মনত দুখ থাকিলেও অংকিতাৰ কৰ্মই গৌৰৱাম্বিত কৰি ৰাখিছে পিতৃক
অসুস্থ পিতৃয়ে কৰিব নোৱাৰে কাম । পিতৃৰ বাবে ঔষধ ক্ৰয় কৰা আৰু ভাতৃক পঢ়ুৱাবলৈ দৃঢ় সংকল্পবদ্ধ অংকিতাৰ জীৱন সংগ্ৰাম ।

Published : January 4, 2026 at 2:10 PM IST
ৰঙিয়া : পিতৃ অসুস্থ । সেইবাবে যুৱতীগৰাকীয়ে ই-ৰিক্সাখন লৈ ঘৰৰ পৰা ওলাই যায় । দিনটোৰ বাবে পৰিয়ালটোৰ পেটৰ ভাত মোকলাবৰ বাবে এইদৰে ওলাই যোৱাৰ বিকল্পও নাই । ই-ৰিক্সাৰ চকা নুঘূৰিলে যুৱতীগৰাকীৰ পাকঘৰত নজ্বলে চৌকা । কেৱল চৌকা জ্বলিলেই নহ'ব পিতৃৰ ঔষধ আৰু ভাতৃৰ পঢ়াৰ খৰচো উলিয়াব লাগিব । নিজে ধনৰ অভাৱত পঢ়িব নোৱাৰিলেও সৰু ভাতৃক কষ্ট কৰি হ'লেও পঢ়ুৱাবলৈ ইচ্ছা ।
পিতৃ প্ৰধান সমাজখনক প্ৰত্যাহ্বান জনাই যুৱতীগৰাকীয়ে পিতৃৰ ই-ৰিক্সাখন চলাই নিজৰ লগতে পৰিয়ালটো ভৰণ-পোষণৰ গধুৰ দায়িত্ব হেলাৰঙে মূৰ পাতি লৈছে । এইগৰাকী যুৱতীৰ নাম অংকিতা বেজবৰুৱা । পুৰুষপ্ৰধান সমাজখনত ছোৱালীয়ে ই-ৰিক্সা চলোৱা দৃশ্য দুৰ্লভ যদিও অংকিতাক দেখিলে এই কাম তেনেই সাধাৰণ যেন অনুভৱ হয় । অংকিতাৰ এই যাত্ৰা প্ৰায় ডেৰ বছৰ পূৰ্বে পিতৃ প্ৰবীণ বেজবৰুৱাৰ শাৰীৰিক অসুস্থতাৰ বাবে আৰম্ভ হৈছিল ।
অকণমান খেতিৰ মাটি আৰু এখন ই-ৰিক্সাৰে প্ৰবীণ বেজবৰুৱাই তেওঁৰ চাৰিজনীয়া পৰিয়ালটো সুন্দৰ ভাৱে চলাই আছিল ; কিন্তু আকাল আৰু ভঁৰাল নথকা পৰিয়ালটোত হঠাৎ বিপদ নামি আহিল যেতিয়া পৰিয়ালটোৰ মূল মানুহ প্ৰৱীণ বেজবৰুৱা অসুস্থ হৈ পৰিল । তেওঁৰ চিকিৎসাৰ বাবদ বহুখিনি সাঁচতীয়া ধন খৰচ হোৱাৰ পাছত উপায়বিহীন হৈ পৰিল পৰিয়ালটো । অংকিতাৰ কনিষ্ঠ ভাতৃ যথেষ্ট সৰু হৈ থকা বাবে অৱশেষত পৰিয়াল চলোৱাৰ বাবে সাহসেৰে আগবাঢ়ি আহিল প্ৰবীণ বেজবৰুৱাৰ জীয়াৰী ।
সমাজত আজিও ছোৱালীৰ বাবে কিছুমান কামক 'পুৰুষৰ কাম' বুলি গণ্য কৰা হয়; কিন্তু এই ধাৰণাক সম্পূৰ্ণৰূপে নস্য়াৎ কৰি ১৯ বছৰীয়া যুৱতীগৰাকীয়ে নিজৰ সাহস আৰু কৰ্মনিষ্ঠাৰে দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হৈছে । কামৰূপ জিলাৰ ৰঙিয়াৰ ওচৰৰ বিলপাৰ গাঁৱৰ অংকিতাই পিতৃৰ ই-ৰিক্সা আৰু সাহসক মূলধন হিচাপে লৈ ওলাই আহি ৰঙিয়া, ঘগ্ৰাপাৰ আৰু নলবাৰীত ই-ৰিক্সা চলাই পৰিয়ালটো পোহপাল দিবলৈ আৰম্ভ কৰিলে । অংকিতাই যেতিয়া প্ৰথমবাৰৰ বাবে পিতৃৰ ই-ৰিক্সাখন চলাবলৈ ওলাই আহিল, তেতিয়া সমাজৰ বহু লোকৰ প্ৰশ্ন আৰু সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিল । ছোৱালী হৈ ই-ৰিক্সা চলাইনে, এনে কাম ছোৱালীৰ বাবে নহয় বুলি বহুলোকে ঠাট্টা-মস্কৰাও কৰিছিল অংকিতাক; কিন্তু অংকিতাই এই সকলোবোৰক হেলাৰঙে অতিক্ৰম কৰি নিজৰ কামত মনোনিবেশ কৰিছিল ।

লোকৰ কথা শুনি বহি থাকিলে মোৰ ঘৰ নচলে :
আজি তেওঁ ৰঙিয়াৰ লগতে ঘগ্ৰাপাৰ অঞ্চলত ই-ৰিক্সা চলাই পৰিয়ালটোৰ ভৰণ-পোষণ দিবলৈ সক্ষম হৈছে । এই সন্দৰ্ভত অংকিতাই কয়, "লোকৰ কথা শুনি বহি থাকিলে মোৰ ঘৰ নচলে । মোৰ পৰিয়ালৰ বিপদৰ কথা মইহে জানো । সেয়েহে মই মানুহৰ সমালোচনাক বেছি গুৰুত্ব নিদিও ।" ইফালে, পৰিয়ালৰ দায়িত্ব পালন কৰি অতি কম বয়সতে পৰিপক্ক হৈ পৰা অংকিতাই পঢ়া আধাতে সামৰিব লগীয়া হৈছিল । স্নাতক মহলাৰ তৃতীয় ষান্মাসিকৰ পৰীক্ষা দিয়াৰ পিছতেই তেওঁ পৰিয়ালৰ দায়িত্ব মূৰ পাতি ল'বলগীয়া হোৱা বাবে পঢ়া আধাতে এৰিবলগীয়া হয় ।
কৰ্মোদ্যমী যুৱতীগৰাকীৰ সপোন :
কৰ্মোদ্যমী যুৱতীগৰাকীয়ে নিজৰ পঢ়া শেষ কৰাৰ মানসেৰে পুনৰ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে । দিনত ই-ৰিক্সা চলাই পইচা উপাৰ্জন কৰা অংকিতাৰ নিজৰ আনুষ্ঠানিক শিক্ষা সাং কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । যোৱা বছৰ বয়সৰ সীমাৰ মিল নথকা বাবে এই বছৰ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছে অংকিতাই । তেওঁ কয় , "দেউতাৰ অসুখৰ লগতে পইচাৰ অভাৱৰ বাবে মই পঢ়া আধাতে এৰিবলগীয়া হ'ল; কিন্তু মোৰ পঢ়া আধাতে এৰিব মন নাছিল একেবাৰে ।" ইফালে আগন্তুক দিনত এটা চৰকাৰী চাকৰি কৰাৰো সপোন পুহি ৰাখিছে এই যুৱতীগৰাকীয়ে ।
পিতৃ প্ৰবীণ বেজবৰুৱাই জীয়ৰীৰ কাম দেখি অতি উৎসাহিত আৰু গৌৰৱান্বিত । তেওঁ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয়,"যিটো সময়ত বহু ল'ৰা-ছোৱালীয়ে কাম-বন বা পঢ়া-শুনা নকৰি অনাই বনাই ঘুৰি ফুৰিছে তেনে সময়ত মোৰ জীয়াৰীয়ে পৰিয়ালটো পোহপাল দিয়াৰ গধূৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত মোক যথেষ্ট সহায় কৰিছে ।" কামলৈ ওলাই গ'লে চিন্তাক্লিষ্ট পিতৃক প্ৰায়েই অভয় দিয়ে অংকিতাই ।

বহু ল'ৰাতকৈ অধিক দায়িত্ব পালন কৰে অংকিতাই :
জীয়াৰীৰ কৰ্মজীৱনৰ বিষয়ে তেওঁ কয়, "মই তাইক ৰিক্সা চলাবলৈ কেতিয়াও কোৱা নাছিলো । মোক সহায় কৰিবলৈ তাই নিজে আগবাঢ়ি আহিছিল । ছোৱালী হিচাপে তাই বহু ল'ৰাতকৈ অধিক দায়িত্ব পালন কৰে ।" ই-ৰিক্সা চলোৱাৰ উপৰিও ঘৰৰ বজাৰ-কৰা, খেতিৰ পথাৰত সহায় কৰা, ধান ৰোৱাৰ পৰা কটা আৰু ভঁৰাললৈ অনালৈকে ঘৰখনৰ প্ৰায় সকলো কামতে জড়িত অংকিতা । লগতে যদিহে ই-ৰিক্সাখনৰ কিবা কাৰিকৰী বিজুতি ঘটে সেয়াও প্ৰায়েই নিজে ঠিক কৰি লয় অংকিতাই ।"
ইয়াৰ উপৰি পিতৃৰ চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ নিয়া, সময়মতে ঔষধ যোগান ধৰাৰো সমস্ত দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে অংকিতাই । পিতৃ হিচাপে তেওঁ কন্যাৰ পঢ়া আধৰুৱা হোৱাৰ বাবে দুখ প্ৰকাশ কৰিলেও কন্য়াৰ সাহস আৰু কৰ্মপ্ৰচেষ্টাক লৈ গৌৰৱবোধ কৰে ।

