ETV Bharat / state

একেলগে ১৪ হাজাৰ মুৰ্গী পালন কৰিব পৰা এখন শীত-তাপ নিয়ন্ত্ৰিত ফাৰ্ম

জাৰ্মান প্ৰযুক্তিৰে অত্যাধুনিক ব্ৰয়লাৰ ফাৰ্ম মুকলি তিতাবৰত ।

German-tech temperature controlled broiler farm in titabor
তিতাবৰত জাৰ্মান প্ৰযুক্তিৰে অত্যাধুনিক ব্ৰয়লাৰ ফাৰ্ম মুকলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 24, 2025 at 5:50 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : জীৱন-জীৱিকাৰ পথ বিচাৰি যি সময়ত অসমৰ যুৱক বহিঃৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে ঘৰৰ ল'ৰাই ঘৰতে থাকি দেখুৱাইছে স্বাৱলম্বিতাৰ পথ । কেইজনমান যুৱকে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে জাৰ্মান প্ৰযুক্তি ব্যৱহাৰ কৰি সাজু কৰিলে অত্যাধুনিক ব্ৰয়লাৰ ফাৰ্ম ।

তিতাবৰত নিৰ্মাণ কৰা হৈছে উজনি অসমৰ প্ৰথমখন শীত-তাপ নিয়ন্ত্ৰিত অত্যাধুনিক ব্ৰয়লাৰ ফাৰ্ম । যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বেকাজানত কৰ্মোদ্যমী যুৱক পৰমেশ্বৰ সোণোৱাল আৰু চাৰিজন বন্ধুৱে মিলি স্থাপন কৰিছে শীত-তাপ নিয়ন্ত্ৰিত এই ব্ৰয়লাৰ ফাৰ্মখন । 'শাশ্বত' নামেৰে নামকৰণ কৰা অত্যাধুনিক ফাৰ্মখন উদ্বোধন কৰে ঠেঙাল স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীয়ে ।

তিতাবৰত জাৰ্মান প্ৰযুক্তিৰে অত্যাধুনিক ব্ৰয়লাৰ ফাৰ্ম মুকলি (ETV Bharat Assam)

অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা ফাৰ্মখনত একেলগে ১৪ হাজাৰ মুৰ্গী পালন কৰিব পৰাৰ লগতে স্বয়ংক্ৰিয়ভাৱে খাদ্য, পানী দিয়াৰ ব্যৱস্থা আছে । উক্ত ফাৰ্মখনত পোনপটীয়া আৰু পৰোক্ষভাৱে কেইবাজনো লোকে সংস্থাপন লাভ কৰিব বুলি উল্লেখ কৰিছে পৰমেশ্বৰ সোণোৱাল নামৰ যুৱকজনে । উক্ত ফাৰ্মখন উদ্বোধন কৰি ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী কুমুদ কছাৰীয়ে কয়,"এই ফাৰ্মখন অত্যাধুনিক ৰূপত তৈয়াৰ কৰা হৈছে । তিতাবৰত এনেধৰণৰ ফাৰ্ম গঢ় লৈ উঠাত বহু নিবনুৱা যুৱকৰ জীৱন-জীৱিকাৰ বাট মুকলি হ'ব ।"

German-tech temperature controlled broiler farm in titabor
তিতাবৰত জাৰ্মান প্ৰযুক্তিৰে অত্যাধুনিক ব্ৰয়লাৰ ফাৰ্ম মুকলি (ETV Bharat Assam)

আনহাতে ফাৰ্মখনত জড়িত থকা পৰমেশ্বৰ সোণোৱালে কয়, "মোৰ দুজনমান বন্ধুৰ সৈতে বহি থাকোতে ব্ৰয়লাৰ ফাৰ্মৰ বিষয়টোৱে চৰ্চা লাভ কৰিছিল । তেতিয়া আমি ভাবিলো যে এক উন্নত প্ৰযুক্তিৰে ফাৰ্ম গঢ়ি তুলিব পাৰো নেকি ? সেই কথা ভাবি আমি ফাৰ্মখন গঢ়ি তুলিলো । এই ফাৰ্মখন তৈয়াৰ কৰোতে ৯ মাহ সময় লাগিল । এই ফাৰ্মখনত জাৰ্মান প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । সম্ভৱতঃ তিতাবৰত গঢ়ি উঠা এইখনেই উজনি অসমৰ প্ৰথমখন শীত-তাপ নিয়ন্ত্ৰিত কুকুৰা ফাৰ্ম । এই ফাৰ্মখনৰ জৰিয়তে তিনি-চাৰিজন লোকে পোনপটীয়াকৈ সংস্থাপন লাভ কৰিব । এনেধৰণৰ আৰু ৮ ৰ পৰা ১০ খন ফাৰ্ম আৰম্ভ কৰা হ'ব ।"

লগতে পঢ়ক:এডাল বাঁহ গছৰ পৰা উপাৰ্জন ১ লাখ টকা : এগৰাকী মহিলাই কৰি দেখুৱালে এই কাম

ৰাজপথৰ আন্দোলন এৰি এতিয়া চলাই গৈছে কৃষি বিপ্লৱ