চাপৰিৰ ৯০ বিঘা ভূমিত মাকৈ খেতিৰে আত্মনিৰ্ভৰশীলতাৰ চেষ্টা মাজুলীৰ এদল যুৱকৰ
মাকৈ খেতিৰ জৰিয়তে অসমৰ কৃষি বজাৰখনক চহকী কৰাৰ সপোন দেখিছে মাজুলীৰ একাংশ উদ্যমী যুৱকে ।

Published : June 10, 2026 at 2:58 PM IST
মাজুলী : মাজুলীৰ চৰ চাপৰিত আজিৰ তাৰিখত বহু হাজাৰ বিঘা ভূমি চন পৰি আছে । সেই চন পৰা মাটিতে কৃষিকৰ্ম কৰি মাজুলীৰ একাংশ উদ্যমী যুৱকে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে ৷ বিগত ৪০-৪৫ বছৰে চন পৰি থকা অনুৰ্বৰ ভূমিত এতিয়া এক নতুন কৃষি বিপ্লৱৰ সূচনা কৰিছে মাজুলীৰ কেইজনমান উদ্যোমী যুৱকে ৷ মাকৈ খেতিৰ জৰিয়তে কেৱল মাজুলীৰে নহয়, সমগ্ৰ অসমৰ কৃষি বজাৰখনক চহকী কৰাৰ সপোন দেখিছে উদ্যমী যুৱকে ।
পূৰ্ব কোনো অভিজ্ঞতা নাছিল যদিও গুৱাহাটীৰ একাংশ বন্ধুৰ দিহা-পৰামৰ্শ আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশেষ সহযোগত উদ্যমী যুৱকসকলে আগবাঢ়ি আহে ৷ লগতে মাজুলীৰ প্রাক্তন জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু কৃষি বিভাগৰ এডিঅ’ ৰাজা ফুকনৰ প্ৰত্যক্ষ সহযোগিতাত অঞ্চলটোৰ ২১ গৰাকী নিবনুৱা যুৱক লগ হৈ গঠন কৰে ‘সঞ্জীৱনী কৃষক গোট’। কৃষি বিভাগে তেওঁলোকক সময়মতে বীজ আৰু সাৰ যোগান ধৰি এই যাত্ৰাত সম্পূৰ্ণ সহায় কৰে ।
যুৱকসকলে প্ৰথম অৱস্থাত ১২০ বিঘা মাটিত মাকৈ খেতি কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও কাৰিকৰী অসুবিধাৰ বাবে ৯০ বিঘা ভূমিত মাকৈ খেতি কৰিবলৈ হৈছিল যুৱকসকলে । বৰ্তমান মাকৈ খেতি চপোৱা হৈছে ৷ প্ৰথমবাৰতে লাভ কৰা সফলতাৰ পাছতে তেওঁলোকক ইমানেই উৎসাহিত কৰিছে যে আগন্তুক দিনত ২০০০ বিঘা মাটিত মাকৈ খেতি কৰাৰ লক্ষ্য স্থিৰ কৰিছে ‘সঞ্জীৱনী কৃষক গোটে’ ।
সঞ্জীৱনী কৃষক গোটৰ এগৰাকী সদস্যই কয়,"বহিঃৰাজ্যলৈল কামৰ বাবে কিয় যাব লাগে ৷ ঘৰতে আছে সোণ, মাত্ৰ বিচাৰিব জানিব লাগিব ৷ কৃষি আৰম্ভ কৰাৰ পূৰ্বে কেতিয়াও ভাৱি নালাগে নোৱাৰিম বুলি ৷ আৰ্থিক অসুবিধা বুলি কৈ কৃষিকৰ্মৰ পৰা পিছ পৰি থাকিব নালাগে ৷ মাজুলীত হাজাৰ হাজাৰ বিঘা ভূমি চন পৰি আছে ৷ সেই ভূমিত যদি আমি কৃষি কৰিব পাৰো তেতিয়া আমি বজাৰো দখল কৰিব পাৰিম ৷ বজাৰত দাম কম এই ধৰণৰ নেতিবাচক চিন্তা মনলৈ নানিব ৷"
আনহাতে, মাকৈ খেতিৰ পৰা কেৱল মাকৈ গুটিয়েই নহয়, বৰঞ্চ মাকৈৰ আটা, মাছ আৰু পশুধনৰ খাদ্য আদি বিভিন্ন উপজাত সামগ্ৰী উৎপাদন কৰিব পৰা যায় । আনকি মাকৈৰ গছজোপাও গৰু-গাহৰিৰ খাদ্য হিচাপে ব্যৱহাৰ হয়, যাৰ বাবে এই খেতি সম্পূৰ্ণ লাভজনক বুলি কয় এই খেতিৰ লগত জৰিত এজন যুৱকে ৷ লগতে প্ৰতিকূল বতৰৰ বাবে মাকৈসমূহ শুকুৱাবলৈ মাজুলীত এটা ‘ড্ৰায়াৰ’ আৰু উৎপাদিত ফচল সংৰক্ষণৰ বাবে এটা বৈজ্ঞানীক পদ্ধতিৰে সংৰক্ষণৰ ব্যৱস্থা কৰি দিবৰ বাবে তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে ।

