হত্যা নে আত্মহত্যা ? গুৱাহাটীৰ ভাৰাঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ, প্ৰেমিকক আটক
গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যুক লৈ সন্দেহৰ আঙুলি প্ৰেমিকলৈ ৷ পৰিয়ালৰ দাবী এয়া এক হত্যাকাণ্ড ৷ আৰক্ষীৰ তদন্ত অব্যাহত ৷

Published : June 11, 2026 at 11:29 AM IST
গুৱাহাটী : ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত এতিয়া যেন মৃত্যু সুলভ হৈ পৰিছে ! অধ্যয়ন নাইবা সংস্থাপনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু যুৱক-যুৱতী গুৱাহাটীলৈ আহে । কিন্তু গুৱাহাটীৰ জাক-জমকতাৰ মাজত বহু সময়ত বহু যুৱক-যুৱতী বিপথে পৰিচালিত হৈ হেৰাই যায় ! পুনৰ তেনে এক ঘটনাই জোঁকাৰি গৈছে গুৱাহাটী মহানগৰীক ।
গুৱাহাটীৰ ভাৰাঘৰত থাকি ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হৈ থকা এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে । মহানগৰীৰ বেলতলাত এই ঘটনা সংঘটিত হৈছে । ৰহস্যজনক অৱস্থাত বুধবাৰে বেলতলাৰ ভাৰাঘৰত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় । মৃত্যু হোৱা যুৱতীগৰাকীৰ নাম সুস্মিতা বসুমতাৰী আৰু তেওঁৰ ঘৰ ওদালগুৰিৰ নতুন নলবাৰী গাঁৱত বুলি জানিব পৰা গৈছে ।
তথ্য অনুসৰি, গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত সুস্মিতা বসুমতাৰী কৰ্মৰত হৈ আছিল । বুধবাৰে পুৱা ভাৰাঘৰতে চৰম সিদ্ধান্ত লোৱা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ । মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে যুৱতীগৰাৰীৰ মৃতদেহটো পৰিয়ালকৰ লোকক চমজাই দিয়ে । কিন্তু এই ঘটনাক সহজভাৱে লোৱা নাই সুস্মিতা বসুমতাৰীৰ পৰিয়ালৰ লোকে ।
পিতৃয়ে অভিযোগ কৰা অনুসৰি, তেওঁৰ কন্যাক হত্যা কৰা হৈছে । ইতিমধ্য সুস্মিতা বসুমতাৰীক হত্যা কৰাৰ সন্দেহত তেওঁৰ পিতৃয়ে হাতীগাঁও আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে । পৰিয়ালৰ লোকে জনোৱা মতে, মঙলবাৰে নিশা প্ৰেমিক আকাশ প্ৰসাদৰ সৈতে আছিল সুস্মিতা বসুমতাৰী ।
অভিযোগ অনুসৰি, আকাশ প্ৰসাদ নামৰ যুৱকজনৰ সৈতে সম্পৰ্ক আছিল যুৱতীগৰাকীৰ । পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে আকাশ প্ৰসাদক হাতীগাঁও আৰক্ষীয়ে আটক কৰিছে । যুৱতীগৰাকীক আকাশ প্ৰসাদে চৰম সিদ্ধান্ত ল’বলৈ বাধ্য কৰাইছিল বুলি ভুক্তভোগী পৰিয়ালে দাবী কৰিছে ।
অভিযুক্ত আকাশ প্ৰসাদৰ ঘৰ পল্টনবজাৰৰ চলাপাৰা ৰোডত । অভিযোগ অনুসৰি, যুৱতীগৰাকীৰে প্ৰেমৰ সম্পৰ্ক থকাৰ পাছতো আকাশ প্ৰদসাদে আন যুৱতীৰ সৈতে সম্পৰ্ক ৰাখিছিল । মঙলবাৰে নিশা আকাশ প্ৰসাদ আৰু সুস্মিতা বসুমতাৰীয়ে বেলতলাৰ ভাৰাঘত পাৰ্টী কৰিছিল । আকাশে আন যুৱতীৰ সৈতে সম্পৰ্ক ৰখাৰ বাবে সেই নিশাই দুয়োৰে মাজত কাজিয়াত লাগে ।

এই কাজিয়াৰ পাছতে বুধবাৰে পুৱা উক্ত ভাৰাঘৰতেই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় । যুৱতীগৰাকীয়ে পুৱতি নিশা নিজকে শেষ কাৰৰ সিদ্ধান্ত লয় বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে আকাশ প্ৰসাদক হাতীগাঁও আৰক্ষীয়ে আটক কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।
অৱশ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানেও কোনো তথ্য ৰাজহুৱা কৰা নাই ৷ আনকি তদন্তৰ খাতিৰত মহানগৰ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ পৰাও বিৰত আছে ৷

