ETV Bharat / state

কৰ্মৰ সন্ধানত গৈ বেংগালুৰুত সন্ধানহীন মঙলদৈৰ যুৱক

সাত দিন পূৰ্বে ঘৰৰ পৰা ওলাই গৈছিল আশাপূৰ্ণা বিশ্বাস । পুত্ৰক ফোন কৰিও মাতৃয়ে পোৱা নাই সঁহাৰি ।

Youth of Mangoldoi missing in Bengaluru
বেংগালুৰুত সন্ধানহীন মঙলদৈৰ যুৱক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 27, 2026 at 8:10 AM IST

2 Min Read
Choose ETV Bharat

মঙলদৈ: ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ পৰা বহিঃৰাজ্য়লৈ কাম বিচাৰি যোৱা যুৱক তথা শ্ৰমিক ৰহস্যজনকভাৱে সন্ধানহীন হোৱাৰ ঘটনা প্ৰায়ে সংঘটিত হৈ আছে । উজনিৰ পৰা নামনিলৈ ৰাজ্য়ৰ প্ৰায়ভাগ জিলাতেই এটা মানৱ সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ যুৱক-যুৱতীসকলক চাকৰি আৰু মোটা দৰমহাৰ প্ৰলোভনেৰে বহিঃৰাজ্য়লৈ সৰবৰাহ কৰি আহিছে ।

ইয়াৰ মাজতেই মঙলদৈৰ পৰা বহিঃৰাজ্য়লৈ কাম কৰিবলৈ যোৱা যুৱক এজন সন্ধানহীন হোৱাত পৰিয়ালৰ লোক উদ্বিগ্ন হৈ পৰিছে । মঙলদৈৰ ২ নং ৱাৰ্ডৰ সাবিত্ৰী বিশ্বাসৰ একমাত্ৰ পুত্ৰ আশাপূৰ্ণা বিশ্বাস (২২) সাত দিন পূৰ্বে কামৰ সন্ধানত বেংগালুৰুলৈ কেইজনমান সমনীয়াৰ সৈতে গৈছিল ৷ কিন্তু বেংগালুৰু পোৱাৰ দুদিন পিছতেই আশাপূৰ্ণা বিশ্বাসৰ সৈতে মাতৃৰ যোগাযোগ বিচ্ছিন্ন হয় । পুত্ৰক ফোন কৰি আছে যদিও ফোনটো ৰিং হৈ আছে, কিন্তু ধৰা নাই ।

বেংগালুৰুত সন্ধানহীন মঙলদৈৰ যুৱক (ETV Bharat Assam)

পুত্ৰৰ পৰা কোনো সঁহাৰি নাপায় অৱশেষত মঙলদৈ থানাত দাখিল কৰিলে এজাহাৰ । এই সন্দৰ্ভত মাতৃ সাবিত্ৰী বিশ্বাসে সংবাদ মাধ্যমৰ আগত কয়, "মোৰ ল'ৰাটোৱে কাম বিচাৰি বেংগালুৰুলৈ গৈছিল । বেংগালুৰুত উপস্থিত হোৱাৰ পিচত সি মোক ফোন কৰিছিল, ৰাতি ভিডিঅ' কলো কৰিছিল । থকা থাই ভাল বুলি কৈ ৰাতি ন বজাত খোজ কাঢ়ি কাঢ়ি ভিডিঅ'কল কৰি দেখুৱাইছিল । যিকেইজন ল'ৰাৰ লগত কামত যাব সিহঁতৰ লগতো কথা পাতিছিল ।"

সাবিত্ৰী বিশ্বাসে পুনৰ কয়, "দ্বিতীয় দিনা ৰাতিপুৱা তিনি বজাত কামলৈ লৈ যাব বুলি কৈছিল । ৰাতিটো সেই ঠাইত থাকি দ্বিতীয় দিনা পুৱা লগৰবোৰে লৈ যাব বুলিও কৈছিল । আজি ছয় দিন হ'ল, ল'ৰাটোৰ লগত কোনো যোগাযোগ কৰিব পৰা নাই । বাৰে বাৰে ফোন কৰিছোঁ, ফোন ৰিচিভ নকৰে, ৰিং কৰি থাকে । আজি মঙলদৈ থানাত এজাহাৰ দাখিল কৰিলোঁ ।"

পুত্ৰক ঘৰলৈ উভতি আহিবলৈ কাতৰ আহ্বান জনাই তেওঁ কয়, "মোৰ আৰু কোনো নাই । বাবু তই য'তেই আছ, মোৰ ওচৰলৈ ঘূৰি আহ । মোৰ ভাল লগা নাই, টোপনি নাই, ভাত খোৱা নাই । কেতিয়া ফোন কৰিবি তাৰে চিন্তাত আছো ।" ইপিনে, কোনো দুষ্ট চক্ৰৰ কবলত পৰি পুত্ৰ সন্ধানহীন হোৱাৰ সন্দেহ প্ৰকাশ কৰি মঙলদৈ থানাত বিষয়টো সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে মাতৃয়ে ।

লগতে পঢ়ক:জোনাইত বিদ্য়ালয়লৈ যোৱাৰ পথত সন্ধানহীন দুই ভগ্নী, অপহৰণৰ সন্দেহ পৰিয়ালৰ

কেৰালামত সন্ধানহীন বাক্সাৰ শ্ৰমিক