বিশ্ব গাধ দিৱস বিশেষ: ৮ মে'ত কিয় পালন কৰা হয় এই বিশেষ দিন ?
গাধবোৰ সাধাৰণতে মৰম আকলুৱাও হয় । সেয়েহে কুকুৰৰ পাছতেই মানুহৰ সৈতে যুগ যুগ ধৰি সম্পৰ্ক আছে গাধৰ ।

Published : May 8, 2026 at 6:17 PM IST
হায়দৰাবাদ: সাধাৰণতে মানুহে গাধক বৰ বেছি গুৰুত্ব নিদিয়ে । এই জন্তুটোক মানুহে গাধ বুলি অভিহিত কৰাৰ লগতে আঁকোৰগোজ প্ৰাণী বুলি অভিহিত কৰে । এই জন্তুটোক লৈ সাধাৰণতে মানুহৰ মাজৰ এক ভ্ৰান্ত ধাৰণা ভ্ৰমি ফুৰে । শতিকা শতিকাজুৰি মানৱ সভ্য়তাক সহায় কৰি অহা এই গাধক লৈ মানুহে বৰ বেছি মনোনিৱেশো কৰা নাই ।
এনে প্ৰেক্ষাপটত মানৱ সভ্য়তাৰ প্ৰতি গাধই আগবঢ়াই অহা অৱদানক স্বীকৃতি জনাবলৈ ৮ মে'ৰ দিনটো বিশ্ব গাধ দিৱস হিচাপে পালন কৰা হয় । এই দিনটোত গাধৰ গুৰুত্বৰ ওপৰত বিশেষ আলোকপাত কৰা হয় ।

বিশ্বত প্ৰায় সকলো জন্তুক লৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে, বিশেষ দিন ঘোষণা কৰা হৈছে, কিন্তু গাধক লৈ তেনেকুৱা বিশেষ পদক্ষেপ নাছিল বাবেই মৰুভূমিৰ জন্তু বিশেষজ্ঞৰূপে খ্য়াত ডঃ আব্দুল ৰাজিক কাকৰে ২০১৮ চনৰ পৰা আজিৰ দিনটো বিশ্ব গাধ হিচাপে পালন কৰিব লাগে বুলি আহ্বান জনাইছিল ।
তেওঁ প্ৰথমতে এটা ফেচবুক গোট খুলি জনোৱা আহ্বানৰ পাছত পৰিৱেশপ্ৰেমীসকলে বিশ্বজুৰি বিশ্ব গাধ দিন বা দিৱস বুলি প্ৰতিবছৰে পালন কৰি আহিছে । এই দিনটোত প্ৰকৃতিপ্ৰেমীসকলে গাধৰ গুৰুত্ব তথা এই জন্তুবিধৰ প্ৰতি সজাগতা বৃদ্ধিত গুৰুত্ব দি আহিছে ।

বিজ্ঞানী ডঃ আব্দুল ৰাজিক কাকৰে মতপোষণ কৰে যে গাধই জন্তু হিচাপে মানুহক বিভিন্ন দিশত সহায় কৰি আহিছে । গাধই কোনো ধৰণৰ প্ৰতিবাদ নকৰাকৈ মানৱ সভ্য়তাক সহায় কৰি আহিছে ।
গাধই আজিলৈকে মানুহক কোনো ধৰণৰ অসুবিধা দিয়া নাই । গাধৰ ওপৰত মানুহে কৰা অত্য়ধিক অত্য়াচাৰ, অত্য়ধিক বোজাৰ বিপৰীতে গাধই সদায় এই কষ্ট নীৰৱে সহ্য় কৰি আহিছে ।
আপোনালোকে জানেনে, গাধক মানুহে গঙৰ, গাধ বুলি অভিহিত কৰি আহিছে কিন্তু পৰিৱেশবিদে কয় যে, গাধ হৈছে অতি বুধিয়ক আৰু বিপদৰ আগজাননী দিব পৰা জন্তু । এই জন্তু সদায় শান্ত, সমাহিত হৈ থাকে ।
গাধৰ দীঘল কাণদুখন দেখিবলৈ মৰমলগা কিন্তু এই কাণদুখনে গাধক যথেষ্ট সহায় কৰে । শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ তথা বহু দূৰৈৰ শব্দ তংৰগ শুনাৰ ক্ষেত্ৰত এই কাণ দুখনে গাধক সহায় কৰে ।

গাধক সাধাৰণতে বৰ আঁকোৰগোজ বুলি কোৱা হয়, কিন্তু গাধ হৈছে বৰ বুধিয়ক জন্তু । বিপদৰ আগজাননী পালে সিহঁত ৰৈ যায় আৰু আগনাবাঢ়ে । বিপদৰ উমান গাধই আগতীয়াকৈ পাই বাবেই জন্তুটোৱে কোনো নিৰ্দেশ নামানি ৰৈ যায় । এই কাৰ্য্য়ক মানুহ আঁকোৰগোজ গাধ বুলি কয় কিন্তু প্ৰকৃততে গাধ হৈছে বুধিয়ক প্ৰাণী ।
গাধ নিজৰ স্মৃতিশক্তিৰ বাবেও জনা যায় । বহু বছৰলৈ গাধই মানুহ, পৰিস্থিতি, ঘটনা আদিবোৰ মনত ৰাখি থব পাৰে । মানুহৰ সৈতে সুসম্পৰ্ক গঢ়াৰ ক্ষেত্ৰতো গাধৰ সুনাম আছে । গাধবোৰ সাধাৰণতে মৰম আকলুৱাও হয় । সেয়েহে কুকুৰৰ পাছতেই গাধৰ মানুহৰ সৈতে যুগ যুগ ধৰি সম্পৰ্ক আছে ।
বিশ্ব গাধ দিৱসৰ দিনটোত আমি সকলোৱে গাধৰ গুৰুত্বৰ কথা উপলব্ধি কৰাৰ প্ৰয়োজনীয়তা আছে ।
লগতে পঢ়কঃ

