কটকৰ পৰাই শেষ যোগাযোগ, ক'ত হেৰাল মণ্টু ?
বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ সন্ধানহীন মৰাণৰ যুৱক ৷ বিগত ২০ দিন ধৰি সন্ধান নাই মণ্টু চুতীয়াৰ ৷

Published : June 2, 2026 at 1:03 PM IST
ডিব্ৰুগড়: অসমীয়া বহু যুৱক-যুৱতী বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ অকাল মৃত্যুক আকোঁৱালি লোৱাৰ লগতে নিৰুদ্দেশ হোৱা ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ।
এইবাৰ ওড়িশাৰ কটকত কৰ্মসংস্থাপনৰ বাবে গৈ বিগত প্ৰায় বিশদিন ধৰি সন্ধানহীন হৈ আছে মৰাণৰ মণ্টু চুতীয়া । ফলত পৰিয়ালত এক হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে ।
চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ১নং ডোমৰদলং গাঁৱৰ নিবাসী ললিত চুতীয়া আৰু প্ৰতিভা চুতীয়াৰ পুত্ৰ মণ্টু চুতীয়াই বৃদ্ধ পিতৃ-মাতৃৰ লগতে পুত্ৰ-কন্যাক ঘৰত থৈ কৰ্মসংস্থাপনৰ বাবে যোৱা ১০ মে' ত কটকলৈ গৈছিল । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি কটকত উপস্থিত হৈ কটক ইণ্টাৰনেশ্বনেল প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোত যোগদান কৰাৰ এদিন পিছৰে পৰা সন্ধানহীন হৈ আছে মণ্টু চুতীয়া ।
পৰিয়ালৰ লোকে মন্টুক বিচাৰি কটকলৈ গৈছিল যদিও কোনো শুংসূত্ৰ নাপালে । ইপিনে আৰক্ষীৰ পৰাও আশানুৰূপ সহযোগিতা নোপোৱাৰ বাবে সংবাদ মাধ্যমৰ কাষ চাপিছে মণ্টুৰ পৰিয়াল । মৰাণ আঞ্চলিক ছাত্ৰ সন্থায়ো মণ্টুৰ পৰিয়ালৰ লোকৰ হৈ অসম চৰকাৰক অনুৰোধ জনাইছে মণ্টুক উদ্ধাৰ কৰিবলৈ ।

পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজন নিৰুদ্দেশ হৈ থকাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । মাতৃ-কন্যাৰ চৰকাৰলৈ আহ্বান যাতে মণ্টুক সুস্থ শৰীৰে ঘূৰাই অনাৰ ব্যৱস্থা কৰে চৰকাৰে ।
সন্ধানহীন হৈ পৰা মণ্টু চুতীয়াৰ ভাতৃয়ে কয়, "আজি আমাৰ ঘৰখন উদং হ'ল । আমাৰ ঘৰ চলোৱা একমাত্ৰ তেওঁৱেই আছিল । দুটা ল'ৰা-ছোৱালী এৰি কাম কৰিবলৈ গৈছিল । এটা দিন কাম কৰাৰ পাছতেই সন্ধানহীন হৈ পৰিল । বিষয়টো তেওঁৰ কামত যোগদান কৰা কোম্পানীয়ে গুৰুত্ব দিয়া নাই । আৰক্ষীক এই সম্পৰ্কে এজাহাৰ দাখিল কৰিছো যদিও আৰক্ষীৰ পৰা কোনো ধৰণৰ খবৰ লাভ কৰা নাই । সেয়ে চৰকাৰক আহ্বান জনাইছোঁ ল'ৰাটো ক'ত আছে অনুসন্ধান কৰি উলিয়াই দিয়ক ।’’
মৰাণৰ আছুৰ এগৰাকী সদস্যই কয়, ‘‘প্ৰায় ২০ দিনৰ পৰা সন্ধানহীন হৈ আছে মণ্টু চুতীয়া ৷ পৰিয়ালৰ লোকে তেওঁক বিচাৰি ওড়িশালৈও গৈছিল, বেনাৰ-পোষ্টাৰো লগাইছিল, কিন্তু কোনো সুফল নাপালে ৷ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আনুৰোধ জনাইছো, তেওঁ এই বিষয়টো অলপ চাই যেন ৷’’
ইফালে মণ্টু চুতীয়াৰ মাতৃয়ে কয়, ‘‘ঘৰৰ একমাত্ৰ উপাৰ্জকাৰী আছিল সি ৷ তাক বহুত বিচাৰিছো, কিন্তু ক’তো একো খবৰ পোৱা নাই ৷ আমি নিৰূপায় হৈ পৰিছো ৷’’
লগতে পঢ়ক : কৰ্মৰ সন্ধানত গৈ বেংগালুৰুত সন্ধানহীন মঙলদৈৰ যুৱক লগতে পঢ়ক : কেৰালামত সন্ধানহীন বাক্সাৰ শ্ৰমিক |

