ব্ৰেইলী পদ্ধতিয়ে কিঞ্চিৎ হ'লেও সকাহ দিছে হেমচন্দ্ৰৰ জীৱনটোক
১৯৮০ চনতে ব্ৰেইলী পদ্ধতিৰে চিনাকি হৈছিল । আজি তেওঁ লিখিব বা পঢ়িবও পাৰে । কিন্তু ৰে'লত ভিক্ষা নিবিচাৰিলে পৰিয়াল নচলে ৷

Published : January 4, 2026 at 1:23 PM IST
ধেমাজি : আজি বিশ্ব ব্ৰেইলী দিৱস ৷ প্ৰতিবছৰে ৪ জানুৱৰীৰ দিনটোত অন্ধ বা দৃষ্টিহীন লোকৰ শিক্ষাৰ মাধ্যম হিচাপে ব্ৰেইলী পদ্ধতিৰ গুৰুত্বৰ প্ৰতি সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় ৷ ২০১৯ চনৰ ৪ জানুৱাৰীৰ পৰা ব্ৰেইলী লিপিৰ পদ্ধতিৰ উদ্ভাৱক ফান্সৰ শিক্ষাবিদ লুইচ ব্ৰেইলীৰ স্মৃতিত তেওঁৰ জন্মদিনটোক এই দিৱস হিচাপে পালন কৰি অহা হৈছে ৷
এই মহান শিক্ষাবিদজনৰ এই লিপিৰ উদ্ভাৱন আশীৰ্বাদ হৈ পৰিছে সমাজৰ দৃষ্টিহীনলোকৰ বাবে ৷ ৰঙীন পৃথিৱীখন দুই চকুৰে দেখা নাপালেও ব্ৰেইলী পদ্ধতিৰে শিক্ষা আহৰণ কৰি সমগ্ৰ বিশ্বখন অনুভৱেৰে বুজি পাবলৈ সক্ষম হৈছে দৃষ্টিহীনসকলে । এই পদ্ধতিয়ে বহু লোকক উপকৃত কৰিছে । তাৰ অন্যতম উদাহৰণ ধেমাজিৰ ভৰালীচুক তেলিজান পাৰৰ বাসিন্দা হেমচন্দ্ৰ কাকতি ।
তেওঁ ১৯৮০ চনতেই বিহপুৰীয়া অন্ধ বিদ্যালয়ত ব্ৰেইলী পদ্ধতিৰে শিক্ষা গ্ৰহণ কৰিছিল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে অধ্যয়ন কৰা হেমচন্দ্ৰ কাকতিয়ে ব্ৰেইলী দিৱসৰ এই বিশেষ দিনটোত কি কয়, "মই ব্ৰেইলী পদ্ধতিটোত ১৯৮০ চনত বিহপুৰীয়াৰ অন্ধ বিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ । তাতে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়া হ'ল ৷ বৰ্তমান চৰকাৰৰ ফালৰ পৰা চাকৰি নোহোৱাত ৰে'লতে ভিক্ষা কৰিবলগীয়া হৈছে ৷ বৰ্তমান ঘৰত নাতি-নাতিনীসহ ৬ গৰাকী সদস্য আছে ৷ চৰকাৰৰ পৰা অৰুণোদয় আঁচনিৰ সুবিধা আৰু এটা ঘৰ পাইছোঁ ৷"
চৰকাৰক আহ্বান
চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰাক লৈ তেওঁ সন্তুষ্ট যদিও বিশেষভাৱে সক্ষম লোকৰ বাবে আৰু অধিক পদক্ষেপ লোৱাৰ পোষকতা কৰে হেমচন্দ্ৰ কাকতিয়ে । তেওঁ চৰকাৰক আহ্বান জনাই কয় যে অৰুণোদয়ৰ উপৰিও প্ৰতিবন্ধী লোকৰ বাবে পৃথক পেন্সন দিয়াৰ ব্যৱস্থা কৰিলে সকাহ লাভ কৰিব ৷ তেওঁ কয়, "যেনেকৈ অৰুণোদয় দি আছে ঠিক তেনেকৈ যদি আমাৰ প্ৰতিবন্ধী পেন্সনটো যদি পৃথক কৰি টকা দুহাজাৰ হ'লেও দিয়ে তাতে সন্তুষ্ট হ'ম ৷"

দৃষ্টিহীনক নতুন জীৱন দিয়া লুইচ ব্ৰেইলীক ধন্যবাদ
ব্ৰেইলী পদ্ধতিৰ উদ্ভাৱনে দৃষ্টিহীনসকলক বিশেষভাৱে সহায় কৰাৰ কথা উল্লেখ কৰি তেওঁ এই পদ্ধতিৰ উদ্ভাৱক লুইচ ব্ৰেইলীৰ প্ৰশংসা কৰে । লুইচ ব্ৰেইলীৰ অৱদানৰ কথা উল্লেখ কৰি হেমচন্দ্ৰ কাকতিয়ে কয়, "এতিয়া ৪ টা ডটত পঢ়িব পাৰিছোঁ । তেতিয়াৰ দিনত আছিল ১২ লাইন ৷ তেওঁ ১২ লাইনৰ পৰা ৪ লাইনত লিখিব পৰা আৱিষ্কাৰ কৰিলে ৷ তেতিয়াহে দৃষ্টিহীনসকলে লিখিবলৈ আৰু পঢ়িবলৈ সুবিধাটো পোৱা হ'ল ৷ ইয়াৰ ফলত বহুতো দৃষ্টিহীন লোকে কৰ্মসংস্থাপন লাভ কৰি চলি আছে । সেয়ে তেওঁক ব্ৰেইলী পদ্ধতি উদ্ভাৱন কৰাৰ বাবে ধন্যবাদ দিছোঁ ।"

উল্লেখ্য যে হেমচন্দ্ৰ কাকতিয়ে জীৱিকাৰ সন্ধানত এতিয়াও নিতৌ ৰে'লত যাত্ৰা কৰে । সকলো কাম তেওঁ অনুভৱ আৰু অনুমানৰ জৰিয়তে অনায়াসে কৰিব পাৰে ৷ আনকি কাৰো সহায় অবিহনেই ফোনত বন্ধু বা আন লোকৰ সৈতে বাৰ্তালাপ কৰিব পাৰে ৷ এই সকলো সম্ভৱ হৈছে কেৱল ব্ৰেইলী পদ্ধতিৰ বাবেই ৷ চকুৰে নেদেখিলেও এখন নতুন পৃথিৱী অনুভৱ কৰিব পাৰিছে তেওঁ । ৰে'লত কেতিয়াবা যাব নোৱাৰিলে বন্ধুক ফোন কৰি অৱগত কৰে ।
এতিয়া পুহমহীয়া প্ৰচণ্ড শীতৰ সময়তো ৰে'লত গৈ সহায় ভিক্ষা বিচাৰে ধেমাজিৰ হেমচন্দ্ৰ কাকতিয়ে ৷ বৰ্তমান তেওঁৰ হাতত ব্ৰেইলী পদ্ধতিত লিখা কলমটো নাই যদিও তেওঁৰ হাতত থকা সঁজুলিবিধেৰে কেনেকৈ ডটৰ জৰিয়তে লিখা হয় সেই কথা প্ৰকাশ কৰে ৷ ইফালে দৃষ্টিহীন লোকক পৰ্যাপ্ত চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰা চৰকাৰী সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীক চকু থাকিও অন্ধ বুলি অভিহিত কৰে দৃষ্টিহীন লোকজনে ।
লগতে পঢ়ক :উচ্ছেদ চলি থাকিব, কমেও ১২ লাখ বিঘা মাটি বেদখল হৈ আছে: মুখ্যমন্ত্ৰী

