ETV Bharat / state

২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজক, নহ'লে মানহানিৰ গোচৰ তৰিম: মৰ্মিতাৰ বিৰুদ্ধে হুংকাৰ জুবিন অনুৰাগীৰ

২৪ ঘণ্টাৰ ভিতৰত মৰ্মিতা মিত্ৰই ক্ষমা নুখুজিলে মানহানিৰ গোচৰৰ তৰাৰ হুংকাৰ সদৌ অসম জুবিন অনুৰাগী মঞ্চৰ ।

Zubeen Garg
২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজক, নহ'লে মানহানিৰ গোচৰ তৰিম: মৰ্মিতাৰ বিৰুদ্ধে হুংকাৰ জুবিন অনুৰাগীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 17, 2026 at 7:23 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : পশ্চিমবংগৰ পৰা আহি জুবিন গাৰ্গৰ গীত গাই অসমত জনপ্ৰিয় হোৱা কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতসমূহ বিকৃতভাৱে পৰিৱেশন কৰাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ বিৰুদ্ধে ইতিমধ্যে সামাজিক মাধ্যমত বহুতে মন্তব্য আগবঢ়োৱাও পৰিলক্ষিত হৈছে ।

ইফালে প্ৰাণৰ শিল্পীৰ গীত বিকৃত কৰা মৰ্মিতা মিত্ৰই ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা নুখুজিলে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ দিছে সদৌ অসম জুবিন অনুৰাগী মঞ্চই । এক সংবাদমেলযোগে সদৌ অসম জুবিন অনুৰাগী মঞ্চৰ তৰফৰ পৰা সংগীত শিল্পী অজয় ফুকনে এই কথা জনায় ।

২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজক, নহ'লে মানহানিৰ গোচৰ তৰিম: মৰ্মিতাৰ বিৰুদ্ধে হুংকাৰ জুবিন অনুৰাগীৰ (ETV Bharat Assam)

শুকুৰবাৰে সংবাদমমেলযোগে অজয় ফুকনে কয়, "আমি সমগ্র অসমে শোকত ম্ৰিয়মাণ হৈ আছোঁ । আমি আমাৰ জাতিৰ সম্পদ জুবিন গাৰ্গক হেৰুৱাই বেদনাত আছোঁ । এইবাৰ যেন বিহুত সকলো উকা-উৰুঙা লাগিছে । ৰাজ্যৰ বিভিন্ন ঠাইত আয়োজক সমিতিয়ে বিহু অনুষ্ঠিত কৰিছে । সেইটোত জুবিনদা নাই বুলি কেতিয়াও বিহু পাতিব নালাগে বুলি আমি বাধা দিয়া নাই । সকলোৱে এইবাৰ বেলেগ বেলেগ ধৰণে বিহু উদযাপন কৰিছে । কিন্তু আমি শেহতীয়াকৈ দেখিছোঁ অসমৰ বাহিৰৰ একাংশ শিল্পীয়ে জুবিনদাৰ অমৰ সৃষ্টিক বিকৃত কৰিছে । তাক আমি তীব্ৰ গৰিহণা দিছোঁ ।"

জুবিন গাৰ্গৰ গীতক বিকৃত কৰাক লৈ সকীয়নি প্ৰদান কৰি অজয় ফুকনে কয়, "আমি সকীয়াই দিছোঁ, যিগৰাকী কণ্ঠশিল্পী বিশেষকৈ বেছি চর্চাত আছে, অসমলৈ আহি জুবিন গাৰ্গৰ নামত ব্যৱসায় কৰি, জুবিন গাৰ্গৰ নামত চকুপানী টুকি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছে । লগতে আহ্বায়ক কমিটীসমূহেও হয়তো জুবিন গাৰ্গৰ শ্ৰাদ্ধ পাতিবলৈ এনে শিল্পীক মাতি আনি তেওঁলোকে আমোদ লৈছে ।"

তেওঁ লগতে কয়, "এনেধৰণৰ কণ্ঠশিল্পীক মতা কোনো অনুষ্ঠানলৈ আমি নাযাওঁ । যি অনুষ্ঠানত জুবিন গাৰ্গক অপমান কৰা হ'ব, সেই অনুষ্ঠানলৈ আমি জুবিন অনুৰাগী কেতিয়াও নাযাওঁ । আমি সম্পূৰ্ণ বয়কট কৰিছোঁ । বংগকন্যাক মতা অনুষ্ঠানত আমি একাংশ শিল্পীয়ে অংশগ্ৰহণ নকৰোঁ, এয়া স্পষ্ট কথা । শীঘ্ৰে বংগৰ শিল্পীগৰাকীয়ে অসমবাসীৰ ওচৰত ক্ষমা নুখুজিলে ২৪ ঘণ্টাৰ ভিতৰত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিম ।"

আনহাতে, জুবিন গাৰ্গৰ সৃষ্টিক বিকৃত কৰাসকলক সকীয়নি প্ৰদান কৰি তেওঁ কয়, "জুবিন গাৰ্গৰ সৃষ্টিক বিকৃত কৰা কাকো ৰেহাই নিদিওঁ । তেওঁ জুবিনদাক লৈ বেপাৰ নকৰোঁ, এনেকুৱা ধৰণৰ নাটক নকৰোঁ বুলি লিখিতভাৱে প্ৰতিশ্ৰুতি দিব লাগিব । ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা নুখুজিলে সেইগৰাকী কণ্ঠশিল্পীৰ ওপৰত মানহানিৰ গোচৰৰ উপৰি জুবিন গাৰ্গৰ লগতে যে অসমৰ সৃষ্টিসমূহক অপমান কৰিছে তাৰ বাবেও আমি এজাহাৰ দাখিল কৰিম ।"

ইফালে এই সন্দৰ্ভত অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে কয়, "মৰ্মিতা মিত্ৰ নামৰ বংগৰ শিল্পীগৰাকীয়ে কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো এবাৰো মঞ্চত উত্থাপন নকৰিলে । তেওঁৰ নিজৰ এটাও গীত নাই । কেৱল জুবিনদাৰ গানৰ নামত বেপাৰ কৰিছে । জুবলিৰ অনুষ্ঠানত যিধৰণৰ পৰিৱেশ সৃষ্টি হ'ল সেই পৰিৱেশত বংগৰ এইগৰাকী শিল্পীয়ে উচটনি দিয়া যেন লাগিল ।"

উল্লেখ্য যে এই বিতৰ্কৰ মাজতে শুকুৰবাৰে পুৱাৰ ভাগত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে এক ফেচবুক পোষ্টযোগে কণ্ঠশিল্পীগৰাকীক জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধকৈ পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছিল ।

আনহাতে, পামী বৰঠাকুৰৰ পোষ্টৰ প্ৰতি সঁহাৰি জনাই গৰিমা গাৰ্গেও এক পোষ্টযোগে উল্লেখ কৰে, "ভণ্টিয়ে কোৱা কথাখিনি আমাৰ সকলোৰে মনৰ কথা ... জুবিনৰ সৃষ্টিৰাজি, কৰ্মৰাজিৰ চৰ্চা, প্ৰচাৰ, প্ৰসাৰ যিমান হ'ব, সিমানেই তেওঁ প্ৰাণৰ পৰা প্ৰাণলৈ... প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চিৰ প্ৰৱহমান হৈ থাকিব । আমাৰো ইচ্ছা, প্ৰাৰ্থনা আৰু কামনা সেয়া... কিন্তু সকলো সঠিকভাৱে নহ'লে, আটাইতকৈ ডাঙৰ অন্যায় হ'ব । কেৱল এজন শিল্পীৰ প্ৰতিয়েই নহয়, এটা জাতিৰ সংস্কৃতিৰ প্ৰতি থকা তেওঁৰ একান্ত আন্তৰিকতা, ভক্তি আৰু তেওঁৰ সাধনাৰ... লগতে আমাৰ সকলোৰে দায়বদ্ধতাৰো ।"

তেওঁ লগতে লিখিছে, "জুবিনৰ প্ৰতি অপৰিসীম মৰম, ভালপোৱা আৰু শ্ৰদ্ধাৰে তেওঁৰ গীত, সংগীতৰ পৰিবেশন কৰোঁতে অনুগ্ৰহ কৰি নিজৰ দায়িত্বখিনিৰ প্ৰতিও সকলো সজাগ হ'ব বুলি আশা ৰাখিলোঁ । এয়া আমাৰ পৰিয়ালৰ তৰফৰ পৰা বিচৰা কথাখিনি কৈছোঁ... কিন্তু জুবিনৰ সৃষ্টি আৰু আমাৰ সংস্কৃতি, গীত-মাতৰ ৰক্ষণ-সংৰক্ষণৰ দ্বায়িত্ব বুজি সকলোৱে কৰিব পৰাখিনি ক'ব বা কৰিব বুলিও আশা কৰিছোঁ । আজি যিহেতু আদালতৰ দিন ধাৰ্য কৰা আছিল, বহুতৰে মেছেজ পাই আছোঁ বাবে আদালতৰ ভিতৰৰ পৰাই এই কথাখিনি সামাজিক মাধ্যমৰ যোগেদি এনেদৰেই প্ৰকাশ কৰিছোঁ । কিবা ভুল হ'লে ক্ষমা কৰিব ।"

লগতে পঢ়ক :মৰ্মিতা মিত্ৰলৈ জুবিন ভগ্নীৰ অনুৰোধ
লগতে পঢ়ক :সোণাপুৰৰ জুবিন সমাধিক্ষেত্ৰত ঢুলীয়া-বিহুৱতীয়ে দিলে বিহুৰ পৰশ, জুবিন গাৰ্গলৈ শ্ৰদ্ধা