ETV Bharat / state

নৱ প্ৰজন্মক ম'বাইল আসক্তিমুক্ত কৰিবলৈ যোগাসন প্ৰতিযোগিতা

মৰিগাঁৱত পতঞ্জলি যুৱ ভাৰত, অসমৰ উদ্যোগত যোগাসন প্ৰতিযোগিতা সম্পন্ন ।

Yoga Competition 2026 in Morigaon organized by Patanjali Yuva Bharat Assam
মৰিগাঁৱত পতঞ্জলি যুৱ ভাৰত, অসমৰ উদ্যোগত যোগাসন প্ৰতিযোগিতা সম্পন্ন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 17, 2026 at 8:50 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও: যোগাভ্যাসৰ জৰিয়তে সমাজত সুস্থ জীৱনশৈলী আৰু আধ্যাত্মিক চেতনা প্ৰসাৰৰ উদ্দেশ্যে মৰিগাঁও জিলাৰ ভকতগাঁৱত অনুষ্ঠিত হয় মুকলি যোগাসন প্ৰতিযোগিতা । জিলা ভিত্তিত আয়োজিত প্ৰতিযোগিতাখনিৰ জৰিয়তে নতুন প্ৰজন্মক ম'বাইল আসক্তি আৰু অপসংস্কৃতিৰ পৰা আঁতৰাই ৰাখিবলৈ পদক্ষেপ গ্ৰহণ কৰা হয় ।

পতঞ্জলি যুৱ ভাৰত, অসমৰ উদ্যোগত যোগাসন ক্ৰীড়া মহাসংঘ আৰু অসম আৰ্ট এণ্ড কালচাৰৰ সহযোগত তথা মণিকাঞ্চন যোগ স্প'ৰ্টছ এছ’চিয়েচনৰ ব্যৱস্থাপনাত মৰিগাঁও জিলা ভিত্তিক মুকলি যোগাসন প্ৰতিযোগিতা ২০২৬খনি সম্পন্ন হয় । ভকতগাঁৱৰ স্থানীয় প্ৰেক্ষাগৃহত আয়োজিত এই বিশাল যোগ প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।

মৰিগাঁৱত পতঞ্জলি যুৱ ভাৰত, অসমৰ উদ্যোগত যোগাসন প্ৰতিযোগিতা সম্পন্ন (ETV Bharat Assam)

শিশু, কিশোৰ আৰু যুৱক-যুৱতীসকলৰ বাবে পৃথক পৃথক শাখাত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হয় । কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলন আৰু যোগ প্ৰাৰ্থনাৰে প্ৰতিযোগিতাৰ উদ্বোধন কৰা হয় । উদ্বোধনী অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি পতঞ্জলি যুৱ ভাৰতৰ ৰাজ্যিক বিষয়ববীয়াসকলে যোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ।

পতঞ্জলি যুৱ ভাৰতৰ ৰাজ্যিক বিষয়ববীয়া এগৰাকীয়ে কয়, "সাম্প্ৰতিক সময়ত ক্ৰমান্বয়ে বৃদ্ধি পোৱা মানসিক চাপ আৰু শাৰীৰিক ব্যাধিৰ পৰা মুক্ত হ’বলৈ যোগ চৰ্চাৰ বিকল্প নাই । বিশেষকৈ নতুন প্ৰজন্মক ম'বাইল আসক্তি আৰু অপসংস্কৃতিৰ পৰা আঁতৰাই ৰাখি এক সুস্থ সমাজ গঢ়াত যোগাসনে কেনেদৰে সহায় কৰিব পাৰে, সেই বিষয়েও অনুষ্ঠানত বিতংভাৱে আলোচনা কৰা হয় ।

Yoga Competition 2026 in Morigaon organized by Patanjali Yuva Bharat Assam
মৰিগাঁৱত পতঞ্জলি যুৱ ভাৰত, অসমৰ উদ্যোগত যোগাসন প্ৰতিযোগিতা সম্পন্ন (ETV Bharat Assam)

প্ৰতিযোগিতা আৰু আকৰ্ষণীয় প্ৰদৰ্শন :

প্ৰতিযোগিতাৰ মূল পৰ্বত অংশগ্ৰহণকাৰীসকলে বিভিন্ন কঠিন যোগাসন যেনে বকাসন, চক্ৰাসন, ময়ূৰাসন আৰু পশ্চিমোত্তানাসন আদি প্ৰদৰ্শন কৰে । এছ’চিয়েচনৰ বিষয়ববীয়াসকলে সদৰী কৰা মতে, জিলা পৰ্যায়ৰ এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা প্ৰতিযোগীসকলক আগন্তুক ৰাজ্যিক পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কৰা হ’ব ।

সামৰণি আৰু বঁটা বিতৰণ :

প্ৰতিযোগিতাৰ শেষত বঁটা বিতৰণী সভা অনুষ্ঠিত হয় । মণিকাঞ্চন যোগা স্প'ৰ্টছ এছ'চিয়েচন আৰু সহযোগী সংগঠনসমূহৰ যুটীয়া প্ৰচেষ্টাত বিজয়ী প্ৰতিযোগীসকলক আকৰ্ষণীয় ট্ৰফী, মানপত্ৰ আৰু মেডেল প্ৰদান কৰা হয় । ইয়াৰ উপৰি অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীকে প্ৰেৰণাদায়ক প্ৰমাণপত্ৰ আগবঢ়োৱা হয় ।

লগতে পঢক:'আইৰণমেন' উপাধি লাভেৰে বিশ্ব দৰবাৰত উজ্বলিল অসম সন্তান দীপন মেধী

নৈপৰীয়াৰ মূলধন নাও: বাৰিষা আহি আছে, দগাচুক গাঁৱৰ ৰাইজ এতিয়া ভীষণ ব্যস্ত