ETV Bharat / state

বিশ্ব ৰক্তদাতা দিৱস : ৰাজ্যৰ ভিন্ন স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত

এইবাৰৰ বিশ্ব ৰক্তদাতা দিৱসৰ শ্লোগান হ’ল ‘ৱান ড্ৰপ অৱ হিউমিনিটি, গিভ ব্লাড, ছেভ লাইফ’ ৷

World Blood Donor Day 2026
ৰক্তদান শিবিৰ অনুষ্ঠিত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 14, 2026 at 9:37 PM IST

6 Min Read
Choose ETV Bharat

নিউজ ডেস্ক: আজি বিশ্ব ৰক্তদাতা দিৱস । এই দিৱস উপলক্ষে ধুবুৰী মাৰোৱাৰী যুৱ মঞ্চ, ধুবুৰী মাৰোৱাৰী যুৱ মঞ্চ মিড টাউন শাখাৰ উদ্যোগত তথা ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগত জিলাখনত এটি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হৈছিল ৷ এই শিবিৰৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰচেষ্টা চলাই সংস্থাটোৱে । ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভালে কেইগৰাকী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে এই ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়ায় ।

উল্লেখ্য যে, প্ৰতিবছৰে ১৪ জুন তাৰিখটো সমগ্ৰ বিশ্বতে বিশ্ব ৰক্তদাতা দিৱস হিচাপে উদযাপন কৰা হৈ আহিছে ৷ সুৰক্ষিত ৰক্তদানৰ প্ৰয়োজনীয়তা আৰু স্বেচ্ছাসেৱী ৰক্তদাতাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় ।

দেওবাৰে অনুষ্ঠিত এই ৰক্তদান কাৰ্যসূচীৰ জৰিয়তে স্বেচ্ছাই আৰু যিকোনো মূল্যৰ বিনিময়তে ৰক্তদান কৰিবলৈ মানুহক সজাগ কৰা আৰু সকলো সময়তে যাতে সুৰক্ষিত তেজ উপলব্ধ হয়, তাৰ বাবে প্ৰচাৰ চলোৱা হয় ।

World Blood Donor Day 2026
আজি বিশ্ব ৰক্তদান দিৱস (ETV Bharat Assam)

শিবিৰটোত অংশগ্ৰহণ কৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ব্লাড বেংক বিভাগৰ চিকিৎসক ডাঃ তফিকুল ইছলামে কয়, ‘‘আজি বিশ্ব ৰক্তদাতা দিৱস । এইবাৰৰ ব্লাড ড’নৰ ডেৰ শ্লোগান হ’ল ‘ৱান ড্ৰপ অৱ হিউমিনিটি, গিভ ব্লাড, ছেভ লাইফ’ ।’’

চিকিৎসকগৰাকীয়ে লগতে কয়, ‘‘আমি মানৱতাৰ বাবে কিবা এটা কৰিব পাৰিলে নিজকে গৰ্বিত অনুভৱ হয় । ধুবুৰীত আজি মাৰোৱাৰী যুৱ মঞ্চই যি ৰক্তদান শিবিৰৰ আয়োজন কৰিছে ইয়াৰ জৰিয়তে বহু লোকৰ সুবিধা হ’ব আৰু ই নিশ্চয়কৈ প্ৰশংসনীয় পদক্ষেপ ৷’’ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালতো সঘনাই ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় বুলিও চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে ৷

আনহাতে, মাৰোৱাৰী যুৱ মঞ্চৰ ধুবুৰী শাখাৰ এগৰাকী কৰ্ম-কৰ্তাই কয়, ‘‘আমি ৰক্তদান শিবিৰৰ আয়োজন কৰো যাতে জৰুৰীকালীন সময়ত ৰাইজৰ প্ৰয়োজনত ৰক্ত দান কৰি সেৱা আগবঢ়াব
পাৰো ।’’

উল্লেখ্য যে, দেওবাৰে ৰক্তদান কৰা প্ৰায় ৫০ ৰো অধিক যুৱক-যুৱতীক ধুবুৰী মাৰোৱাৰী যুৱ মঞ্চ আৰু ধুবুৰী মাৰোৱাৰী যুৱ মঞ্চ মিড টাউন শাখাৰ ফালৰ পৰা সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয় ৷

এবটল ৰক্তই বচাব পাৰে আন এজনৰ জীৱন - ডাঃ জীতেন্দ্ৰ নাথ

মৰিগাঁও জিলাতো পালন কৰা হয় বিশ্ব ৰক্তদাতা দিৱস । এই বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি জিলাখনৰ শ্বহীদ তিলক-হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ উদ্যোগত এক বৃহৎ স্বেচ্ছামূলক ৰক্তদান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয় ।

দিৱসটি উপলক্ষে চিকিৎসালয়খনৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত হয় । অসামৰিক চিকিৎসালয়খনৰ অধীক্ষক ডাঃ জীতেন্দ্ৰ কুমাৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা ৰক্তকোষৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ আব্দুল জলিল আৰু মৰিগাঁও জিলা ড্ৰাগ ডিলাৰ এছ’চিয়েশ্যনৰ সভাপতি স্বৰাজ হাজৰিকা । ইয়াৰোপৰি চিকিৎসালয়খনৰ ৰক্তভাণ্ডাৰৰ সকলো কৰ্মচাৰী আৰু জিলাখনৰ বহুসংখ্যক সচেতন ৰক্তদাতা সভাত উপস্থিত থাকে ৷ অনুষ্ঠানটোৰ আঁত ধৰে ৰক্তভাণ্ডাৰৰ জ্যেষ্ঠ টেকনিচিয়ান খগেন মহন্তই ।

World Blood Donor Day 2026
ৰক্তদান শিবিৰত অংশগ্ৰহণকাৰীসকলক সম্বৰ্ধনা পত্ৰ প্ৰদান (ETV Bharat Assam)

বিশেষ ৰক্তদান শিবিৰটোত জিলাখনৰ চুকে-কোণে থকা শতাধিক ৰক্তদাতাই অংশগ্ৰহণ কৰি স্বতঃস্ফূৰ্তভাৱে ৰক্তদান কৰে । তেজ দি আনৰ জীৱন ৰক্ষা কৰাৰ এই মানৱীয় সংকল্পই সমগ্ৰ চিকিৎসালয় প্ৰাংগণত এক ইতিবাচক আৰু প্ৰেৰণাদায়ক পৰিৱেশৰ সৃষ্টি কৰে । সঞ্চালক তথা চিকিৎসালয়ৰ অধীক্ষক ডাঃ জীতেন কুমাৰ নাথে অনুষ্ঠানত এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শিক্ষণীয় ভাষণ প্ৰদান কৰে ।

নাথে কয়, ‘‘বৰ্তমানৰ নৱপ্ৰজন্মই নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সজাগ আৰু সচেতন হোৱাটো প্ৰয়োজন । আমাৰ শৰীৰৰ এবটল অৰ্থাৎ মাত্ৰ ৩০০ মিলিমিটাৰ ৰক্তই এগৰাকী মুমুৰ্ষু ৰোগীক নিশ্চিত মৃত্যুৰ মুখৰ পৰা আঁতৰাই আনি এক নতুন জীৱন দান কৰিব পাৰে । গতিকে আমি কেৱল ৰক্তদানেই নহয়, ৰক্ত ৰক্ষা কৰা আৰু ৰক্তৰ পৰা উৎপাদিত বিভিন্ন জৰুৰী উপাদন বা সামগ্ৰীসমূহ সঠিকভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগিব । এই সন্দৰ্ভত সমাজত ব্যাপক সজাগতাৰ প্ৰয়োজন ।’’

ভাষণ প্ৰসংগত অধীক্ষকগৰাকীয়ে যুৱ সমাজৰ মাজত ৰক্তদানৰ প্ৰৱণতা বৃদ্ধি কৰিবলৈ এক বিশেষ কাৰ্যপন্থাৰ কথা উল্লেখ কৰে । তেওঁ কয় যে ভৱিষ্যতৰ দিনবোৰত জিলাখনত যাতে তেজৰ কোনো নাটনি নহয়, তাৰ বাবে এতিয়াৰে পৰাই নতুন ৰক্তদাতাৰ সৃষ্টি কৰিব লাগিব । ইয়াৰ বাবে আইইচি(IEC) অৰ্থাৎ তথ্য, শিক্ষা আৰু যোগাযোগ(Information, Education and Communication) ব্যৱস্থাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিব লাগিব । এই ব্যৱস্থাই যুৱ প্ৰজন্মৰ মনৰ পৰা তেজ দিয়াৰ ভয়-ভীতি আঁতৰাই তেওঁলোকক সজাগ কৰাই নহয়, বৰঞ্চ ভৱিষ্যতে নিজকে একোজন নিয়মিত আৰু দায়িত্বশীল ৰক্তদাতা হিচাপে সমাজত আগবঢ়াই আনিবলৈ প্ৰেৰণা যোগাব ।

আনহাতে, নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ উদ্যোগত তথা মাৰোৱাৰী যুৱ মঞ্চ আৰু মাৰোৱাৰী সন্মিলনৰ সহযোগত চিকিৎসালয়খনত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয় । তদুপৰি এই দিৱস উপলক্ষে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে চিকিৎসালয়খনৰ সভাগৃহত এখন সভাৰো আয়োজন কৰে । ৰক্তদান শিবিৰত চহৰখনৰ বহুসংখ্যক ব্যক্তি তথা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, অৰ্ধ-সামৰিক বাহিনীৰ জোৱানসকলে প্ৰায় শতাধিক ইউনিট ৰক্ত ভঁড়াললৈ দান কৰে ।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা । নিজৰ ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে কয়, ‘‘ৰক্তদান জীৱনদান আৰু মানৱতাৰ সেৱা । ৰক্তদান কাৰ্যই এখন সমাজ আৰু এটা পৰিয়াললৈ সহায়ৰ হাত আগবঢ়োৱা হয় । এইক্ষেত্ৰত ৰক্তদানৰ সম্পৰ্কে জিলাখনৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিব লাগে ৷’’

এই অনুষ্ঠানত জিলাখনৰ স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়া বৰ্গ আৰু সহযোগী দুয়োটা সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকে ।

লগতে পঢ়ক: ETV Bharat Impact Story : বাতৰি প্ৰকাশ হোৱাৰ ২৪ঘণ্টা নৌহতেই মহিলা কৃষক কুন্তী বৰাৰ কাষলৈ আহিল নগাঁও জিলা আয়ুক্ত