পকেটৰ ধনেৰে সেউজ বিপ্লৱ : মাজুলীৰ প্ৰকৃতিপ্ৰেমী বুবুল হাজৰিকাৰ কাহিনী...
আজি ৫ জুন, বিশ্ব পৰিৱেশ দিৱস । বিশ্ব পৰিৱেশ দিৱসৰ এই দিনটোত আমি মাজুলীৰ এগৰাকী প্রকৃতিপ্ৰেমী লোকৰ কথা ক’বলৈ ওলাইছো ।

Published : June 5, 2026 at 9:33 AM IST
মাজুলী : মাজুলীৰ বুকুত এগৰাকী সাধাৰণ ব্যক্তিয়ে চলাই গৈছে এক অসাধাৰণ সেউজ সংগ্ৰাম । কোনো চৰকাৰী সাহায্য বা ডাঙৰ পুঁজি অবিহনেই, কেৱল দিন হাজিৰা কৰি পোৱা কষ্টোপাৰ্জিত ধনেৰে যোৱা প্ৰায় ২০ বছৰে তেওঁ ৰোপণ কৰিছে হাজাৰ হাজাৰ গছপুলি । তেওঁ হ’ল মাজুলীৰ শালমৰাৰ বাসিন্দা বুবুল হাজৰিকা ।
মাজুলীৰ শালমৰা গাঁৱৰ এগৰাকী সাধাৰণ নাগৰিক বুবুল হাজৰিকা । দেখাত অতি সাধাৰণ, কিন্তু তেওঁৰ মনৰ সংকল্প অতি দৃঢ় । যি সময়ত একাংশ লোকে গছকাটি প্ৰকৃতিক ধ্বংস কৰাত মত্ত, তেনে সময়তে ২০০৬ চনৰে পৰাই বুবুল হাজৰিকাই এক নীৰৱ সেউজ বিপ্লৱৰ সূচনা কৰিছিল । ধৰিত্ৰী আইক সেউজীয়া কৰি তোলাৰ লক্ষ্যৰে তেওঁ আৰম্ভ কৰিছিল এই গছপুলি ৰোপণৰ যাত্ৰা ।
দিন হাজিৰা কৰি সংসাৰ চলোৱা বুবুল হাজৰিকাৰ বাবে এই যাত্ৰা সহজ নাছিল । প্ৰথম অৱস্থাত বন বিভাগে বিনামূলীয়াকৈ গছপুলি যোগান ধৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ নিজৰ জেপৰ ধন ভৰি ১০ টা পুলিত এশ টকা দৰত ক্ৰয় কৰিবলগীয়া হয় । নিজৰ দিন হাজিৰা কৰা টকাৰে ক্ৰয় কৰা এই গছপুলি তেওঁ কেৱল শালমৰাতে নহয়, সমগ্ৰ মাজুলীৰ লগতে আনকি ডিমৌ পৰ্যন্ত গৈও ৰোপণ কৰি আহিছে । আজিৰ তাৰিখলৈকে তেওঁ ৪,৫০০ তকৈও অধিক গছপুলি ৰোপণ কৰি এক বিৰল নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।
তেওঁ জনোৱা মতে, ২০০৬ চনৰ পৰাই এই গছপুলি ৰোপণৰ লগত তেওঁ জড়িত হৈ আহিছে । তেওঁ কয়, ‘‘আজি মোৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া, যেনে তেনে চলি আছো । মানুহজনী আৰু মোৰ, আমাৰ দুটা মানুহৰ মাজতে পৰিয়ালটো প্ৰতিপালনৰ দায়িত্ব আহি পৰে । গতিকে চলা-ফুৰা বহুত আমাৰ কষ্ট হৈছে, হ’লেও পৰিৱেশ, দেশ, জলবায়ুৰ বাবেই মই এই কাম কৰি আছো, এৰি দিয়া নাই ।"

আৰ্থিক অনাটন আৰু পাৰিবাৰিক কষ্টৰ মাজতো তেওঁ পৰিৱেশৰ স্বাৰ্থত এই কাম কৰি গৈছে ৷ দিন হাজিৰা কৰি খোৱা বুবুল হাজৰিকাই কামলৈ যোৱাৰ পূৰ্বে পুৱাই তেওঁ সময় উলিয়াই গছপুলিৰ তদাৰক কৰে ।
প্ৰকৃতিপ্ৰেমী বুবুল হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘কামলৈ যোৱাৰ আগতেই মই ৰোৱা গছপুলিবোৰ চাই আহো, যত্ন লওঁ ৷ কিন্তু সময়ৰ অভাৱৰ বাবে সকলো গছপুলি সমানে যত্ন ল’ব নোৱাৰো, ফলত কিছুমান পুলি নষ্ট হৈছে, যাৰ বাবে মই দোষী ৷’’
তেওঁ আৰু কয়, ‘‘মানৱ জাতি জীয়াই থাকিবলৈ হ’লে প্ৰকৃতি সুৰক্ষিত হৈ থাকিবই লাগিব । ইয়াৰ গত্যন্তৰ নাই ৷ সেয়ে মই অলপ কষ্ট হ’লেও এই গছপুলিবোৰ ৰোপণ কৰি আহিছো ৷’’

উল্লেখ্য যে, যি সময়ত চৰকাৰ বা প্ৰশাসনে কোটি কোটি টকা খৰচ কৰিও যি পৰিৱেশ সজাগতা গঢ়ি তুলিব পৰা নাই, তেনে সময়তে মাজুলীৰ এজন সাধাৰণ দিন হাজিৰা কৰা মানুহে নীৰৱে এই কাম কৰি গৈছে । নৱপ্ৰজন্মই যদি আজি তেওঁৰ এই বাৰ্তা বুজি নাপায়, তেন্তে অনাগত দিনত আমাৰ পৃথিৱী ধ্বংসৰ গৰাহলৈ গতি কৰাটো নিশ্চিত ।

