ETV Bharat / state

বিশ্ব পৰিৱেশ দিৱস: হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে কি কৰিছে 'হাতীবন্ধু'ৱে ?

হাতী-মানুহৰ সংঘাতৰ বাবে লোৱা পদক্ষেপৰ বাবে আজি সকলোৰে প্ৰশংসাৰ পাত্ৰ 'হাতীবন্ধু' ।

Man Elephant conflict
হাতীবন্ধুৰ ক্ষেত্ৰ পৰিচালক বিনোদ দুলু বৰা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 5, 2026 at 3:24 PM IST

6 Min Read
Choose ETV Bharat

কলিয়াবৰ: প্ৰতিবছৰে ৫ জুনৰ দিনটোত বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় । এই দিনটোত প্ৰকৃতিৰ সুৰক্ষা, পৰিৱেশ সংৰক্ষণ আদিৰ দিশত সজাগতাৰ প্ৰয়াস কৰা হয় । ইয়াৰ লগতে এই দিনটোত পৰিৱেশৰ বাবে কাম কৰা ব্যক্তি বা সংগঠনসমূহকো স্মৰণ কৰা হয় । তেনে ব্যক্তি বা সংগঠনসমূহৰ কামৰ আলোচনা কৰা হয় ।

আজি এই বিশেষ দিনটোত আমিও তেনে এটা সংগঠনৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ । যিটো সংগঠনে বছৰ বছৰ ধৰি প্ৰকৃতিৰ সৈতে জড়িত বিভিন্ন বিষয়বোৰৰ ওপৰত কাম কৰি আছে । বিশেষকৈ অসমত বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে সংগঠনটোৱে বিশেষ উদ্যাগ গ্ৰহণ কৰি আহিছে । এই স্বেচ্ছাসেৱী সংগঠনটো হৈছে 'হাতীবন্ধু' ।

বিশ্ব পৰিৱেশ দিৱস : হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে কি কৰিছে 'হাতীবন্ধু'ৱে ? (ETV Bharat)

'হাতীবন্ধু' হৈছে অসমৰ এটা আগশাৰীৰ প্ৰকৃতিপ্ৰেমী তথা স্বেচ্ছাসেৱী সংগঠন । এই সংগঠনটোৱে মূলতঃ হাতী আৰু মানুহৰ মাজত চলি অহা সংঘাত দূৰ কৰি সহাৱস্থানৰ দিশত কাম কৰি আহিছে । গুৱাহাটীৰ প্ৰদীপ ভূঞা আৰু নগাঁৱৰ বিনোদ দুলু বৰাৰ নেতৃত্বত কেইগৰাকীমান প্ৰকৃতিপ্ৰেমীয়ে লগ লাগি ২০১৭-১৮ চনত এই ব্যতিক্ৰমী পদক্ষেপ আৰম্ভ কৰিছিল । অৰণ্য ধ্বংস আৰু খাদ্যৰ অভাৱত বন্যহস্তীৰ জাকে প্ৰায়ে বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰে আৰু ইয়াৰ ফলতেই সংঘাতৰ সৃষ্টি হয় । এই সমস্যাক বিজ্ঞানসন্মতভাৱে সমাধান কৰিবলৈ হাতীবন্ধুৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

Man Elephant conflict
খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ বন্যহস্তীৰ (ETV Bharat)

প্ৰথমতে হাতীৰ বাবে খাদ্যৰ খেতি কৰি 'হাতীবন্ধু'য়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । বনৰীয়া হাতীয়ে যাতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ আহিব নালাগে তাৰ বাবে নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ প্ৰায় ৮০০ বিঘা অনুৰ্বৰ ভূমিত হাতীৰ প্ৰিয় খাদ্য 'নেপিয়াৰ ঘাঁহ' আৰু শালি ধানৰ খেতি কৰিছে ।

প্ৰাকৃতিক বাধাসমূহ আঁতৰ কৰি গাঁৱৰ সুৰক্ষাৰ বাবে আৰু হাতীক এটা নিৰ্দিষ্ট এলেকাতে আবদ্ধ ৰাখিবলৈ তেওঁলোকৰ বাবে বনাঞ্চলৰ ভিতৰতে উপযুক্ত খাদ্যৰ যোগান ধৰি আহিছে হাতীবন্ধুৱে । সংঘাতমুক্ত অঞ্চল সৃষ্টি কৰা অনন্য কৌশলৰ বাবে নগাঁৱৰ হাতীখুলি ৰংহাং গাঁৱৰ দৰে অতি স্পৰ্শকাতৰ অঞ্চলসমূহত বৰ্তমান হাতী-মানুহৰ সংঘাত প্ৰায় সমাধান হৈছে । হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰণৰ বাবে কৰা ঐকান্তিক প্ৰচেষ্টাৰ চিন স্বৰূপে এই সংস্থাক অসম চৰকাৰে 'অসম গৌৰৱ' বঁটাৰে সন্মানিতও কৰিছে ।

Man Elephant conflict
হাতী-মানুহৰ সংঘাত সমাধানৰ বাবে হাতীবন্ধুৰ পদক্ষেপ প্ৰশংসনীয় (ETV Bharat)

এই সংগঠনৰ পদক্ষেপসমূহ বৰ্তমান সময়ত অসমৰ নগাঁও জিলা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ জিলাসমূহত অধিক চৰ্চিত হৈ আহিছে । কিয়নো এই জিলাবোৰত বন্যহস্তীৰ উপদ্ৰৱ অধিক দেখা যায় । যাৰ ফলত হাতী-মানুহৰ সংঘাতৰো বহু ঘটনা সংঘটিত হৈ আহিছে । বিশেষকৈ কলিয়াবৰৰ ভিন্ন প্ৰান্তত দীৰ্ঘসময় ধৰি অব‍্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । কলিয়াবৰ মহকুমাত এতিয়া দিনে-নিশাই বনৰীয়া হাতীৰ আশংকাত দিন কটাবলগীয়া হৈছে গাঁৱৰ ৰাইজে । বনৰীয়া হাতীৰ আক্ৰমণত মানুহৰ মৃত্যু হোৱাৰ লগতে ঘৰ-দুৱাৰ, সা-সম্পত্তিৰো সীমাহীন ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে ।

Man Elephant conflict
কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ (ETV Bharat)

ৰাজ্যত হাতী-মানুহৰ সংঘাত তীব্ৰ হৈ পৰাৰ পিছতো বন বিভাগে বিশেষ প্ৰভাৱশালী ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে । পূৰ্বে ধান পকা বতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান, কাৰ্বি পাহাৰ, লাওখোৱা, বুঢ়াচাপৰি আদি স‌ংৰক্ষিত বনাঞ্চলৰ পৰা খাদ‍্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছিল হাতী । বৰ্তমান বছৰৰ প্ৰায় প্ৰতিটো সময়তে খাদ্যৰ সন্ধানত ওলাই আহে হাতীবোৰ । এনে পৰিস্থিতিত হাতীবন্ধুৰ পদক্ষেপক সকলোৱে অনুসৰণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি স্থানীয় লোকসকলে অনুভৱ কৰিছে ।

হাতীবন্ধুৰ ক্ষেত্ৰ পৰিচালক বিনোদ দুলু বৰাই এই সন্দৰ্ভত কয়, "কলিয়াবৰত কেইবা বছৰ ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ হৈ আছে । আচলতে হাতীৰ বাসস্থান কমি আহিছে । শিলঘাটৰ কামাখ্যা পাহাৰত থকা বনৰীয়া হাতী কাৰ্বি পাহাৰৰ ফালে গতি কৰে । কিন্তু তাতো খাদ্য নাপায় কলিয়াবৰৰ গাঁও অঞ্চলৰ পথাৰৰ ধান খায় । পথাৰত খাবলৈ নাপালে গাঁৱত প্ৰৱেশ কৰি ভঁৰাল, ঘৰ-দুৱাৰ ভাঙি খাদ্য বিচাৰে । এনেদৰেই হাতী-মানুহৰ সংঘাত আৰম্ভ হয় । য'ত হাতীৰ লগতে মানুহৰো মৃত্যু হয় । এনে সংঘাতৰ পৰা হাত সাৰিবলৈ হাতীৰ বাসস্থানৰ সুৰক্ষা আৰু খাদ্যৰ যোগান ধৰিব পাৰি । আমি হাতীবন্ধুৱে হাতীৰ খাদ্যৰ বাবে খেতি কৰি এই সমস্যা বহু পৰিমাণে নোহোৱা কৰিবলৈ সক্ষম হৈছোঁ ।"

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাইজলৈ বিশেষ আহ্বান জনাই দুলু বৰাই কয়, "সকলোৱে বৃহৎ পৰমাণে গছপুলি ৰোপণ কৰক । বৰ বেছিকৈ নোৱাৰিলেও ৫-৬ জোপাকৈ গছপুলি ৰোপণ কৰি এই গছপুলিবোৰ ডাঙৰ নোহোৱালৈকে ৰক্ষণাৱেক্ষণ দিয়ক । যদি আজি ১০০ গছপুলি ৰুই কাইলৈ পাহৰি যাওঁ, বিশ্ব পৰিৱেশ দিৱসটো এটা অভিশাপ দিৱস বুলিহে ধৰিত্ৰীয়ে ভাবিব । আমি গছক জীয়াই ৰাখিব লাগে আৰু গছেও মাতৃৰ মৰমেৰে আমাক জীয়াই ৰাখিব । যেনেকৈ হাতীয়ে গছ ৰুই আছে, চৰায়ে গছ ৰুই আছে, বান্দৰে গছ ৰুই আছে, পোক-পৰুৱাইয়ো গছ ৰুই আছে । কিন্তু আমি মানুহে গছ কাটিবহে জানো । পৃথিৱীৰ বৃহৎ পৰিমাণৰ গছ-গছনি জীৱ-জন্তুৱেই ৰোৱা । গতিকে আমি মানুহ সজাগ হ'বৰ হ'ল । নৱপ্ৰজন্ম সজাগ হৈছে, তেওঁলোক আগবাঢ়ি আহিছে । দিনটোত আমাক তিনিটা অক্সিজেন চিলিণ্ডাৰৰ সমান আমাৰ প্ৰতিজনকে অক্সিজেন লাগে । প্ৰতিটো চিলিণ্ডাৰৰ দাম যদি ২ হাজাৰ টকা হয়, দিনটোত ৬ হাজাৰ টকাৰ অক্সিজেন আমাক গছেই দি থকা নাই জানো ? গতিকে, গছপুলি ৰোৱাতো আমাৰ কৰ্তব্য বুলি ভাবিব লাগে ।"

Man Elephant conflict
হাতীবন্ধুৰ ক্ষেত্ৰ পৰিচালক বিনোদ দুলু বৰা (ETV Bharat)

'হাতীবন্ধু'ৱে এই ক্ষেত্ৰত পথ প্ৰদৰ্শক হিচাপে কামো কৰিছে । সংগঠনটোৱে গছপুলি ৰোপণ কৰি বা হাতীৰ বাবে খাদ্যৰ খেতি কৰি সকলোকে প্ৰকৃতিৰ সুৰক্ষাৰ বাবে আগবাঢ়ি অহাৰ বাবে সাহস দিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সংগঠনটোক তেওঁলোকৰ আদৰণীয় পদক্ষেপৰ বাবে পূৰ্বে প্ৰশংসা কৰিছে । যাৰ বাবে বিশ্ব পৰিৱেশ দিৱসৰ এই দিনটোত 'হাতীবন্ধু' অসমৰ বাবে গৌৰৱ হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক :

বিশ্ব পৰিৱেশ দিৱস : প্ৰধানমন্ত্ৰী মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বাৰ্তা