ETV Bharat / state

টীয়কৰ জুবিন সেউজ চাপৰিতো বিশ্ব পৰিৱেশ দিৱস পালন, ৬,০০০ গছপুলি ৰোপণ

জাঁজীমুখৰ জুবিন সেউজ চাপৰিত বিশ্ব পৰিৱেশ দিৱস পালন ৷ কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থী, সামাজিক অনুষ্ঠানৰ অংশগ্ৰহণ ৷

World environment day Celebration in Teok
টীয়কৰ জুবিন সেউজ চাপৰিতো বিশ্ব পৰিৱেশ দিৱস পালন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 5, 2026 at 2:45 PM IST

2 Min Read
Choose ETV Bharat

টীয়ক: ৫ জুনৰ দিনা বিশ্ববাসীয়ে পালন কৰিছ পৰিৱেশ দিৱস ৷ সমগ্ৰ বিশ্বৰ লগতে শুকুৰবাৰে টীয়কৰ জাঁজীমুখৰ ওপৰ শগুণপৰাস্থিত জুবিন সেউজ চাপৰিতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । চলিত বৰ্ষৰ ২৫ এপ্ৰিলত জাঁজীমুখ অঞ্চলৰ একাংশ প্ৰকৃতিপ্ৰেমীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত লুইৰ চাপৰিত প্ৰতিষ্ঠা কৰিছিল জুবিন সেউজ চাপৰি ৷

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শুকুৰবাৰে জাঁজীমুখ অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থী, সামাজিক অনুষ্ঠানৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত হাজাৰ হাজাৰ গছপুলি ৰোপণ কৰে জুবিন সেউজ চাপৰিত ৷ উল্লেখযোগ্য যে প্ৰকৃতি সুৰক্ষাৰ লগতে জুবিন গাৰ্গক অমৰ কৰাৰ অৰ্থে প্ৰথম পৰ্যায়ত ১০,০০০ গছপুলি ৰোপণৰ পৰিকল্পনাৰে আগবাঢ়ি ইতিমধ্যে প্ৰায় ৬,০০০ গছপুলি ৰোপণ কৰা হৈছে ৷

টীয়কৰ জুবিন সেউজ চাপৰিতো বিশ্ব পৰিৱেশ দিৱস পালন (ETV Bharat Assam)

এই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী ৰূপক টায়ুঙে কয়,"পূৰ্বে আমাৰ ইয়াত শগুণ পৰিছিল শিমলু গছবোৰত । কিন্তু আজিকালি সেইবোৰ নাইকীয়া হ'বলৈ ধৰিছে । আজি তিনিবছৰৰ আগৰ পৰা মই অকলে ইয়াত গছপুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিছিলো ৷ পিছত বন্ধুসকলক লগত লৈ আৰু তেওঁলোকে সহাৰি দিয়াত এয়া অৱস্থা পাইছোহি । প্ৰকৃতিৰ ভাৰসাম্য তথা সুৰক্ষাৰ স্বাৰ্থত আমি সকলোৱে মিলি প্ৰথম পৰ্যায়ত ১০,০০০ গছপুলি ৰোপণৰ সংকল্প লৈ ইতিমধ্যে ৬,০০০ গছপুলি ৰোপণ কৰিছো ।"

আন এগৰাকী ব্যক্তিয়ে কয়,"আমি জুবিনদা হ'ব নোৱাৰো যদিও জবিনদাৰ আদৰ্শক সন্মুখত ৰাখি এই চাপৰিক জুবিন চাপৰি নাম দি গছপুলি ৰোপণ আৰম্ভ কৰিছো ৷ য'ত জুবিনদাৰ অস্তিত্ব সদায় আমি অনুভৱ কৰিম ।" উল্লেখ্য যে, শিমলু গছ ৰোপণত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ পদক্ষেপে জাঁজীমুখৰ জৈৱ-বৈচিত্ৰ সজীৱ কৰি ৰাখিব বুলি আশা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক:মন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পূৰ্বে নাহৰৰ পুলি ৰোপণ নীলিমা দেৱীৰ