ETV Bharat / state

জুবিনৰ মৃত্যু তদন্ত: ২০ অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT, নেতৃত্ব দিব মুন্না প্ৰসাদ গুপ্তাই

জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ ন্যায় বিচাৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদৰ লগতে বাক্সাৰ উত্তপ্ত পৰিস্থিতিৰ পিছতে এক আশাব্যঞ্জক খবৰ আহিছে ।

SIT will go to Singapore for Zubeen Death Investigation
জুবিন গাৰ্গ (Zubeen Garg's FB page)
author img

By ETV Bharat Assamese Team

Published : October 16, 2025 at 4:42 PM IST

|

Updated : October 16, 2025 at 5:03 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ প্ৰতিনিধি ছিংগাপুৰলৈ যাব ৷ জুবিন মৃত্যুৰ তদন্তৰ তথ্য বিচাৰি SIT ৰ তদন্তকাৰী বিষয়াই বৈঠকত মিলিত হ’ব ছিংগাপুৰ আৰক্ষীৰ সৈতে ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা ৰাজহুৱা কৰে ৷

মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰা অনুসৰি, জুবিন মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SITৰ দল ৷ ২০ অক্টোবৰত তদন্তকাৰী দলটো যাব ছিংগাপুৰলৈ বুলি অসমৰ পৰা ৰাওনা হ’ব ৷ SIT ৰ মুৰব্বী ADGP মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যাব দলটো ।
অসম আৰক্ষীৰ দলটোৱে ২১ অক্টোৰৰ দিনা ছিংগাপুৰ আৰক্ষীক লগ ধৰি বৈঠকত মিলিত হ’ব ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত কয় -

“আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ন্যায়ৰ দিশে আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছো ৷ অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষী কৰ্তৃপক্ষই অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান আৰু বিশেষ তদন্তকাৰী গোটৰ (SIT) মুৰব্বী বিষয়া শ্ৰীমুন্না গুপ্তাৰ নেতৃত্বত অসমৰ আৰক্ষী দলৰ সৈতে সাক্ষাতত মিলিত হ'ব । সেই উদ্দেশ্যে ২০ অক্টোবৰৰ দিনা দলটো ছিংগাপুৰলৈ ৰাওনা হ’ব ৷

আমাৰ ঐক্যবদ্ধ সংকল্প — জুবিনৰ ন্যায়ে নিশ্চয়েই মৰ্যাদা পাব ।”

উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাস্থলী, ছিংগাপুৰলৈ নোযোৱাকৈ অসম আৰক্ষীয়ে কিদৰে ন্যায় দিব বুলি জুবিন অনুৰাগী আৰু বিৰোধীয়ে ৰাজ্যজুৰি কঠোৰ সমালোচনা কৰি আহিছিল অসম আৰক্ষী আৰু অসম চৰকাৰক । লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰা দেখা গৈছিল ।

ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বাক্সাত আৰক্ষীৰ লাঠীচালনা আৰু জুবিন গাৰ্গৰ হিংসাত্মককাণ্ড ঘটাৰ সময়তে নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নতুন দিল্লীস্থিত ছিংগাপুৰৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্তক সাক্ষাৎ কৰি বৈঠকত মিলিত আছিল । তাৰ পিছতেই আজি (বৃহস্পতিবাৰ) অসমৰ গৃহ দপ্তৰৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ SIT ৰ দল ছিংগাপুৰত গৈ 21 অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰে বৈঠকত মিলিত হ’ব, সেই কথা সদৰী কৰে ৷

জুবিন গাৰ্গৰ মৃত্যুৰ সম্পূৰ্ণ এমাহ দুদিনৰ পিছতে আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়মৰ বাধ্যবাধকতাৰ পিছত ছিংগাপুৰত অসম আৰক্ষীৰ তদন্তকাৰী দল উপস্থিত হ’ব ৷ ছিংগাপুৰলৈ গৈ অসম আৰক্ষীয়ে ছিংগাপুৰ আৰক্ষীৰ পৰা কি তথ্য লাভ কৰে বা নিজে অসম আৰক্ষী ছিংগাপুৰলৈ যোৱাৰ পিছত ঘটনাস্থলীলৈ যাব পাৰিবনে নোৱাৰে ? নিজে তাত তদন্ত কৰিব পাৰিবনে নাই ? অসম আৰক্ষীক বৰ্তমানলৈ সহযোগিতা নকৰা অসমৰ নলবাৰীৰ সন্তান বৰ্তমান ছিংগাপুৰৰ নাগৰিক, জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়টত ৱাজেদ আহমেদক সোধা-পোছা কৰিব পাৰিবনে নোৱাৰে ? সেয়াহে হ’ব লক্ষণীয় ।

লগতে পঢ়ক : জুবিনৰ মৃত্যুৰ আবেগক ৰাজনীতিলৈকে ৰূপান্তৰ কৰিব নালাগে: মুখ্যমন্ত্রী

লগতে পঢ়ক : শিলাবৰ্ষণত ২৫ জন আৰক্ষী লোক আৰু ১২ জন সাধাৰণ নাগৰিক আহত; প্ৰায় ১১ জনক আটক

Last Updated : October 16, 2025 at 5:03 PM IST