বিশ্ব কাছ দিৱস: সৰীসৃপ গোটৰ এই জীৱবিধৰ বিষয়ে কিছু কথা জানো আহক...
বিশ্বৰ পৰা বহু প্ৰজাতিৰ বিভিন্ন জীৱ বিলুপ্তিৰ পথত । ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ পৰিৱেশ তন্ত্ৰত পৰিছে ৷ ইয়াৰে ভিতৰত অন্যতম কাছ, সবিশেষ এই প্ৰতিবেদনত...

Published : May 23, 2026 at 4:48 PM IST
হায়দৰাবাদ/তেজপুৰ: কাছ হৈছে এনে এবিধ প্ৰাণী, যাক বেছিভাগ সময়ত গতিহীন আৰু কম গুৰুত্বপূৰ্ণ যেন লাগে ৷ কিন্তু এই জীৱবিধ অতি আকৰ্ষণীয় ৷ কাছক পৃথিৱীৰ আটাইতকৈ পুৰণি সৰীসৃপ গোটবোৰৰ ভিতৰত এবিধ বুলি গণ্য কৰা হয় ৷ সাপ, ঘঁৰিয়াল, কুম্ভীৰৰ তুলনাত যথেষ্ট পুৰণি জীৱ হৈছে কাছ ৷
আজি বিশ্ব কাছ দিৱস ৷ প্ৰতি বছৰে ২৩ মে’ত বিশ্ব কাছ দিৱস পালন কৰা হয় । ২০০০ চনৰ পৰাই এই ২৩ মে’ৰ দিনটো কাছ দিৱস হিচাবে পালন কৰি অহা হৈছে ৷ যাতে মানুহে কাছ আৰু ইয়াৰ বিপন্ন প্ৰজাতিটোক সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰে ৷
Assam is a hotspot of turtles with 21 of India's 31 turtle species found in the State and temples play a major role in their conservation efforts.
— Himanta Biswa Sarma (@himantabiswa) May 23, 2026
On #WorldTurtleDay, sharing the ground work being done by team @assamforest to protect our turtles and augment their numbers. pic.twitter.com/OGRndjrvUL
কাছ দিৱস উপলক্ষে শুকুৰবাৰে পুৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক্সত এটা পোষ্ট কৰে ৷ মুখ্যমন্ত্ৰী শৰ্মাই পোষ্টটোত উল্লেখ কৰে যে ভাৰতৰ ৩১টা প্ৰজাতিৰ ভিতৰত ২১বিধ কাছ অসম পোৱা যায় ৷ অসমক কাছৰ হটস্পট বুলি গণ্য কৰা হয় ৷ ইয়াৰ সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্যৰ মঠ-মন্দিৰসমূহে মুখ্য ভূমিকা পালন কৰি আহিছে । যাতে কাছক সুৰক্ষা দিয়াৰ লগতে ইহঁতৰ বংশ বৃদ্ধি হয় ৷ এই তথ্য সদৰী কৰিছে উত্তৰ-পূব টি এছ এ ফাউণ্ডেশ্ব’ন ইণ্ডিয়া নামৰ সংগঠনটোৱে ৷

জানিব পৰা মতে, ৩৬৫ টা প্ৰজাতিৰ কাছৰ ভিতৰত ইতিমধ্যে ৬১% বিলুপ্ত হৈছে । ভাৰতত মুঠ ৩০ টা কাছৰ প্ৰজাতি পোৱা যায়, ইয়াৰে ১৫ টা প্ৰজাতি উত্তৰ প্ৰদেশত পোৱা যায় ।
নাগশংকৰ দেৱালয়
উক্ত সংগঠনটোৰ মতে, অসমৰ তেজপুৰ চহৰৰ পৰা পৰা ৭০ কিলোমিটাৰ নিলগত অৱস্থিত নাগশংকৰ দেৱালয়ত কাছৰ কেবাটাও প্রজাতি সংৰক্ষণ কৰি অহা হৈছে । নাগশংকৰ দেৱালয়ৰ ইতিহাস খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ প্ৰথম ভাগত জিতাৰী বংশৰ ৰজা প্ৰতাপ সিংহৰ তত্বাৱধানত এই দেৱালয় পুনৰ সংস্থাপন কৰা হয় ৷ সেই শতিকাৰ শেষৰ ফালে নাগাক্ষ ৰজাই এই দেৱালয় স্থাপন কৰে । বিশ্বাস আছে যে ৰজা নাগাক্ষৰ তত্বাৱধানত ইয়াত মহাদেৱ শিৱৰ অনুচৰবৃন্দই কাছৰূপে ‘মোহন’ নাম লৈ স্থায়ীভাৱে এই পুখুৰীতে থাকিবলৈ লয় ।

TSA Foundation India-ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকল্প সমন্বয়ক সুশ্মিতা কৰে জনোৱা মতে, ভাৰতত পোৱা ৩১ প্ৰজাতিৰ কাছৰ ভিতৰত ২৩ প্ৰজাতি উত্তৰ-পূৰ্বাঞ্চলত হৈছে । শেহতীয়াকৈ আৰু দুটা নতুন প্ৰজাতি সংযোজিত হোৱাত এই সংখ্যা বৃদ্ধি পাই ২৫ লৈ বৃদ্ধি পাইছে ।


শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ পুখুৰীত বৰ্তমান প্ৰায় ২০০ৰো অধিক প্ৰাপ্ত বয়স্ক কাছ আছে । প্ৰায় ২ হাজাৰৰো অধিক কণী ইয়াত সংৰক্ষণ কৰিবলৈ সক্ষম হৈছিল । বৰ্তমানলৈ প্ৰায় ৮৪৫ টা কাছ ব্ৰহ্মপুত্ৰৰ অববাহিকাত মুকলি কৰি দিয়া হয় ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণৰ সঞ্চালক ড৹ সোনালী ঘোষে কাছ সংৰক্ষণৰ ক্ষেত্ৰত সদায় আগত বুলি মন্তব্য কৰে ৷ তেওঁ কয়, “আমি কাছ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । কাজিৰঙা অঞ্চলৰ ভিতৰত আমি নাগশংকৰ দেৱালয়ৰ সৈতে মিলি ব্লেক চফ্টশ্বেল কাছ সংৰক্ষণৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি আছো ৷’’
Slow and steady, making their way home. 🌊🐢
— Go Türkiye (@GoTurkiye) May 23, 2026
A tiny start to a grand adventure from Türkiye’s golden shores to the deep blue. So magical to witness these little ones heading back to the sea. #WorldTurtleDay pic.twitter.com/wOwZCU5n86
হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ
হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰতো বৃহৎ সংখ্যক কাছ সংৰক্ষণ কৰা হৈছে । আন আন মন্দিৰসমূহতো কম-বেছি পৰিমাণে এই কাছ আছে যদিও অসমৰ ভিতৰত নাগশংকৰ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰত থকা কাছৰ সংখ্যা বহু বেছি । অসমত প্ৰায় ২৫ টা মন্দিৰত কাছ পালন কৰা হয় ।


ইতিহাস
ইংৰাজীত উচ্চাৰণ হোৱা দুটা শব্দ টাৰ্টল (Turtle) আৰু টৰ্টইজ (Tortoise)ৰ মাজত প্ৰায়ে বিভ্ৰান্তি হোৱা দেখা যায় ৷ দুয়োটাৰ মাজৰ পাৰ্থক্য হ’ল টাৰ্টলে পানী আৰু মাটি দুয়োটা স্থানতে বাস কৰে ৷ কিন্তু টৰ্টইজে কেৱল মাটিতহে বাস কৰে ৷ টাৰ্টল এটাৰ বয়স ৪০ বছৰ, আনহাতে টৰ্টইজ এটা ৩০০ বছৰলৈকে জীয়াই থাকিব ৷ টাৰ্টল (Turtle) সাধাৰণতে সাগৰত আৰু টৰ্টইজ (Tortoise) ঘন জংঘল, ঘাঁহনি নদী বা পুখুৰীত পোৱা যায় ৷
#Odisha’s shores have become a cherished sanctuary for the endangered #OliveRidley turtles, with relentless conservation, awareness campaigns and dedicated efforts of volunteers. On #WorldTurtleDay, let us all join hands to make Odisha a safe nesting cove for the endangered… pic.twitter.com/tAld7eQEFJ
— Naveen Patnaik (@Naveen_Odisha) May 23, 2026
উত্তৰ প্ৰদেশত পোৱা কাছ
উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত উদ্ধাৰ কৰা কাছ কুক্ৰাইল, সাৰনাথ, চাম্বাল আদি স্থানলৈ অনা হয়, যাতে সেই জীৱবিধক সুৰক্ষা প্ৰদান কৰিব পৰা যায় ৷ ২০২০ চনত প্ৰয়াগৰাজৰ সমীপতো এখন কাছ অভয়াৰণ্য স্থাপন কৰা হৈছে, য’ত বিভিন্ন প্ৰজাতিৰ কাছ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ এই অভয়াৰণ্যখন ৩০ কিলোমিটাৰ ব্যাসাৰ্ধক সামৰি আগুৰি আছে ৷
উত্তৰ প্ৰদেশত পোৱা কাছৰ বিভিন্ন প্ৰজাতিৰ ভিতৰত ব্ৰাহ্মণী, পচেড়া, কোৰী পচেড়া, কালীটোহ, ক’লা কাছ, হালধীয়া বাথ কাছ, তিলকধাৰী চাল কাছ, ধৌৰ কাছ, ভূতকথা কাছ, পাহাৰী ত্ৰিকুটকী কাছ, সুন্দৰী কাছ, ময়ুৰপংখী কাছ, কটাহৱা লিথৰহৱা, ছায়ণ্টাৰ ফাইটাৰ আৰু পাৰ্বতী কাছ ইত্যাদি ।
বাৰানসীত পোৱা কাছ
প্ৰকৃতিপ্ৰেমীসকলেহে উল্লেখ কৰা মতে, কাছই বিশেষকৈ গংগাৰ পৰিষ্কাৰ পানীত বাস কৰিবলৈ ভালপায় ৷ সেয়ে বাৰানসীৰ সাৰনাথ কাছ প্ৰজনন আৰু পুনৰ্বাসন কেন্দ্ৰই গংগা নদীখন পৰিস্কাৰ কৰাৰ বাবে কাম কৰি আহিছে ৷ যাৰ ফলত গংগা নদীত ইয়াক সংৰক্ষণ কৰিবলৈ সক্ষম হৈ আহিছে ৷ ২০১৭ চনৰ পৰা নমামি গংগাত কাছ পুনৰ্বাসন কেন্দ্ৰ অন্তৰ্ভুক্ত হোৱাৰ ফলত কাছকে আদি কৰি অন্য কিছু প্ৰাণীৰো চোৰাং ব্যৱসায় হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷
বাৰানসী সংমণ্ডলে দিয়া তথ্য মতে, বিগত প্ৰায় আঠ-ন বছৰত কাছৰ প্ৰজনন আৰু পুনৰ্বাসন কেন্দ্ৰত ৩,২৩১টা কণী ফুটাই বিভিন্ন নদীত এৰি দিয়া হৈছে । লগতে চোৰাং ব্যৱসায়ীৰ হাতৰ পৰা কেন্দ্ৰটোৱে ২০১৭ চনৰ পৰা ২০২৫ চনলৈ ৩,২৯৮ টা কাছ উদ্ধাৰ কৰি পুনৰ সংস্থাপন কৰিছে, যিটো ভাৰতৰ অন্যতম বৃহৎ অভিযান হিচাপে বিবেচিত হৈছে ।
বন বিভাগৰ তথ্যত এই কথা পোহৰলৈ আহিছে যে ২০০৭ চনৰ পৰা ২০১৭ চনলৈকে ৬,২১৩টা কাছ আৰু ২০১৭ চনৰ পৰা ৩,২০০ ৰো অধিক কাছ উদ্ধাৰ কৰা হৈছে ।

