিৱেশত এতিয়াও জুবিনদাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি । আমি সকলোৱে ৰৈ আছোঁ তেওঁ যেন সোনকালে ন্যায় পায় । বিশেষকৈ বৌ (গৰিমা শইকীয়া গাৰ্গ) মানসিকভাৱে বহুত ভাঙি পৰিছে । আমি তেওঁক আগৰ দৰে শক্তিশালী ৰূপত চাব বিচাৰোঁ ।"

Zubeen Kshetra
জুবিনক্ষেত্ৰত মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি বিভিন্নজনৰ (ETV Bharat)

১৯ ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোৰ কথা সুঁৱৰি তেওঁ কয়, "মানুহজনক আমি হেৰুৱাই পেলালোঁ, কিন্তু আমাৰ এতিয়াও জানিবলৈ মন যায় সেইদিনা প্ৰকৃততে কি হৈছিল ? জীৱনটো যেন সেইদিনাই ৰৈ গৈছিল । আমি কেৱল সঁচাখিনি জানিব বিচাৰোঁ ।"

"সত্য কেতিয়াও ঢাকি ৰাখিব নোৱাৰি" - ধ্যানী মহন

অভিনেত্ৰী ধ্যানী মহনেও ন্যায়িক ব্যৱস্থাৰ ওপৰত বিশ্বাস প্ৰকট কৰি কয়, "খুব দুখ লাগি আছে যদিও আমাৰ বিশ্বাস আছে যে সত্য এদিন ওলাব । সত্য কেতিয়াও ঢাকি ৰাখিব নোৱাৰি । আমি আশাবাদী আৰু আমি ন্যায়ৰ বাবে যুঁজি যাম । আমি সকলোৱে সদায় গৰিমাবাৰ লগত আছোঁ আৰু থাকিম ।"

লগতে পঢ়ক :

নিশাৰ পৰাই জুবিন গাৰ্গক চক্ৰান্তমূলকভাৱে মদ খুৱাইছিল অমৃতপ্ৰভা মহন্তই : মুখ্যমন্ত্ৰী

জুবিনক হত্য়া কৰা হোৱা নাছিল, পানীত পৰিহে মৃত্যু : ছিংগাপুৰ আদালতৰ চূড়ান্ত ৰায়