উচ্ছেদিত ৰেংমা বনাঞ্চলত হ'ব জুবিন গাৰ্গ নাহৰ উদ্যান
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই সৰুপথাৰৰ বিধায়কৰ গুৰুত্বপূৰ্ণ ঘোষণা । ৰেংমা বনাঞ্চলৰ উচ্ছেদিত ভূমিত ৫০০০ নাহৰৰ পুলি ৰোপণ কৰা হ'ব ।

Published : June 5, 2026 at 4:57 PM IST
সৰুপথাৰ: সৰুপথাৰ সমজিলাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ উচ্ছেদস্থলীৰ কথা হয়তো অসমৰ নজনা মানুহ নাই । এটা সময়ত অপূৰ্ব জৈৱ-বৈচিত্ৰ্যৰে চহকী ক্ষেত্ৰ হিচাপে পৰিচিত উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চল ক্ৰমান্বয়ে একাংশ বেদখলকাৰীৰ কবলত পৰিছিল । প্ৰকৃতিৰ ওপৰত এই ক্ৰমবৰ্ধমান ধ্বংসলীলাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰে আৰু বনাঞ্চলখনৰ পৰা বেদখলকাৰীসকলক উচ্ছেদ কৰে । এই উচ্ছেদ অভিযানৰ পিছতেই উৰিয়ামঘাটৰ এই বেদখলকৃত অঞ্চলটো পুনৰ মুকলি হৈ পৰে আৰু লাহে লাহে বনাঞ্চলখনলৈ হেৰুওৱা প্ৰাকৃতিক পৰিৱেশ ঘূৰি আহিবলৈ ধৰিছে । বৰ্তমান এই বিস্তীৰ্ণ অঞ্চলটোত কেৱল বনানিকৰণৰেই নহয়, বৰঞ্চ ভৱিষ্যতে পৰ্যটন ক্ষেত্ৰৰ বিকাশ আৰু স্থানীয় নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে সংস্থাপনৰো এক বিপুল সম্ভাৱনা নিহিত হৈ থকা পৰিলক্ষিত হৈছে ।
বনাঞ্চলখনক পুনৰ সজীৱ আৰু দৃষ্টিনন্দন কৰি তোলাৰ বাবে লোৱা হৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ । ইয়াৰ নেতৃত্ব দিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে । বিশ্ব পৰিৱেশ দিৱসৰ দিনাই বিধায়কগৰাকীয়ে এক বিশেষ ঘোষণা কৰিছে । ৰেংমা বনাঞ্চলত নাহৰৰ পুলি ৰোপণ কৰা হ'ব । প্ৰায় ৫০ বিঘা ভূমিত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ নামত ৫০০০ নাহৰৰ পুলি ৰোপণ কৰা হ'ব । এখন আটকধুনীয়া 'জুবিন গাৰ্গ নাহৰ উদ্যান' গঢ়ি তুলিবলৈ প্ৰস্তুতি আৰম্ভ কৰা হৈছে বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰিছে । অতি শীঘ্ৰেই এই বৃহৎ নাহৰ পুলি ৰোপণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব, যিয়ে ৰেংমা বনাঞ্চললৈ এক নতুন প্ৰাণৰ সঞ্চাৰ কৰিব ।
এই সন্দৰ্ভত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে কয়, "ৰেংমা, নামবৰ এই দুখন বনাঞ্চলত প্ৰায় ১২-১৩ হাজাৰ বিঘা মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ল । আমি জানো যে এটুকুৰা মাটি যেতিয়া পৰিত্যক্ত অৱস্থাত থাকে তাত নিজে নিজেও বনাঞ্চল হয় । আমি সেই অঞ্চলবিলাকত যাওতে দেখিছোঁ গছ-গছনিবোৰ নতুনকৈ গজিছে আৰু চৰকাৰেও তাত গছ গজোৱাৰ পৰিকল্পনা কৰিছে । কিন্তু আমাৰ এটা কথা আছিল যে জুবিন গাৰ্গৰ নামত আমি নাহৰ গছ ৰুব লাগে । উৰিয়ামঘাটৰ হাতীডুবিত আমি জুবিন গাৰ্গৰ নামত নাহৰ পুলি ৰোপণ কৰাৰ এটা পৰিকল্পনা কৰি কাম আৰম্ভ কৰিছোঁ । সেই ক্ষেত্ৰত সকলো স্থানীয় যুৱক-যুৱতী, বিভিন্ন জাতীয় সংগঠন বা অন্যান্য সকলৰ সহায়-সহযোগিতা কামনা কৰিছোঁ । আমি কোন তাৰিখৰ পৰা আৰম্ভ কৰিম সেইটো এতিয়ালৈকে ঠিক কৰা নাই কিন্তু আমাৰ হাতত পৰ্যাপ্ত নাহৰ পুলি আমি মজুত ৰাখিছোঁ । এখন সুন্দৰ নাহৰ উদ্যান হ'ব আমি তাকেই কামনা কৰিছোঁ । নাহৰ উদ্যানৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে, কিন্তু গছপুলি ৰোৱা কামটো আমি এটা দিন ঠিক কৰি ল'ম । আমি ৫০০০ নাহৰ পুলি ৰোপণ কৰাৰ সিদ্ধান্ত লৈছোঁ । গতিকে ৫০০০ পুলি ৰোপণ কৰিবলৈ ৫০ বিঘা মাটি তাত থাকিব আৰু দৰকাৰ হ'লে অতিৰিক্ত মাটিতো নাহৰ পুলি ৰোপণ কৰা হ'ব ।"
প্ৰকৃতি সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশৰ দিশত বিধায়কগৰাকীয়ে গ্ৰহণ কৰা এই প্ৰচেষ্টাক সৰুপথাৰৰ বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজে আন্তৰিকতাৰে স্বাগতম জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে ।
ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক ৰক্তিম চুতীয়াই কয়, "এটা খুব আদৰণীয় পদক্ষেপ । ইতিমধ্যে আমি সকলোৱে জানো যে উৰিয়ামঘাট আচলতে সীমান্তৰ যি বনাঞ্চল আছিল, সেই অঞ্চলসমূহ উচ্ছেদ কৰাৰ পিছত তাত বহুত হেক্টৰ মাটি এতিয়া এনেই পৰি আছে । অসম চৰকাৰ তথা সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত সেই স্থানত হাৰ্টথ্ৰৱ, আমাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে ভালপোৱা নাহৰ ৰোপণৰ সিদ্ধান্ত লোৱা হৈছে । প্ৰায় ৫০০০ নাহৰৰ পুলি ৰোপণ কৰি অঞ্চলটো নাহৰৰ দেশলৈ পৰিণত কৰিব বিচাৰিছে । আচলতে তাত পৰ্যটনৰ ক্ষেত্ৰ হিচাপে পৰিগণিত কৰিব বিচাৰিছে । বিশেষভাৱে উৰিয়ামঘাটৰ সীমান্তৰ অঞ্চলটোত প্ৰাকৃতিকভাৱে খুব এটা সুন্দৰ পৰিৱেশ আছে । আমি ইতিমধ্যে সকলোৱে 'নেফানী'ৰ কথা জানো । বহু দূৰ-দূৰণিৰ পৰা তালৈ মানুহ আহে, পৰ্যটক আহে । যদি নাহৰৰ পুলিবোৰ ৰোপণ কৰে তেনেহ'লে মানুহে গৈ আচলতে খুব এক নান্দনিক দৃশ্য দেখিবলৈ পাব । গতিকে এই ক্ষেত্ৰত বিধায়কগৰাকীক আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাইও সমৰ্থন আগবঢ়াইছোঁ ।"
তেওঁ লগতে কয়, "আমি যিধৰণে পাৰো সহযোগিতা আগবঢ়াম । পুলিবোৰ জীয়াই ৰাখিবলৈ আমাৰ লগতে সমাজৰ সৈতে জড়িত ব্যক্তিসকলেও দায়বদ্ধতাৰে কামখিনি কৰিব লাগিব ।" বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে প্ৰকৃতিক ভালপোৱা, নাহৰক ভালপোৱা জুবিন গাৰ্গৰ নামত সৰুপথাৰত নাহৰ উদ্যান স্থাপন কৰাৰ বাবে লোৱা সিদ্ধান্তই নিশ্চিতভাৱে শিল্পীগৰাকীৰ অনুৰাগীসকলকো আনন্দিত কৰি তুলিছে ।
লগতে পঢ়ক :
বিশ্ব পৰিৱেশ দিৱস: হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে কি কৰিছে 'হাতীবন্ধু'ৱে ?

