ETV Bharat / state

মহিলা আক্ৰোশ কাৰ্যসূচী: বিৰোধীৰ বিৰুদ্ধে নাৰী সমাজক ওলাই অহাৰ আহ্বান বিজেপি মহিলা মৰ্চাৰ

'মহিলা আক্ৰোশ'ৰ অংশ হিচাপে লখিমপুৰত বিৰোধী দলৰ বিৰুদ্ধে বিজেপি মহিলা মৰ্চাৰ উদ্যোগত সংবাদমেল ।

Lakhimpur BJP Mahila Morcha press meet
লখিমপুৰত 'মহিলা আক্ৰোশ' সংবাদমেল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 24, 2026 at 5:07 PM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ : সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাৰ বাবে দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । শাসকীয় দলৰ নেতাসকলে এই ক্ষেত্ৰত বিৰোধীক তীব্ৰ সমালোচনা কৰাৰ লগতে দেশজুৰি প্ৰতিবাদো সাব্যস্ত কৰিছে । অসমতো বিজেপিয়ে বিৰোধী ইণ্ডিয়া ব্লকৰ বিৰুদ্ধে মহিলা আক্ৰোশ কাৰ্যসূচী ৰূপায়ণ কৰিছে । ঠায়ে ঠায়ে বিজেপিৰ কৰ্মীসকলে মহিলা সংৰক্ষণ বিধেয়কৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰিছে ।

তাৰ অংশ হিচাপে লখিমপুৰ জিলাত বিজেপি দলৰ মহিলা মৰ্চাৰ একাংশ সদস্যই সংবাদমেল সম্বোধন কৰি বিৰোধীক লক্ষ্য কৰি লয় । লগতে বিৰোধীৰ ভূমিকাক সমালোচনা কৰি দেশৰ নাৰী সমাজক ইয়াৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনায় । মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা দেশৰ গণতন্ত্রৰ বাবে ডাঙৰ ভাবুকি বুলিও তেওঁলোকে উল্লেখ কৰে । সংবাদমেলযোগে মহিলাসকলে ক্ষোভ প্ৰকাশ কৰে । এয়া দেশৰ নাৰী সমাজক চৰম অপমান বুলিও তেওঁলোকে অভিহিত কৰে । দেশৰ নাৰীসকলৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ, মৰ্যাদা দিবলৈ বিৰোধী দলৰ ভূমিকাক বিৰোধিতা কৰি নাৰী সমাজক জাগ্ৰত হৈ ওলাই আহিবলৈ তেওঁলোকে সংবাদমেল যোগে আহ্বান জনায় ।

বিৰোধীৰ বিৰুদ্ধে নাৰী সমাজক ওলাই অহাৰ আহ্বান বিজেপি মহিলা মৰ্চাৰ (ETV Bharat)

সংবাদমেলত মহিলাসকলৰ সৈতে অংশগ্রহণ কৰি বিজেপিৰ ৰাজ্যিক সম্পাদক মহেশ দেউৰীয়ে কয়, "১৬, ১৭ আৰু ১৮ এপ্ৰিলত সংসদত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ প্ৰস্তাৱেৰে নাৰী শক্তি বন্দন অধিনিয়ম সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিল । ২০২৩ চনত লোকসভা আৰু ৰাজ্যসভাত এইখন গৃহীত হৈছিল । পিছে ২০২৪ চনত লোকপিয়ল নোহোৱাৰ উপৰিও লোকসভাৰ নিৰ্বাচন হোৱাৰ বাবে এইখন সংশোধনী কৰাত অসুবিধা হয় । সেয়ে ২০২৩ত গৃহীত হোৱাৰ পাছতো ২০২৬ত লোকপিয়লৰ পাছত উত্থাপন কৰাৰ কথা উল্লেখ কৰা হৈছিল । বৰ্তমান লোকপিয়লৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু কিন্তু বিধেয়কখন উত্থাপন কৰাৰ লগে লগে বিৰোধী দলে ইয়াৰ বিৰোধিতা কৰে ।"

এই সন্দৰ্ভত তেওঁ বিৰোধীক প্ৰশ্ন কৰে, "আমাৰ মহিলাসকলক অধিকাৰ দিব লাগে নে নাই ? যদি লাগে ভাৰতবৰ্ষৰ সকলো মহিলা ওলাই আহিবৰ হ'ল । সকলো জাগৃত হ'বৰ হ'ল ।" তেওঁ লগতে কয়, "১৯৭১ চনত লোক গণনা হৈছিল । তাৰ ভিত্তিতে ১৯৭২ চনত লোকসভাৰ সমষ্টি নিৰ্ধাৰণ কৰা হৈছিল । তেতিয়াৰ পৰা ৫ টা দশকে লোকসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা নাই । লোকসভাৰ আসনৰ সংখ্যা বঢ়োৱা, মহিলাসকলক অগ্ৰাধিকাৰ দিয়া এই সকলোবোৰ অধিনিয়মখনত সোমাই আছিল । কিন্তু এই সমগ্র প্ৰক্ৰিয়াটো বিৰোধীয়ে নস্যাৎ কৰিব বিচাৰিছে । এয়া দেশৰ গণতন্ত্রৰ প্ৰতি ডাঙৰ ভাবুকি । ইয়াৰ বিৰুদ্ধে দেশৰ নাৰী সমাজ ওলাই আহিব লাগে । গণতান্ত্রিকভাৱে সকলোৱে বিৰোধী শক্তিৰ এই ভূমিকাক প্ৰতিহত কৰিব লাগে ।"

লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এই সংবাদমেলত লখিমপুৰ পৌৰসভাৰ অধ্যক্ষ কৃষ্ণাধৰ সেন, বিহপুৰীয়া পৌৰসভাৰ অধ্যক্ষ দীপশিখা বৰা, জিলা বিজেপিৰ সম্পাদক জিতেন দত্ত, মহিলা মৰ্চাৰ জিলা সভানেত্রী গীতাঞ্জলি বৰুৱা শইকীয়া, জিলা কাৰ্যকৰী সদস্য জ্যোৎস্না মেদক, বিজেপিৰ জিলা মহিলা মৰ্চাৰ সম্পাদিকা মামুন ভূঞা চেতিয়া, বিজেপিৰ জিলা উপ সভাপতি ডাঃ নৃপেন বৰাকে ধৰি কেইবাগৰাকী নেতা-কৰ্মীয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক :

৩৩% মহিলা সংৰক্ষণক লৈ ৰাজনৈতিক সংঘাত: খানাপাৰা খেলপথাৰত বিজেপিৰ প্ৰতিবাদ