ETV Bharat / state

চাইবাৰ অপৰাধীৰ ৰম্য়ভূমিলৈ পৰ্যবসিত কলগাছিয়া; অনলাইন জুৱা, বেটিং চক্ৰৰে জড়িত যুৱকক গ্ৰেপ্তাৰ

১০১ খন পান কাৰ্ড, ১৪ খন ছিম, ২৯৩ খন আধাৰ, ১০৯ খন আয়ুষ্মান কাৰ্ড, পাঁচটা বেংকৰ চেকবুক আদি জব্দ ।

Young man involved in online gambling and betting arrested
কলগাছিয়াত অনলাইন জুৱা, বেটিং চক্ৰৰে জড়িত যুৱকক গ্ৰেপ্তাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 23, 2026 at 10:45 AM IST

3 Min Read
Choose ETV Bharat

জনীয়া: চাইবাৰ অপৰাধীৰে ভৰি পৰিছে কলগাছিয়া । বৰপেটা জিলাত অনলাইন জুৱা, বেটিং চক্ৰ সক্ৰিয় হৈ থকাৰ মাজতে কলগাছিয়াত পুনৰ আৰক্ষীৰ জালত পৰিল চাইবাৰ অপৰাধী । আৰক্ষীয়ে চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নগদ ধন,ম'বাইল ফোন,আধাৰ কাৰ্ড,বেংকৰ পাছবুক আৰু লেপটপ আদি ।

জিলাখনৰ কলগাছিয়াৰ খেল্লী আৰু ৰামপুৰত চাইবাৰ অপৰাধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলোৱাৰ সময়ত এই খেল্লীৰ ৰাব্বুল আল আমিনক গ্ৰেপ্তাৰ কৰে । আনহাতে পলাতক হৈ আছে ৰামপুৰৰ মফিদুল ইছলাম । এই সন্দৰ্ভত বৰপেটা জিলা অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সংবাদ মাধ্য়মৰ আগত সদৰী কৰিছে তথ্য় ।

কলগাছিয়াত অনলাইন জুৱা, বেটিং চক্ৰৰে জড়িত যুৱকক গ্ৰেপ্তাৰ (ETV Bharat Assam)

আৰক্ষীয়ে কি কয় ?

অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বৈশ্যই কয়, "চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমাৰ অভিযান অব্য়াহত আছে । এই অভিযানৰ অংশ হিচাপে কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত অভিযান চলোৱা হয় । খেল্লীৰ ৰাব্বুল আল আমিন নামৰ যুৱকজনৰ পৰা পান কাৰ্ড, ব্লেংক ছিম কাৰ্ড, আয়ুষ্মান কাৰ্ড, বেংকৰ চেকবুক, পাছবুক, ড্ৰাইভিং লাইচেন্স, লেপটপ আৰু ম'বাইল ফোন জব্দ কৰা হয় । যুৱকজনে কোনো আধাৰ কেন্দ্ৰৰ কাম নকৰে । ৰাব্বুল আল আমিনৰ আন এজন সহযোগী হৈছে মফিদুল ইছলাম ।"

কি কি জব্দ কৰা হৈছে ?

অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰা মতে, বৰপেটা আৰু কলগাছিয়া আৰক্ষীৰ অভিযানত খেল্লীৰ ৰাব্বুল আল আমিনক গ্ৰেপ্তাৰ কৰা হয় । আৰক্ষীয়ে ধৃত যুৱকজনৰ পৰা জব্দ কৰে ১০১ খন পান কাৰ্ড, ১৪ খন ছিম কাৰ্ড, ২৯৩ খন আধাৰ কাৰ্ড, ১০৯ খন আয়ুষ্মান কাৰ্ড, পাঁচটা বেংকৰ চেকবুক, দুখন পাছবুক, এটা লেপটপ আৰু দুটা ম'বাইল ফোন ।

উত্থাপিত অভিযোগ মতে, খেল্লী গাঁৱৰ জহুৰুল ইছলামৰ পুত্ৰ ৰাব্বুল আল আমিনে এখন দোকানৰ পৰা দীৰ্ঘদিন ধৰি অঞ্চলটোৰ ৰাইজৰ পৰা আধাৰ কাৰ্ড, পান কাৰ্ড, ভুৱা ছিমকাৰ্ড আদিৰে চাইবাৰ অপৰাধ কাণ্ড সংঘটিত কৰি লাখ লাখ টকা লুট কৰি ৰাইজক ঠগি আহিছিল । তদুপৰি বিভিন্ন অবৈধ জুৱা আৰু বেটিং চক্ৰৰ লগতো জড়িত হৈ আছিল যুৱকজন । সেয়ে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক । দীৰ্ঘদিন ধৰি বিভিন্ন চাইবাৰ অপৰাধৰ লগত যুৱকজন জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

বৰপেটা জিলা অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই চাইবাৰ অপৰাধী, ড্ৰাগছ, মদ আৰু অনৈতিক কাৰ্যৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি এনে অপৰাধীৰ কোনো তথ্য় ৰাইজে লাভ কৰিলে শীঘ্ৰে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:কলগাছিয়াত নগদ ধন-লেপটপসহ গ্ৰেপ্তাৰ কুখ্যাত চাইবাৰ অপৰাধী

গৌৰীপুৰ আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী