বিশ্ব চাইকেল দিৱস: যান্ত্ৰিকতাৰ যুগতো হেৰাই যোৱা নাই চাইকেলৰ মাদকতা
সেউজ ভৱিষ্যতৰ লক্ষ্যৰে চাইকেল চলোৱাৰ অভ্যাস এতিয়াও অব্যাহত ৰাখিছে গ্ৰামাঞ্চলৰ একাংশ লোকে ।

Published : June 3, 2026 at 2:55 PM IST
সোণাপুৰ: ব্যস্ত জীৱন, আধুনিকতাৰ ধুমুহা আৰু পদূলিয়ে পদূলিয়ে মটৰ চাইকেল, গাড়ীৰ ভিৰ । ইয়াৰ মাজতো ক'ৰবাত যেন আজিও সজীৱ হৈ আছে শৈশৱৰ সেই বিশেষ আৱেগ-চাইকেলখন । চাইকেলৰ গুৰুত্ব সম্পৰ্কে বিশ্ব চাইকেল দিৱস উপলক্ষে ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।
পূৰ্বতে এখন ঘৰত এখন চাইকেল আছিল আভিজাত্যৰ প্ৰতীক । খুব কম সংখ্যক লোকৰ ঘৰতহে দেখা পোৱা গৈছিল চাইকেলখন । সময় সলনি হ'ল, চাইকেলৰ স্থান ল'লে দ্ৰুতবেগী বাইক বা বিলাসী বাহনে । কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিৰ এই চৰম উৎকৰ্ষৰ যুগতো স্বীকাৰ কৰিবই লাগিব যে চাইকেল চলোৱাৰ যি অনন্য মাদকতা, সেয়া আন কোনো বাহনতে পোৱা সম্ভৱ নহয় । কেৱল সেয়াই নহয় চাইকেল চলোৱাৰ বহু উপকাৰিতাও আছে । এনেবোৰ দৃষ্টিভংগীৰ বাবে ৩ জুনত সমগ্ৰ বিশ্বই চাইকেল দিৱস পালন কৰে । অসমৰো বিভিন্ন প্ৰান্তত বিশ্ব চাইকেল দিৱস পালন কৰা হৈছে । ৰাষ্ট্ৰসংঘই স্বীকৃতি দিয়া এই বিশেষ দিৱসটোৰ মূল উদ্দেশ্য হৈছে চাইকেলক এক সহজ, সুলভ, নিৰাপদ, স্বাস্থ্যকৰ আৰু পৰিৱেশ অনুকূল যাতায়াত ব্যৱস্থা হিচাপে জনসাধাৰণৰ মাজত অধিক জনপ্ৰিয় কৰি তোলা । ২০২৬ বৰ্ষৰ বিশ্ব চাইকেল দিৱসৰ মূল বিষয়বস্তু হৈছে- "সেউজ ভৱিষ্যতৰ বাবে চাইকেল চলাও আহক" ।

অটুট আছে চাইকেলৰ প্ৰতি আদৰ
তাহানিৰ গ্ৰামাঞ্চলত হাফ পেডেল মাৰি মাৰি, ফ্ৰেমৰ মাজেৰে সোঁভৰিখন পাৰ কৰি চাইকেল চলাবলৈ শিকোঁতে পৰি দুখ পোৱা আৰু হাত-ভৰিৰ ছাল ছিগা দৃশ্যবোৰ এতিয়া ইতিহাস হ'ল । ল'ৰা-ছোৱালীবোৰে চাইকেল চলাই স্কুল-কলেজলৈ যোৱা দৃশ্যও আজিকালি সততে দেখা পোৱা নাযায় । তথাপিও কিন্তু একাংশ সচেতন লোকৰ বাবে চাইকেলৰ প্ৰতি আদৰ আজিও আছে আৰু ভৱিষ্যতেও থাকিব । বিশেষকৈ গ্ৰামাঞ্চলত আজিও চাইকেলখনেই বহুতৰে বাবে যাতায়াতৰ অন্যতম ভৰসা আৰু জীৱিকাৰ সাৰথি ।
জনসাধাৰণৰ অনুভৱ
বিশ্ব চাইকেল দিৱসত বিভিন্নজনৰ সৈতে ইটিভি ভাৰতৰ সাংবাদিকে বাৰ্তালাপ কৰিছিল । সেই সময়ত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ পৰা কেতবোৰ সুন্দৰ আৰু বাস্তৱসন্মত অনুভৱ পোহৰলৈ আহে । তাৰ ভিতৰত এগৰাকী সচেতন নাগৰিকে কয়, "চাইকেল চলালে শৰীৰ, মন দুয়োটা ভালে থাকে ।"
আন এগৰাকী জ্যেষ্ঠ নাগৰিকে কয়, "মই চাইকেল চলাইয়ে ডাঙৰ হৈছোঁ । চাইকেল চলালে শৰীৰ, মন ভালে থাকে । বৰ্তমান বজাৰত তেলৰ যি আকাশলংঘী দাম, তাৰ তুলনাত চাইকেল চলোৱাটোৱেই আটাইতকৈ বুদ্ধিমানৰ কাম ।"

এজন শ্ৰমিকে চাইকেলৰ উপকাৰিতা সম্পৰ্কে কয়, "চাইকেলত কোনো অসুবিধা নাই । নিজৰ ইচ্ছা মতে য'লৈকে মন যায় যাব পাৰি । আমাৰ দৰে দিন-হাজিৰা কৰি খোৱা মানুহৰ বাবে চাইকেলৰ নিচিনা সুবিধা ক'তো পোৱা নাযায় । মই দৈনিক ৬-৭ কিলোমিটাৰ চাইকেল চলাওঁ ।"
দৈনিক চাইকেল চলোৱা আন এগৰাকী লোকে কয়, "ঘৰৰ পৰা ওচৰৰ দোকান বা বজাৰলৈ যাবলৈ চাইকেলখনেই শ্ৰেষ্ঠ । বাইকত ১০ মিনিটত ১-২ কিঃমিঃ যাব পাৰিলেও চাইকেল চলালে অলপ ভাগৰ লাগে যদিও সুন্দৰ ব্যায়াম হয় । ৰাতি টোপনি ভালকৈ আহে আৰু টোপনি ভাল হোৱা মানেই নিৰোগী হৈ থকা ।"
পূৰ্বৰ তুলনাত চাইকেল চলোৱা মানুহৰ সংখ্যা কমি অহাৰ লগে লগে চাইকেলৰ বিপণি বা মেকানিকসকলৰো অসুবিধা হৈছে । এগৰাকী চাইকেল মেকানিকে নিজৰ ব্যৱসায়িক আৰু ব্যক্তিগত অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি কয়, "ব্যৱসায় আগতকৈ কিছু কমিছে যদিও চলি আছোঁ । আচলতে চাইকেল এখন থাকিলে আটাইতকৈ ডাঙৰ লাভটো হ'ল শৰীৰৰ সুন্দৰ ব্যায়াম হয় । মই এনেকুৱা গ্ৰাহকো পাইছোঁ, যাক ডাক্তৰে চাইকেল চলাবলৈ পৰামৰ্শ দিছিল আৰু নিয়মীয়াকৈ চাইকেল চলোৱাৰ পিছত তেওঁৰ গাৰ বিষ-বেমাৰ বহুত কমি গ'ল । আজিকালি মানুহে বাইক-গাড়ীক প্ৰাধান্য দিয়ে ঠিক কিন্তু বৰ্তমান তেলৰ যিহে দাম, ৰাইজে লাহে লাহে বুজি উঠিছে চাইকেল কিমান সুবিধাজনক ।"

তেওঁ লগতে ক্ষোভ প্ৰকাশ কৰি কয়, "আজিকালি চাইকেল ভাল কৰিবলৈ মানুহ কম আহে । চাইকেল এখনত ৫০০ টকা খৰচ কৰিবলৈ টান পোৱা মানুহে বাইকত কিন্তু ৫-১০ হাজাৰ টকা খৰচ কৰিবলৈ কুণ্ঠাবোধ নকৰে । কিন্তু দিনক দিনে বাঢ়ি অহা প্ৰদূষণ আৰু খৰচৰ প্ৰতি লক্ষ্য ৰাখি চাইকেলৰ উপকাৰিতা ৰাইজে পুনৰ বুজি উঠিবই ।"
চাইকেল চলোৱাৰ মূল উপকাৰিতাসমূহ :
পৰিৱেশ সংৰক্ষণ : কোনো ধোঁৱা বা কাৰ্বন নিৰ্গমন নোহোৱাকৈ ই প্ৰদূষণমুক্ত সেউজ ধৰিত্ৰী গঢ়াত সহায় কৰে ।
স্বাস্থ্যৰ সুৰক্ষা : মেদবহুলতা, হৃদযন্ত্ৰৰ সমস্যা, টোপনি সম্পৰ্কীয় সমস্যা আৰু গাঁঠিৰ বিষ আদিৰ বাবে চাইকেল চলোৱা শ্ৰেষ্ঠ ব্যায়াম ।

অৰ্থনৈতিক সুবিধা : ইন্ধন (পেট্ৰ'ল/ডিজেল)ৰ কোনো খৰচ নাই আৰু অতি কম খৰচতে মেৰামতি কৰিব পাৰি ।
যানজঁটৰ পৰা মুক্তি : তীব্ৰ যানজঁটৰ মাজতো অতি সহজে আৰু কম সময়ত গন্তব্যস্থানত উপনীত হ'ব পাৰি ।
কেৱল এখন বাহনেই নহয়, চাইকেল যেন এক চিৰসেউজ আৱেগ । গৱেষকসকলে দাবী কৰিছে যে তীব্ৰ যানজঁট, গোলকীয় উষ্ণতা বৃদ্ধি আৰু মানসিক চাপৰ এই যুগত চাইকেল চলোৱাৰ অভ্যাসটো পুনৰ ঘূৰাই অনাটো অত্যন্ত জৰুৰী হৈ পৰিছে । কম দূৰত্বৰ যাত্ৰাৰ বাবে বাইক বা বাহনৰ সলনি চাইকেলখনকে ব্যৱহাৰ কৰি নিজৰ লগতে ধৰিত্ৰীৰো স্বাস্থ্য সুৰক্ষিত কৰি তুলিবলৈ সকলোৱে সজাগ হোৱাৰ সময় সমাগত ।
লগতে পঢ়ক :

