শিশুৰ হাতত কলম হওক... ! ধেমাজিত বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন
ধেমাজি নগৰৰ কছাৰী ময়দানত সন্মুখত 'বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস' উদযাপন ৷

Published : June 12, 2026 at 5:13 PM IST
ধেমাজি: শুকুৰবাৰে সমগ্ৰ দেশতে পালন কৰা হৈছে 'বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস' ৷ সমগ্ৰ দেশৰ লগতে ধেমাজি জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু ধেমাজিৰ ব্যৱসায়ী সন্থাৰ সহযোগত শুকুৰবাৰে ধেমাজি নগৰৰ কছাৰী ময়দানৰ সন্মুখত 'বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস' উদযাপন কৰা হয় ৷ 'শিশুৰ হাতত কলম হওক, ইটা নহয় কিতাপ হওক' আদি শ্লগানেৰে ধেমাজি জিলাত 'বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস' পালন কৰা হয় ৷
এই উপলক্ষে ধেমাজি জিলা শ্ৰম বিষয়া ভৱজিৎ দলেৰ সভপতিত্বত অনুষ্ঠিত হোৱা সজাগতামূলক সভাত ধেমাজি মটৰ শ্ৰমিক সন্থা, ই-ৰিক্সা সন্থা, ধেমাজি ব্যৱসায়ী সন্থা আৰু চেম্বাৰ্ছ অফ কমাৰ্চৰ কৰ্মীসকলৰ মাজত 'শিশুক সুৰক্ষা দিয়ক, ভৱিষ্যত গঢ়ক, শিশুৰ হাতত কলম হওক, ইটা নহয় কিতাপ হওক, শিশু শ্ৰম নিষিদ্ধ' শীৰ্ষক শ্ল’গানৰ সজাগতাপত্ৰ ৰাইজৰ মাজত বিতৰণ কৰা হয় ৷ তদুপৰি বিভিন্ন বাহন-ব্যৱসায় প্ৰতিষ্ঠানসমূহেও এই সজাগতামূলক পোষ্টাৰ সংলগ্নকৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰে ।
জিলা শ্ৰম বিষয়াগৰাকীয়ে কয়, “শিশু শ্ৰম বিৰোধী আইনত যদি কাৰোবাৰ ঘৰত যদি বনকৰা ল’ৰা বা ছোৱালী শ্ৰমিক ৰাখে তাক আইনীভাবে কি দণ্ডণীয় হ’ব পাৰে, কোনটো ধাৰাত দণ্ডনীয় হ’ব গোটেইখিনি যাতে ৰাইজ সজাগ হয় ৷ যিহেতু ভিন্ন সময়ত ৰাজ্যৰ ভিন্ন স্থানৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ কৰা হয় ৷ সেয়ে শিশুক সুৰক্ষা দিয়ক, ভৱিষ্যৎ গঢ়ক আজি শিশু কালিলৈ দেশৰ ভৱিষ্যৎ সু-নাগৰিক ৷"
শুকুৰবাৰে অনুষ্ঠিত সজাগতা সভাত, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব ৰুবিনা য়াচমিন, শিশু কল্যাণ সমিতিৰ অধ্যক্ষ অতুল চমুৱা, ধেমাজি ব্যৱসায়ী সন্থাৰ সভাপতি ঘনকৃষ্ণ বুঢ়াগোহাঁই আদিকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত আছিল ৷
লগতে পঢ়ক :নকল বীজ বিক্ৰীৰ অভিযোগ: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৃষকৰ

