বিশ্ব পৰিৱেশ দিৱস ২০২৬: পৰিৱেশ সংৰক্ষণৰ বাবে প্ৰতিজ্ঞাবদ্ধ ৰাজ্যবাসী
অসমৰ বিভিন্ন জিলাত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণকে ধৰি নানান কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

Published : June 5, 2026 at 8:19 PM IST
পৰিৱেশ সংৰক্ষণৰ দিশত সজাগতাৰ লক্ষ্যৰে প্ৰতি বছৰে ৫ জুনত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । সেই অনুসৰি শুকুৰবাৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান আদিয়ে বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে ।
সোণাপুৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে প্ৰথমটো বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে ফেন ক্লাৱে । প্ৰকৃতিপ্ৰেমী জুবিন গাৰ্গৰ আদৰ্শক বুকুত বান্ধি সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱে বৃহৎ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে । ডেফ'ডিল নাৰ্ছাৰীৰ সহযোগত গুৱাহাটীৰ সোণাপুৰ আৰু ক্ষেত্ৰীৰ বিভিন্ন স্থানত এই কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰা হয় । অঞ্চলটোৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি কাৰ্যসূচীত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় । ডিমৰীয়া মহাবিদ্যালয়ৰ পৰা এই কাৰ্যসূচী আৰম্ভ হয় । এই কাৰ্যসূচীত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী ড৹ পামী বৰঠাকুৰে অংশগ্ৰহণ কৰে ।
অনুষ্ঠানত অংশ লৈ গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমৰ আগত আৱেগিক হৈ কয়, "জুবিন ফেন ক্লাৱৰ উদ্যোগত প্ৰতিবছৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । পূৰ্বতে জুবিনৰ নেতৃত্বত আৰু তেওঁৰ আদৰ্শত এই কামবোৰ হৈছিল । এইবাৰ তেওঁলোকে ডিমৰীয়া মহাবিদ্যালয়কে মুখ্য কৰি সোণাপুৰ-ক্ষেত্ৰীৰ এনেবোৰ বিদ্যালয়-মহাবিদ্যালয় বাছনি কৰি লৈছে । য'ত গছপুলিবোৰ ৰোপণ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে নিজে সেইবোৰৰ প্ৰতিপালন কৰিব পাৰিব ।"

তেওঁ লগতে কয়, "জুবিনে কেৱল পৰিৱেশ দিৱসৰ দিনাই নহয় গোটেই বছৰটোতে যিকোনো সময়তে গছপুলি ৰোপণ কৰিছিল আৰু নিজৰ চেষ্টাত সেইবোৰ প্ৰতিপালনো কৰিছিল । কেৱল সংবাদ মাধ্যমৰ আগত অহাটোৱেই মূল কথা নহয়, প্ৰকৃতিক ৰক্ষা নকৰিলে মানুহ জীয়াই থকাটো অসম্ভৱ ।" ইফালে জুবিন গাৰ্গৰ ভগ্নী ড৹ পামী বৰঠাকুৰে কয়, "বৰ্তমান সময়ত বনাঞ্চল বা সেউজ এলেকা কমি অহাৰ বাবে বন্য জীৱ-জন্তুৰ বাবে সংকট নামি আহিছে । আমি বিশেষকৈ ফল-মূল আৰু ছাঁ দিয়া গছ বেছিকৈ ৰোপণ কৰিব লাগে, যাতে চৰাই-চিৰিকটি বা বান্দৰ আদি জীৱ-জন্তুৰ সুবিধা হয় । জুবিন দাদা প্ৰকৃতিৰ মানুহ আছিল আৰু আজিৰ দিনটো বৰ উলহ-মালহেৰে পালন কৰিছিল । জুবিন গাৰ্গ ফেন ক্লাৱৰ এই প্ৰচেষ্টা সঁচাকৈ আদৰণীয় ।"

একেদৰে ডেফ'ডিল নাৰ্ছাৰীৰ স্বত্বাধিকাৰী ৰাজীৱ শৰ্মাইও প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি সুঁৱৰি কয়, "জুবিন গাৰ্গ প্ৰায়ে আমাৰ ডেফ'ডিল নাৰ্ছাৰীলৈ আহিছিল । তেওঁ আহি গছৰ বিষয়ে কথা পাতিছিল, গছ ৰোৱাৰ পৰিকল্পনা কৰিছিল আৰু থলুৱা (স্থানীয়) গছবোৰ সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব দিছিল । আজি তেওঁক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আমি জুবিন গাৰ্গ ফেন ক্লাৱৰ সৈতে মিলি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ ।"
জোনাই : ধেমাজি জিলাৰ বিভিন্ন প্ৰান্ততো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত জোনাইস্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম মেম'ৰিয়েল হাইস্কুলৰ প্ৰাংগণতো বিশ্ব পৰিৱেশ দিৱস পালন কৰে । বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰোমিঅ' নাৰ্জাৰী, সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, উপদেষ্টা বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, উপেন্দ্ৰনাথ ব্ৰহ্ম মেম'ৰিয়েল হাইস্কুলৰ প্ৰধান শিক্ষক ভূমিধৰ বড়ো প্ৰমুখ্যে বড়ো জাতীয় সংগঠনৰ নেতৃত্বই গছপুলি ৰোপণ কৰে ।
ইফালে জোনাইত 'ইক'ছ অব পবা'ই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জোনাই বজাৰ, ৰাংকপ, ৰুকচিন আদি বিভিন্ন স্থানত চাফাই অভিযানৰ সমান্তৰালকৈ টিএমপিকে, আছু, এজেৱাইচিপিৰ সহযোগত জোনাই সমজিলা শিশু উদ্যানত গছপুলি ৰোপণ কৰে । ইফালে টি গ্ৰীণ জোনাইয়ে পৰিবেশ দিৱস উপলক্ষে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।
জোনাই সমজিলাস্থিত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিৰূপণ কোষৰ সৌজন্যত আৰু বিজ্ঞান শাখাৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ৷ পুৱাই শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ চৌহদত বৃক্ষৰোপণ কৰে ৷ তাৰ পিছতে আয়োজিত বিশেষ কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি প্ৰকৃতিকৰ্মী, লেখক তোষেশ্বৰ মিৰি আগৰৱালাই ভাষণ প্ৰদান কৰে ৷
নগাঁও : নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এছ'চিয়েশ্বনৰ উদ্যোগতো জিলা আয়ুক্তৰ বাসভৱন চৌহদত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । জিলা আয়ুক্তৰ বাসভৱনত গছপুলি ৰোপণ কৰা হয় । গছপুলি ৰোপণ কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়, "গছপুলি ৰোপণ কৰিলেই নহ'ব, সুন্দৰকৈ লালন পালন কৰিব লাগিব । পৃথিৱী সুন্দৰ কৰি ৰাখিবলৈ কেৱল এটা দিনতেই নহয় প্ৰতিদিনেই পৰিৱেশ সুৰক্ষা কৰি ৰাখিব লাগিব ।
মৰিগাঁও : মৰিগাঁৱতো অতি উলহ-মালহেৰে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চৌহদত ৪০০ৰো অধিক উন্নত মানৰ গছপুলি ৰোপণ কৰা হয় । এই বৃক্ষৰোপণ কাৰ্যসূচীত প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে । বৃক্ষৰোপণৰ সমান্তৰালকৈ প্ৰতিষ্ঠানটোৰ প্ৰেক্ষাগৃহত এক বিশেষ আলোচনা চক্ৰৰো আয়োজন কৰা হয় । এই আলোচনা চক্ৰত ৰাজ্যৰ কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয়ৰ পৰা অহা গৱেষক আৰু বিশিষ্ট প্ৰকৃতিপ্ৰেমীসকলে অংশগ্ৰহণ কৰি পৰিৱেশৰ সাম্প্ৰতিক সংকটৰ দিশসমূহৰ ওপৰত আলোকপাত কৰে । বক্তাসকলে বিশ্বজুৰি বৃদ্ধি পোৱা গোলকীয় উত্তাপ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ বনাঞ্চল বৃদ্ধিৰ লগতে প্ৰাকৃতিক সম্পদৰ সুব্যৱহাৰ কৰিবলৈ সকলোকে আহ্বান জনায় ।

ইফালে বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত মৰিগাঁৱত কপিলী মণ্ডলৰ দুই শতাধিক আত্মসহায়ক গোটৰ মহিলাৰ মাজত গছপুলিও বিতৰণ কৰা হয় । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত জিলাখনৰ কপিলী মণ্ডলৰ অধীনস্থ আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত গছপুলি বিতৰণ কৰা হয় । অসম ৰাজ্যিক জীৱিকা অভিযানৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে কেৱল আৰ্থিকভাৱে স্বাৱলম্বী কৰাই নহয়, বৰং সমাজ আৰু পৰিৱেশৰ প্ৰতি থকা দায়িত্ববোধ জগাই তোলাটোও এই অভিযানৰ অন্যতম লক্ষ্য । জীৱিকা অভিযানৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, "পৰিৱেশ প্ৰদূষণ বৰ্তমান সময়ৰ এক ডাঙৰ প্ৰত্যাহ্বান । আমাৰ মাতৃ শক্তিয়ে যদি ঘৰে ঘৰে এজোপাকৈ হ'লেও গছপুলি ৰোপণ কৰে আৰু তাৰ প্ৰতিপালন কৰে, তেন্তে অনাগত দিনত আমাৰ ধৰিত্ৰী সেউজীয়া হৈ ৰ'ব ।"
গুৱাহাটী : গুৱাহাটীৰ ভিন্ন প্ৰান্ততো বিশ্ব পৰিৱশ দিৱস পালন কৰা হয় । নাৰেংগী খণ্ড বনবিষয়া কার্যালয়ৰ উদ্যোগত আৰু প্ৰকৃতি সেৱা মঞ্চৰ সহযোগত নুনমাটিত পৰিৱেশ দিৱস পালন কৰা হয় । নুনমাটি হাইস্কুলৰ প্রাংগণত বৃক্ষৰোপণ, গছপুলি বিতৰণ, সজাগতামূলক সভা, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত নাৰেংগী খণ্ড বন বিভাগৰ লোক, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোকসকল উপস্থিত থাকে ।
ইফালে নুনমাটিস্থিত চান ছাইন পাব্লিক স্কুলত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । বিদ্যালয় প্ৰাংগণত গছপুলি বিতৰণ কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশ সজাগতামূলক প্ৰদৰ্শনী আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰেংগী শাখাৰ উদ্যোগত নাৰেংগীৰ উৰ্মীনগৰ নামঘৰত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । য'ত জ্যেষ্ঠ সাংবাদিক ছামছুল ৰহমান, ভাৰতীয় গোর্খা পৰিসংঘৰ সভাপতি প্রকাশ দাহাল শর্মা আৰু টাইনী টট কিজ ৱৰ্ল্ডৰ প্রধান শিক্ষয়িত্রী ৰীতা দাহাল শর্মাই গছপুলি ৰোপণ কৰে । এই অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিৰ উপদেষ্টা প্ৰদীপ কলিতা, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোক ।
সৰুপথাৰ : ভাৰতীয় ৰেডক্ৰছ ছ'চাইটিৰ ধনশিৰি জিলা শাখা, সৰুপথাৰ আৰু উদয়াংশু ফাউণ্ডেশ্যনৰ উদ্যোগতো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সৰুপথাৰ পদুমণি মধ্য ইংৰাজী বিদ্যালয়ত চিত্ৰাংকন আৰু ৰচনা লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । ৰেডক্ৰছৰ কৰ্মকৰ্তা বিনয় দত্ত শৰ্মাই আঁতধৰা এই কাৰ্যসূচীৰ উদ্বোধনী সভাত উপস্থিত থাকে সৰুপথাৰ সামাজিক বনানিকৰণ বিভাগৰ ভাৰপ্ৰাপ্ত বন বিষয়া ৰঞ্জিত হাজৰিকা,ৰেডক্ৰছ ধনশিৰি শাখাৰ অধ্যক্ষ দণ্ডেশ্বৰ বৰা, শাখাৰ সম্পাদক দিলীপ কোঁৱৰ আৰু সহকাৰী সম্পাদক মানিক কুমাৰ দেব । লগতে উপস্থিত থাকে পদুমণি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্রী মমী মহন্তসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।
লগতে পঢ়ক :

