ETV Bharat / state

হাতী বন্ধুৰ প্ৰচেষ্টাত হেৰোৱা মৰ্যাদা ঘূৰাই পালে টকলা হৈ পৰা এখন পাহাৰে

প্ৰধানমন্ত্ৰীৰ মন কি বাতত প্ৰশংসিত হৈছিল হাতী বন্ধু ।

World Environment Day 2026
টকলা পাহাৰে ঘূৰাই পালে হেৰোৱা মৰ্যাদা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 5, 2026 at 3:02 PM IST

4 Min Read
Choose ETV Bharat

ৰকিবুল ওৱাহিদ

নগাঁও: আজি বিশ্ব পৰিৱেশ দিৱস । পৰিৱেশ দিৱসৰ দিনটোত বহুতে গছপুলি ৰোপণ কৰে, সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰ কৰি একাংশই নিজকে প্ৰকৃতিপ্ৰেমী অথবা পৰিৱেশ কৰ্মী বুলি প্ৰতিষ্ঠা কৰাৰ চেষ্টা নকৰাও নহয় । কিন্তু কেৱল প্ৰচাৰৰ উদ্দেশ্যৰ বিপৰীতে এটা প্ৰকৃতিপ্ৰেমী সংগঠনে নীৰৱে চলাই অহা এক সেউজ বিপ্লৱে এখন টকলা পাহাৰক হেৰোৱা মৰ্যাদা ঘূৰাই দিবলৈ সক্ষম হৈছে ।

চোৰাং কাঠ ব্যৱসায়ী, অসাধু চক্ৰৰ দৌৰাত্ম্যত এটা সময়ত এখন সুন্দৰ সেউজীয়া পাহাৰ হৈ পৰিছিল সম্পূৰ্ণ টকলা । নগাঁও-কাৰ্বি আংলং জিলাৰ সীমান্তৰ হাতীখুলি ৰংহাং পাহাৰখনে এতিয়া ঘূৰাই পাইছে হেৰোৱা মৰ্যাদা ।

টকলা পাহাৰে ঘূৰাই পালে হেৰোৱা মৰ্যাদা (ETV Bharat Assam)

হাতী বন্ধু নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ মুখ্য পৃষ্ঠপোষক প্ৰদীপ ভূঞা আৰু ক্ষেত্ৰ সঞ্চালক তথা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই প্ৰকৃতি সুৰক্ষাৰ লগতে হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে মৃতপ্ৰায় হাতীখুলি ৰংহাং পাহাৰক পুনৰজ্জীৱিত কৰাৰ বাবে গ্ৰহণ কৰিছিল প্ৰচেষ্টা । য’ত আছিল স্থানীয় লোকৰ সহযোগ ।

প্ৰায় বিশ বছৰে গছশূন্য হৈ পৰা হাতীখুলি ৰংহাং পাহাৰখন বিগত প্ৰায় ৯ টা বছৰে সম্পূৰ্ণ সেউজীয়া কৰি তুলিবলৈ সক্ষম হৈছে হাতী বন্ধু নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটো । বহু ঘাত-প্ৰতিঘাত, ভয়-ভাবুকিক নেওচি প্ৰায় ৮০০ বিঘা ভূমি সামৰা পাহাৰখনত ১৫,০০০ জোপাৰো অধিক গছ ৰোপণ কৰি পুনৰ সেউজীয়া পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছে । ফলত পাহাৰখন কেৱল সেউজীয়া হোৱাই নহয়, জীৱ-জন্তুৰ বাবেও নিৰাপদ আশ্ৰয়স্থলীলৈ পৰিণত হৈছে ।

World Environment Day 2026
টকলা পাহাৰে ঘূৰাই পালে হেৰোৱা মৰ্যাদা (ETV Bharat Assam)

স্থানীয় লোক, যুৱক-যুৱতীৰ সহযোগত নিয়মিতভাৱে গছ ৰোপণ, যত্ন লোৱা আৰু সুৰক্ষাৰ ব্যৱস্থা কৰি অহাৰ ফলত সেউজীয়াৰে আবৃত হৈছে পাহাৰখন । প্ৰথমতে স্থানীয় লোকৰ মাজত সচেতনতা বৃদ্ধি কৰি, চোৰাং কাঠ কটা বন্ধ কৰি আৰু পাহাৰখনক সুৰক্ষিত কৰি তোলাৰ কাম আৰম্ভ কৰিছিল হাতী বন্ধু নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে ।

ক্ৰমান্বয়ে গছ ৰোপণৰ পিছত নিয়মিতভাৱে পানী যোগানকে আদি কৰি গছসমূহ লালন-পালনৰ ব্যৱস্থা কৰি পাহাৰখনক বৰ্তমান এক সেউজীয়া ৰূপ দিবলৈ সক্ষম হৈছে ।

  • প্ৰধানমন্ত্ৰীৰ প্ৰশংসা :

হাতী বন্ধুয়ে প্ৰকৃতি সুৰক্ষাৰ বাবে কৰি অহা প্ৰচেষ্টা কেৱল স্থানীয় স্তৰতেই সীমাবদ্ধ নহয় । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ত হাতী বন্ধুয়ে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰিছিল । প্ৰধানমন্ত্ৰীয়ে এই ধৰণৰ প্ৰকৃতি সুৰক্ষাৰ আদৰ্শক উল্লেখ কৰি ইয়াক দেশৰ বাবে অনুপ্ৰেৰণাদায়ক বুলি অভিহিত কৰিছিল ।

World Environment Day 2026
প্ৰকৃতি সুৰক্ষাৰ বাবে এটা সংগঠনে কৰা নীৰৱ বিপ্লৱে কঢ়িয়াই আনিছে আশাৰ বতৰা (ETV Bharat Assam)
  • পৰিৱেশ আৰু জীৱ-জন্তুৰ ওপৰত প্ৰভাৱ :

হাতীখুলি ৰংহাং পাহাৰ অঞ্চলটো হাতীৰ প্ৰাকৃতিক গতিপথৰ সৈতে জড়িত । বনাঞ্চল ধ্বংসৰ ফলত হাতীয়ে মানুহৰ বসতি অঞ্চললৈ নামি আহি সংঘাতৰ সৃষ্টি কৰিছিল । গছ ৰোপণৰ ফলত হাতীৰ খাদ্য আৰু আশ্ৰয় উপলব্ধ হোৱাত এই সংঘাত বহু পৰিমাণে হ্ৰাস পাইছে বুলি স্থানীয় লোকে জনাইছে ।

বিগত প্ৰায় ৯ বছৰে এখন পাহাৰক পুনৰ সেউজীয়া কৰি তুলিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি হাতী বন্ধুৰ ক্ষেত্ৰ সঞ্চালক বিনোদ দুলু বৰাই ই টিভি ভাৰতৰ সন্মুখত কয়, “সম্পূৰ্ণ টকলা হৈ পৰা পাহাৰখনত আমি গছৰোপণৰ কাম আৰম্ভ কৰাৰ সময়ত প্ৰথমে আমি নানা ভয় ভাবুকিৰ সন্মুখীন হৈছিলো । আজিও একাংশ অসাধু চক্ৰৰ ভাবুকিৰ সন্মুখীন হৈ আহিছো । কিন্তু প্ৰকৃতিৰ প্ৰতি থকা ভালপোৱাৰ বাবেই আমি এখোজো পিছুৱাই নাযাওঁ । পাহাৰখনত আমি গছপুলি ৰোপণ কৰি সংৰক্ষণ কৰাৰ ফলত আজি জীৱ-জন্তুৰ আশ্ৰয়স্থল হৈ পৰিছে । প্ৰকৃতিয়ে আমাক যিদৰে দিছে, প্ৰতিকৃতিকো আমি দিয়াৰ দায়িত্ব আছে । সেয়ে আমি প্ৰকৃতি সুৰক্ষা কৰি ৰাখিব লাগিব ।”

World Environment Day 2026
টকলা পাহাৰ (ETV Bharat Assam)

শেহতীয়াকৈ জানিব পৰা মতে, হাতীখুলি ৰংহাং পাহাৰখনত বিভিন্ন প্ৰজাতিৰ চৰাই, সৰু সৰু জীৱ-জন্তু আৰু উদ্ভিদৰ বৈচিত্ৰ্যও পুনৰ বৃদ্ধি পাইছে ।

লগতে পঢ়ক : বীজ বোমা, সেউজ সৈনিক আৰু সেউজ বিস্ফোৰণ: এখন 'খাদ্য অৰণ্য'ৰ আঁৰৰ এক নিপোটল কাহিনী

লগতে পঢ়ক : বিশ্ব পৰিৱেশ দিৱস : প্ৰধানমন্ত্ৰী মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বাৰ্তা