বিশ্ব কাছ দিৱস: অসমতে পোৱা যায় সৰ্বাধিক কাছৰ প্ৰজাতি
দেশত পোৱা ৩১টা প্ৰজাতিৰ কাছৰ ভিতৰত ২১টা প্ৰজাতি অসমতেই পোৱা যায় । বিশ্ব কাছ দিৱসৰ দিনটোত এক তথ্যসমৃদ্ধ প্ৰতিবেদন ।

Published : May 23, 2026 at 9:00 PM IST
গুৱাহাটী: পৃথিৱীৰ আটাইতকৈ সংকটাপন্ন প্ৰাণীসমূহৰ ভিতৰত কাছ অন্যতম । বৰ্তমান বিশ্বৰ ৩৬৯ টা কাছ প্ৰজাতি আছে । বাসস্থান ধ্বংস, জলাশয় আৰু জলভূমিৰ অৱক্ষয়, লগতে সচেতনতাৰ অভাৱেই কাছসমূহৰ অস্তিত্বৰ প্ৰতি ডাঙৰ ভাবুকি আনিছে । ভাৰতৰ ভিতৰত অসম হৈছে কাছৰ সৰ্বাধিক বৈচিত্ৰ্য থকা ৰাজ্য । দেশত পোৱা ৩১টা কাছ প্ৰজাতিৰ ভিতৰত ২১টা প্ৰজাতি অসমতেই পোৱা যায় ।
ইয়াৰ ভিতৰত প্ৰায় ৭০ শতাংশ কাছ সংকটাপন্ন । সংকটাপন্ন কাছবোৰৰ সংৰক্ষণৰ বাবে অসম চৰকাৰৰ বন বিভাগে ষ্টেট কেম্পা অসম আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ সহযোগত হেল্প আৰ্থ নামৰ বেচৰকাৰী সংস্থাটোৱে এক বিশেষ সংৰক্ষণ অভিযান আৰম্ভ কৰিছে । যাৰ মূল কেন্দ্ৰবিন্দু হৈছে মন্দিৰৰ পুখুৰীসমূহ । কাৰণ অসমৰ বিভিন্ন মন্দিৰ নামঘৰৰ পুখুৰীত প্ৰায় ১৬ টা প্ৰজাতিৰ কাছ পোৱা যায় ।
কাছ সন্দৰ্ভত অধ্যয়ন, গৱেষণা আৰু সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰি অহা হেল্প আৰ্থৰ সাধাৰণ সম্পাদক তথা পৰিৱেশ বিজ্ঞানী ডঃ জয়াদিত্য পুৰকায়স্থই কয়,"ভাৰতবৰ্ষত পোৱা ৩১ টা কাছৰ প্ৰজাতিৰ ভিতৰত অসমত বৰমূৰীয়া কাছ, বৰ কাছ, গংগা কাছ, হালধীয়া ফুটুকী কাছ, অসমী দুৰা, ফুটুকী শালিকা দুৰাকে ধৰি ২১ টা প্ৰজাতিৰ পোৱা যায় । অসমতে সৰ্বাধিক কাছ প্ৰজাতি পোৱা যায় । বহু দুৰ্লভ প্ৰজাতিৰ কাছ অসমৰ মঠ মন্দিৰৰ পুখুৰীত পোৱা যায় ।"

কাছ সংৰক্ষণত মঠ মন্দিৰৰ পুখুৰীৰ ভূমিকা:
তেওঁ কয়,"অসমৰ প্ৰায় মন্দিৰ নামঘৰৰ পুখুৰীত কাছ পোৱা যায় । আমি চলোৱা জৰীপ অনুসৰি অসমৰ প্ৰায় ৪০ টা মন্দিৰ নামঘৰৰ পুখুৰী তালিকাভুক্ত কৰিছোঁ, য'ত কাছ আছে । বিভিন্ন প্ৰজাতিৰ কাছ সংৰক্ষণৰ ক্ষেত্ৰত মঠ মন্দিৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা যায় । ইয়াৰ ভিতৰত আছে হাজো হয়গ্ৰীব মাধৱ মন্দিৰ আৰু কেদাৰেশ্বৰ মন্দিৰ, নাগশংকৰ মন্দিৰ, গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰ, কামাখ্যা মন্দিৰ, দেওপানী দুৰ্গা মন্দিৰ, গোলাঘাটৰ আঠখেলীয়া নামঘৰ পুখুৰীৰ লগতে বিভিন্ন মন্দিৰ নামঘৰ পুখুৰীত পোৱা যায় । তাৰ ভিতৰত বিলুপ্তপ্ৰায় প্ৰজাতি বৰমূৰীয়া কাছ, অসমী দুৰা কাছ মন্দিৰৰ পুখুৰীতে পোৱা যায় । হয়গ্ৰীব মাধৱ মন্দিৰত ১৫-১৬ টা প্ৰজাতিৰ কাছ আছে তাৰ পিছতেই শংকৰ মন্দিৰত ১২-১৩ প্ৰজাতিৰ কাছ পোৱা গৈছে ।"
জয়াদিত্য পুৰকায়স্থই কয়,"কাছবোৰ ধৰ্মীয় ভিত্তিত সেই পুখুৰীবোৰত সুৰক্ষিত কৰা হৈছে । হিন্দুসকলে কাছবোৰক ভগৱান বিষ্ণুৰ অৱতাৰ 'কুৰ্ম অৱতাৰ' বুলি বিশ্বাস কৰে । সেয়েহে বহু লোকে পুখুৰীত কাছ এৰি দিয়ে । তদুপৰি আগতে সন্তান জন্ম হ'লেও মন্দিৰৰ পুখুৰীত কাছ এৰি দিছিল । মানুহৰ ধাৰণা আছিল যে কাছ সমান যাতে শিশুটিৰ আয়ুস হয় । কিন্তু বেছিভাগ কাছ ২০-৩০ বছৰ জীয়াই থাকে । কিছুমান ৬০-৭০ বছৰ জীয়াই থাকিব । কিন্তু মানুহৰ এই ধাৰণাই আমাক কাছ সংৰক্ষণত সহায় কৰিছে ।"
কাছৰ প্ৰতি নতুন সংকট:
ডঃ জয়াদিত্য পুৰকায়স্থই কয়,"বিশেষকৈ মহানগৰীৰ মঠ-মন্দিৰৰ পুখুৰীত থকা কাছৰ প্ৰতি নতুন সংকট নামি আহিছে । ৰঙা কাণৰ স্লাইডাৰ নামৰ কাছৰ প্ৰজাতিটোৱে অসমত থলুৱা কাছৰ প্রতি সংকট নমাই আনিছে । এইবিধ প্ৰজাতিৰ কাছবোৰ আমেৰিকা পৰা অনা হয় । মানুহে ইয়াক একুৰিয়ামত ৰখে । কিন্তু এইবোৰ ডাঙৰ হোৱাৰ লগে লগে ৰাখিব নোৱৰা হ'লে পুখুৰীত এৰি দিয়ে । পুখুৰীত সেই কাছটো ইমান ক্ষতিকাৰক যে আমাৰ থলুৱা মাছবোৰক নিঃশেষ কৰিব পাৰে । বিগত পাঁচ বছৰত মহানগৰীৰ পুখুৰীত ইয়াৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।"
তেওঁ লগতে ৰাইজলৈ আহ্বান জনাই কয় ,"ৰঙা কাণৰ স্লাইডাৰ কাছবোৰ পুখুৰীবোৰত যাতে এৰি নিদিয়ে । অসম ৰাজ্যিক চিৰিয়াখানাত এই কাছবোৰ ৰখাৰ ব্যৱস্থা আছে, তাত যাতে তেওঁলোকে যোগাযোগ কৰে ।"

কাছ সংৰক্ষণৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে:
পূৰ্বতে কাছ সংৰক্ষণৰ ওপৰত কোনো বিশেষ কাম হোৱা নাছিল । কিন্তু বৰ্তমান চৰকাৰে কাছৰ সংৰক্ষণ ওপৰত গুৰুত্ব আৰোপ কৰিছে । কাছবোৰৰ সংৰক্ষণৰ বাবে অসম চৰকাৰৰ বন বিভাগে ষ্টেট কেম্পা অসম আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ সহযোগত হেল্প আৰ্থ নামৰ বেচৰকাৰী সংস্থাটোৱে বিশেষ সংৰক্ষণ অভিযান চলাই থকা হৈছে ।
এই সন্দৰ্ভত হেল্প আৰ্থৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়,"তাৰ ভিতৰত বিভিন্ন স্থানৰ মন্দিৰ নামঘৰৰ কাছ থকা পুখুৰী বোৰ বৰ্তমান পকী হৈছে । কিন্তু সেই পুখুৰীবোৰত মন্দিৰৰ পুখুৰীবোৰৰ আৰু ভাল কৰিব পাৰি । বেছিভাগ পুখুৰীৰ পাৰবোৰ পকী হৈছে । সেইবোৰত কাছৰ বসবাসৰ বাবে উপযোগী কৰি তোলাৰ বাবে ব্যৱস্থা কৰা হৈছে । যাতে প্ৰজনন কৰিব পাৰে । প্ৰজনন কৰাৰ পিছত পোৱালিবোৰ বনাঞ্চলত এৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে । এইদৰে আমি কৰিব পাৰিলে বনাঞ্চলত কাছৰ সংখ্যা বৃদ্ধি পাব ।"
তেওঁ শেষত কয়,"আমি ইতিমধ্যে প্ৰায় ৪৫০-৫০০ কাছৰ পোৱালি বনাঞ্চলত এৰি দিছোঁ । তদুপৰি বন বিভাগে ২০২৫ত ১৩০ টা মান পোৱালি বনাঞ্চলত এৰি দিছে । আমি পোৱালি এৰি দিয়াটোত সফল বুলি নকওঁ । কাৰণ কিমান জীয়াই আছে সেইটো আমি গম নাপাওঁ । মনিটৰিং কৰিব পাৰিলে আৰু বনাঞ্চলত এৰি দিয়া পোৱালিবোৰে প্ৰজনন কৰাৰ তথ্য পালেহে আমি সফল হোৱা বুলি ক'ব পাৰিম ।"

