ETV Bharat / state

তপন বেজৰ বাঁহ-বেতৰ শিল্পৰ বিশ্বমুখী যাত্ৰা; একাংশ নৱপ্ৰজন্মই আনিছে আশাৰ বতৰা

তপন বেজ নামৰ যুৱকজনে বাঁহ-বেতৰ শিল্পৰে বিশ্বমুখী যাত্রা আৰম্ভ কৰিছে । লখিমপুৰৰ পৰা জীৱন গোস্বামীৰ এক বিশেষ প্ৰতিবেদন ।

Lakhimpur bamboo cane art
তপন বেজৰ বাঁহ-বেতৰ শিল্পৰ বিশ্বমুখী যাত্ৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 5, 2026 at 5:06 PM IST

4 Min Read
Choose ETV Bharat

লখিমপুৰ: অসমৰ কুটীৰ শিল্পৰ কথা ন-কৈ কোৱাৰ প্ৰয়োজন নাই । এসময়ত গ্ৰাম্য অৰ্থনীতি ধৰি ৰাখিছিল কুটীৰ শিল্পই । পিছে সময়ৰ লগে লগে ম্লান হৈ আহে এই শিল্প । কিন্তু তাৰ মাজতে সম্প্ৰতি একাংশ নৱপ্ৰজন্মই এই দিশত গুৰুত্ব প্ৰদান কৰিছে ।

তপন বেজে দেখুৱাইছে আদৰ্শ

অসমৰ কুটীৰ শিল্পৰ এক বিশ্বমুখী যাত্রা আৰম্ভ হৈছে । এই যাত্ৰাত অংশগ্ৰহণ কৰি লখিমপুৰৰ তপন বেজে দেখুৱাইছে আদৰ্শ । তেওঁৰ দ্বাৰা নিৰ্মিত বাঁহ-বেতৰ সামগ্রীয়ে ব্ৰিটেইন আৰু আমেৰিকাত লাভ কৰিছে প্ৰচুৰ সমাদৰ ।

তপন বেজৰ বাঁহ-বেতৰ শিল্পৰ বিশ্বমুখী যাত্ৰা (ETV Bharat Assam)

তাহানিৰ দিনত অসমৰ কুটীৰ শিল্প আছিল গ্ৰাম্য অৰ্থ নীতিৰ বুনিয়াদ । হস্ততাঁত বস্ত্ৰশিল্প, বাঁহ-বেতৰ সামগ্রী নিৰ্মাণ আদি বিভিন্ন উৎপাদনী সামগ্রীৰে গ্ৰাম্য অৰ্থনীতিৰ ভেটি মজবুত কৰি ৰাখিছিল । পিছে আধুনিকতাৰ গ্ৰাসত ম্লান পৰিবলৈ ধৰে এই কুটীৰ শিল্প। বহিঃদেশৰ সামগ্রীৰ আগ্ৰাসনে অসমৰ কুটীৰ শিল্পক মুজুৰা লগালে ।

তপন বেজৰ বাঁহ-বেতৰ শিল্পৰ বিশ্বমুখী যাত্ৰা (ETV Bharat Assam)

কুটীৰ শিল্প আৰু নৱপ্ৰজন্ম

পিছে শেষ হৈ যোৱা নাই পুৰণিকলীয়া কুটীৰ শিল্পৰ ধাৰাটো । গ্ৰামাঞ্চলত এতিয়াও কিছু লোকে কুটীৰ শিল্পক ধৰি ৰাখিবলৈ প্ৰয়াস কৰি আহিছে । তাৰ মাজতে প্ৰকাশ পাইছে একো একোটা সুখবৰ । নৱপ্ৰজন্মৰ ধাউতি বাঢ়িছে কুটীৰ শিল্পলৈ । পুৰণিকলীয়া কুটীৰ শিল্পক ৰং-ৰহন সানি আধুনিক সময়ৰ সৈতে ফেৰ মাৰিব পৰাকৈ নিৰ্মাণ কৰাত ব্ৰতী হৈছে নৱপ্ৰজন্মৰ একাংশ ।

তেনে এজন উদ্যোগী যুৱক হ'ল লখিমপুৰ নগৰৰ কিছু নিলগৰ জৰাধৰা গাঁৱৰ তপন বেজ । তপন বেজৰ সন্মুখত স্বাৱলম্বনৰ বহু পথ খোলা থাকিলেও তেওঁ অৰ্থ উপাৰ্জনৰ বাবে বাছি লয় কুটীৰ শিল্পক ।

Lakhimpur bamboo cane art
তপন বেজৰ বাঁহ-বেতৰ শিল্পৰ বিশ্বমুখী যাত্ৰা (ETV Bharat Assam)

তপন বেজৰ যাত্ৰা

সৰুৰে পৰা তেওঁৰ ঘৰখন বা পৰিয়ালটো বাঁহ-বেতৰ সামগ্রী নিৰ্মাণ শিল্পৰ সৈতে জড়িত আছিল । সেয়ে তেওঁক এই দিশৰ প্ৰতি আগ্ৰহী কৰি তুলিলে । সাত বছৰমান আগৰে পৰা তেওঁ বাঁহ-বেতৰ সামগ্রী নিৰ্মাণ কৰিবলৈ লয় । তেওঁৰ দ্বাৰা নিৰ্মিত সামগ্রীয়ে প্ৰচুৰ সমাদৰ লাভ কৰে । ফলত উৎসাহী হৈ উঠে তপন বেজ ।

Lakhimpur bamboo cane art
তপন বেজৰ বাঁহ-বেতৰ শিল্পৰ বিশ্বমুখী যাত্ৰা (ETV Bharat Assam)

তেওঁ ঘৰতে এটা কাৰখানা গঢ়ি তোলে । তাত নিজে কাম কৰাৰ উপৰি আন বহুতকে এই কামত জড়িত কৰায় । ক্ৰমান্বয়ে জনপ্ৰিয়তা বৃদ্ধি হ'বলৈ ধৰে তেওঁৰ উৎপাদিত সামগ্রীৰ । দেশ-বিদেশলৈও ৰপ্তানি হৈছে তেওঁৰ উৎপাদিত বহু বাঁহ-বেতৰ সামগ্ৰী ।

এই সন্দৰ্ভত তপন বেজে কয়, "মোৰ কাৰখানাত প্ৰত্যক্ষভাৱে আঠজন লোকে দিনে-নিশাই কাম কৰে । কামৰ অধিক ফৰমাইচ আহিলে এনে কামত পটু অঞ্চলটোৰ ২৫ ৰ পৰা ৩০ টা পৰিয়ালকো কাম কৰিবলৈ দিওঁ । দেশৰ ভিতৰত অৰুণাচলকে ধৰি বিভিন্ন ৰাজ্যই আমাৰ পৰা সামগ্রী ক্ৰয় কৰিছে । বাহিৰৰ ইউকে, ইউএছএ আদি দেশলৈও আমাৰ উৎপাদিত সামগ্রী ৰপ্তানি হৈছে । প্ৰচুৰ সমাদৰ পাইছে আমাৰ বাঁহ-বেতৰ সামগ্ৰীয়ে ।

Lakhimpur bamboo cane art
তপন বেজৰ বাঁহ-বেতৰ শিল্পৰ বিশ্বমুখী যাত্ৰা (ETV Bharat Assam)

কি সামগ্ৰীৰ চাহিদা বেছি

এই সন্দৰ্ভত তপন বেজে কয়, "মূলতঃ সৌন্দর্যবৰ্ধক সামগ্রীৰ চাহিদা বেছি ।"

তেওঁ লগতে কয়, "কেঁচা সামগ্রীৰ অভাৱ নাই । বাহ স্থানীয়ভাৱে সুলভ । বেত আমি অৰুণাচলৰ পৰা আনো । উৎপাদিত সামগ্রীৰ ডিজাইন মই নিজে কৰাৰ উপৰি ফৰমাইচ দিয়াসকলৰ পচন্দ অনুসৰি নিৰ্মাণ কৰি দিয়া হয় ।"

Lakhimpur bamboo cane art
তপন বেজৰ বাঁহ-বেতৰ শিল্পৰ বিশ্বমুখী যাত্ৰা (ETV Bharat Assam)

বাঁহ-বেতৰ সামগ্রী নিৰ্মাণৰ উদ্যোগ যথেষ্ট লাভজনক বুলি তেওঁ অনুভৱ প্ৰকাশ কৰে । আনহাতে, ভৱিষ্যতে অধিক বিস্তৃত পৰিসৰত তেওঁ উদ্যোগটো পৰিচালনা কৰাৰ পৰিকল্পনা কৰিছে । লগতে তাত অধিক লোকক নিয়োগ কৰিব । অসমৰ থলুৱা বাঁহ-বেতৰ শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আশা পুহি ৰাখিছে তপন বেজে ।

Lakhimpur bamboo cane art
তপন বেজৰ বাঁহ-বেতৰ শিল্পৰ বিশ্বমুখী যাত্ৰা (ETV Bharat Assam)

স্বাভিমানী অসমীয়াৰ পৰিচয়

তপন বেজে এতিয়া এনেদৰেই স্বাভিমানী অসমীয়া হিচাপে পৰিচয় দাঙি ধৰিছে । প্ৰকৃতাৰ্থত কৰিছে অসমীয়াগিৰি । নিজে স্বাৱলম্বী হৈ আন দহজনকো প্ৰদান কৰিছে সংস্থাপন । অসমৰ থলুৱা কুটীৰ শিল্পক ৰহন সানি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে ।

আকৌ এবাৰ অসমীয়া জাতিক তেওঁ কৰ্মৰ জৰিয়তে সুকীয়া চিনাকিৰে বিশ্ববাসীৰ আগত দাঙি ধৰিছে । তপন বেজৰ এই অসমীয়াগিৰি, স্বাভিমানৰ ধাৰা সুদূৰপ্ৰসাৰী হওক, সকলোৱে এই শুভেচ্ছাৰে তেওঁক অভিনন্দন জনাই উৎসাহিত কৰিছে ।

লগতে পঢ়ক :জয়পুৰৰ কলা শিবিৰত জিলিকিল মাজুলীৰ মুখাশিল্প; দেশৰ ২০ প্ৰখ্যাত শিল্পীৰে অংশগ্ৰহণ খগেন গোস্বামীৰ
লগতে পঢ়ক :মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰা এগৰাকী মহিলা আচাৰ ব্যৱসায়ীৰ সফলতাৰ কাহিনী