উন্নয়নৰ নামত সংকটত ৰাজ্যৰ পক্ষীকুল
বিশ্ব সামুদ্ৰিক পক্ষী দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীত পক্ষী দিৱস উদযাপন । অসমত পক্ষীকুলৰ সংকটক লৈ উদ্বিগ্ন প্ৰকৃতিপ্ৰেমী ।

Published : July 3, 2026 at 8:17 PM IST
গুৱাহাটী: প্ৰতিবছৰে ৩ জুলাইৰ দিনটোত বিশ্ব সামুদ্ৰিক পক্ষী দিৱস পালন কৰা হয় । সামুদ্ৰিক পক্ষীৰ সংৰক্ষণ আৰু সজাগতাই এই দিৱসৰ মূল লক্ষ্য । অসমতো এই দিৱসৰ লগত সংগতি ৰাখি বিশ্ব পক্ষী দিৱস পালন কৰা হৈছে । ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিয়ে বিভিন্ন প্ৰজাতিৰ পক্ষীৰ সংৰক্ষণ আৰু ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰিছে ।
আচলতে অসম পক্ষীৰ অন্যতম প্ৰিয় বাসস্থান বুলি গণ্য কৰা হয় । যাৰ বাবে প্ৰতিবছৰে অসমলৈ লাখ লাখ পৰিভ্ৰমী পক্ষীৰ আগমন হয় । কিন্তু বিভিন্ন কাৰণত এই পৰিভ্ৰমী পক্ষীৰ সংখ্যা এতিয়া কমি আহিছে । মানৱ জাতিৰ বিভিন্ন ভুলৰ বাবেই পক্ষীকুললৈ সংকট নামি আহিছে বুলিও বিভিন্ন সময়ত প্ৰমাণ হৈছে । অৱশ্যে তাৰ মাজতো অসম পক্ষীৰ বাবে চহকী হৈয়ে আছে ।
এই সন্দৰ্ভত ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ সভাপতি তথা পক্ষীবিদ ভুৱনেশ্বৰ শৰ্মাই কয়, "বৰ্তমান অসমত প্ৰায় ৯০০ প্ৰজাতিৰ পক্ষী পোৱা যায় । ১৯৭০ চনত গণনা কৰোতে অসমত ৯৫০ বিধ পক্ষী পোৱা গৈছিল । পৰৱৰ্তী সময়ত ১৯৮৩ৰ পক্ষী গণনাত ৰাজ্যত ৯৩০ টা প্ৰজাতিৰ পক্ষী পোৱা গৈছিল । তদুপৰি গুৱাহাটী মহানগৰীতে প্ৰায় ৪৫০ টা মান প্ৰজাতিৰ পক্ষী পোৱা যায় ।"
কিন্তু পক্ষীকুলৰ প্ৰতি অহা ভাবুকি সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰি তেওঁ কয়, "পৰিতাপৰ কথা যে হাবি বন, জলাশয়ৰ অৱক্ষয়ৰ বাবে ৰাজ্যত পক্ষীৰ প্ৰজাতি কমি আহিছে । চৰাইৰ সুৰক্ষাৰ বাবে জনসাধাৰণে যাৰ যিটো পৰিৱেশ সেইটো পৰিৱেশ দিব লাগে । অসমৰ দেওহাঁহ বৰ্তমান বিলুপ্তিৰ পথত । ৫৫-৫৬ টা মানহে বৰ্তমান অসমত দেওহাঁহ আছে । দেওহাঁহ সংৰক্ষণৰ ব্যৱস্থা চৰকাৰে কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় ।"
আনহাতে পক্ষী দিৱসত অংশ লৈ বিশিষ্ট পক্ষী বিশেষজ্ঞ ডঃ নীলোৎপল মহন্তই কয়, "পক্ষীৰ ক্ষেত্ৰত অসম চহকী । অসমত ৮০০-৯০০ প্ৰজাতিৰ চৰাই পোৱা যায় । বিশ্বত প্ৰায় ১০ হাজাৰ চৰাইৰ প্ৰজাতি পোৱা যায় । তাৰ ভিতৰত ১২০০-১৩০০ প্ৰজাতি ভাৰততে পোৱা যায় । এই ১২০০-১৩০০ ভিতৰত ৮০০-৯০০ মান প্ৰজাতি অসমত পোৱা যায় । ইয়াৰ ভিতৰত ৫০ শতাংশ পৰিভ্ৰমী চৰাই অসমলৈ আহে ।"
তেওঁ লগতে কয়, "বৰ্তমান ৰাজ্যত পক্ষীৰ প্ৰতি সংকট আহিছে । আঁতি-গুৰি চিন্তা নকৰাকৈ যিদৰে আমি বিকাশ বা উন্নয়নমূলক কাম কৰিবলৈ আগবাঢ়িছো তাৰ বাবে পক্ষীৰ সংকট আহিছে । উন্নয়ন বহনক্ষম নহ'লে প্ৰকৃতিক কোনো ধৰণে সহায় কৰিব নোৱাৰে । দ্বিতীয়তে কৃষিভূমিত অত্যধিক কীটনাশক ব্যৱহাৰ কৰাৰ বাবে চৰাইৰ ডাঙৰ সংকট আহিছে । তদুপৰি শীতকালীন সময়ত পৰিভ্ৰমী চৰাইবোক মাৰিবলৈ বহু অসাধু লোকে খাদ্যত বিষাক্ত পদাৰ্থ দিয়া আমি দেখিবলৈ পাইছোঁ । এইধৰণৰ ভাবুকি বৰ্তমান চৰাইৰ বাবে আহিছে ।"
তেওঁ লগতে কয়, "ৰাজ্যত ৰাষ্ট্ৰীয় উদ্যানবোৰৰ উপৰিও বিভিন্ন বিল, জলাশয় আদিত বিভিন্ন প্ৰজাতিৰ চৰাই পোৱা যায় । তদুপৰি পূৰ্বতে ঘৰৰ বাৰীবোৰত বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা গৈছিল । বৰ্তমান বাৰী নোহোৱাৰ ফলতো চৰাই দেখিবলৈ পোৱা নাযায় । গুৱাহাটীৰ কাষৰীয়া গড়ভঙাত ৩০০ তকৈ অধিক প্ৰজাতিৰ চৰাই পোৱা যায় ।" অসমৰ বিলুপ্তপ্ৰায় পক্ষীৰ উদাহৰণ দি তেওঁ কয়, "বৰ্তমান ৰাজ্যত শগুণ বিলুপ্তৰ পথত । আজিৰ প্ৰজন্মই শগুণ দেখা নোপোৱা হৈছে । অসমত পোৱা বিশেষ তামুলীয়া শগুণ বৰ্তমান ৫০০ মানহে আছে বুলি বিজ্ঞানীসকলে উল্লেখ কৰিছে ।"
উল্লেখ্য যে চতুৰ্বিংশতিতম বিশ্ব পক্ষী দিৱস উপলক্ষে অসমত পোৱা বিভিন্ন প্ৰজাতিৰ পক্ষীৰ এক প্ৰদৰ্শনীৰো আয়োজন কৰা হয় । বিভিন্ন প্ৰকৃতিপ্ৰেমী আৰু পক্ষী বিশেষজ্ঞসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । লগতে পক্ষীৰ সংৰক্ষণ সম্পৰ্কে বিভিন্ন আলোচনা কৰা হয় ।
লগতে পঢ়ক :
মৰাণত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান, ৬ টা কাঠফলা মিল জব্দ বন বিভাগ

