ETV Bharat / state

বাঁহ-গছৰ গুটিও হ'ব পাৰে আকৰ্ষণীয় অলংকাৰ; মহিলাই দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন

৩৫০০ টকা বিনিয়োগ কৰি এবছৰ পূৰ্বে আৰম্ভ কৰিছিল গহনা প্ৰস্তুত কৰা ক্ষুদ্ৰ উদ্য়োগ । এতিয়া মহিলা কেইগৰাকীৰ মাহিলী কিমান উপাৰ্জন জানেনে ?

women creating attractive jewelry from natural materials
বাঁহ-গছৰ গুটিৰ পৰা প্ৰস্তুত কৰা আকৰ্ষণীয় অলংকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 10, 2025 at 1:49 PM IST

5 Min Read
Choose ETV Bharat

মৰাণ : একাগ্ৰতা আৰু আত্মবিশ্বাস হৈছে স্বাৱলম্বিতাৰ মূল চালিকা শক্তি । যিসকলে এই দুয়োটাক সাৰথি কৰি কোনো কাম আৰম্ভ কৰে তেওঁলোকে সহজেই সাফল্য়ত মসৃণ পথত খোজ দিব পাৰে । সেই কথাকেই প্ৰমাণ কৰিছে কেইগৰাকীমান মহিলাই । এইকেইগৰাকী মহিলাই ৩৫০০ টকা বিনিয়োগ কৰি এবছৰ পূৰ্বে আৰম্ভ কৰিছিল গহনা প্ৰস্তুত কৰা এটি ক্ষুদ্ৰ উদ্য়োগ । এতিয়া তেওঁলোকে মাহিলী উপাৰ্জন কৰে কমেও ৫০-৬০ হাজাৰ টকা ।

স্বাৱলম্বী হোৱাৰ দিশে আগবঢ়িছে অসমীয়া মহিলা । আজিৰ মহিলাই কেৱল ঘৰৰ গৃহিনীৰ পৰিচয়তে নিজক সীমাবদ্ধ নাৰাখি কৰ্মসংস্থাপনৰ বাবে আগবাঢ়ি আহিছে । পুৰুষৰ সমানেই নিজক বিভিন্ন ক্ষেত্ৰত আগুৱাই নিবলৈ আগবাঢ়ি আহিছে যুৱতী-মহিলাসকল । চৰকাৰী চাকৰি লাভ নকৰা যুৱতী-মহিলাসকলেও নিজক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে আগবাঢ়িছে । নিজৰ কৰ্মৰাজিক ব্যৱসায়িক ভিত্তিত কৰাৰ মানসেৰে আজিৰ দিনত একাংশ মহিলা ওলাই আহিছে ।

বাঁহ-গছৰ গুটিৰ পৰা প্ৰস্তুত কৰা আকৰ্ষণীয় অলংকাৰ (ETV Bharat Assam)

অসমৰ বিভিন্ন প্ৰান্তৰৰ বহু মহিলাই ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি কেৱল নিজে স্বাৱলম্বী হোৱাই নহয় বহুতৰ বাবে সংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে । বহু মহিলাই নিজাকৈ কিবা এটা কৰাৰ প্ৰয়াস কৰাৰ সমান্তৰালভাৱে বহু মহিলাই আত্মসহায়ক গোট গঠন কৰি একত্ৰিতভাৱে উৎপাদনশীল হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ মাজতে নতুন কৌশল অৱলম্বন কৰি বাঁহ, চন্দন, পদুম, মনিছাল, বগৰীৰ লগতে বিভিন্ন ফল-মূল আৰু গছ-লটিকাৰগুটিৰে বিভিন্ন আকৰ্ষণীয় অলংকাৰ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে নাহৰকটীয়া জয়পুৰৰ লেবাংকুলা গাঁৱৰ পাটকাই এছএছজিৰ ৭ গৰাকীকৈ মহিলা । সম্পূৰ্ণৰূপে জৈৱিক পদ্ধতিৰে প্ৰস্তুত কৰা এই অলংকাৰ এতিয়া ৰাজ্যজুৰি সমাদৃত হৈ উঠিছে ।

women creating attractive jewelry from natural materials
বাঁহ-গছৰ গুটিৰ পৰা আকৰ্ষণীয় অলংকাৰ প্ৰস্তুত কৰা মহিলা (ETV Bharat Assam)

অলংকাৰ তৈয়াৰ কৰি স্বাৱলম্বিতাৰ বাট মুকলি :

ৰাজ্য চৰকাৰে মহিলা সকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে । লগতে বিভিন্ন সময়ত মহিলাসকলক বিভিন্ন উৎপাদনমুখী কাৰ্যসূচীৰ বাবে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে । তেনে সময়ত চৰকাৰী ব্যৱস্থাপনাক সদ্ ব্যৱহাৰ কৰি আন মহিলা সকলৰ বাবে নিদৰ্শন দাঙি ধৰিছে নাহৰকটীয়া জয়পুৰৰ লেবাংকুলা গাঁৱৰ এইসকল মহিলাই । দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা নাহৰকটীয়া জয়পুৰৰ লেবাংকুলা গাঁৱৰ এইসকল মহিলাই এবছৰ পূৰ্বে অসম বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ প্ৰকল্পৰ অধীনত মাত্ৰ ২৫ দিনত বেম্ব' ক্ৰাফ্টৰ ওপৰত এখন বিনামূলীয়া কৰ্মশালাত অংশ লয় । ইয়াৰ পাছতে গ্ৰেণ্ডীং, বাঁহ, আৰু গ্ৰীল মেচিনৰ সহায়ত বাঁহ, চন্দন, পদুম, মনিছাল, বগৰীৰ লগতে বিভিন্ন ফল-মূল আৰু গছ-লটিকাৰ গুটি ব্যৱহাৰ কৰি তৈয়াৰ কৰি উলিয়াইছে এইসমূহ আ-অলংকাৰৰ লগতে সৌন্দৰ্যবৰ্ধনৰ সা-সামগ্ৰী ।

women creating attractive jewelry from natural materials
বাঁহ-গছৰ গুটিৰ পৰা প্ৰস্তুত কৰা আকৰ্ষণীয় অলংকাৰ (ETV Bharat Assam)

কিমান মূল্য় এই সামগ্ৰীৰ ?

ইফালে মহিলা সকলে নিৰ্মাণ কৰা এইসমূহ সামগ্ৰী গুৱাহাটী মহানগৰীকে ধৰি ডিব্ৰুগড় চহৰত থকা অসম চৰকাৰৰ বনসৃষ্টি কেন্দ্ৰত বিক্ৰী কৰি মাত্ৰ ছয় মাহতে লাভ কৰিছে লক্ষাধিক টকা । ৩৫০ টকাৰ পৰা আৰম্ভ কৰি দুই হাজাৰ টকা পৰ্যন্ত দামী এইসমূহ বাঁহৰ অলংকাৰ নিৰ্মাণ কৰিবলৈ ব্যৱহৃত হোৱা গুটি সমূহ বিচাৰি উলিয়াবলৈ মহিলাসকলে যথেষ্ট কষ্টৰ সন্মুখীন হ'বলগা হয় । তথাপি স্বাৱলম্বী হোৱাৰ সপোন দেখি এই সকল উদ্যমী মহিলাই কৰি গৈছে নিজৰ সৃষ্টিশীল কৰ্মৰাজি ।

women creating attractive jewelry from natural materials
বাঁহ-গছৰ গুটিৰ পৰা প্ৰস্তুত কৰা আকৰ্ষণীয় অলংকাৰ (ETV Bharat Assam)

বাঁহৰ অলংকাৰত ব্যৱহাৰ কৰা হয় বিভিন্ন গছৰ গুটি:

উদ্যমী মহিলাসকলৰ ভিতৰত জুৰি গগৈ বৰাই কয়,"আমি ২৫ দিনীয়া এক প্ৰশিক্ষণ গ্ৰহণ কৰি বাঁহৰ পৰা বিভিন্ন অলংকাৰৰ লগতে বঁটা, ঘৰ, কলহ,ট্ৰে আদি সামগ্ৰী প্ৰস্তুত কৰিছো । বজাৰত বিক্ৰীৰ বাবে আমি বনোৱাৰ উপৰি বিভিন্ন জনে অৰ্ডাৰ দিয়ে, সেই অৰ্ডাৰ মতেও বনোৱা হয় । বাঁহৰ অলংকাৰ সমূহত চন্দন, পদুম, মনিছাল, বগৰীৰ আদি গুটি ব্যৱহাৰ কৰা হয় ।"

women creating attractive jewelry from natural materials
বাঁহ-গছৰ গুটিৰ পৰা প্ৰস্তুত কৰা আকৰ্ষণীয় অলংকাৰ (ETV Bharat Assam)

জৈৱিক পদ্ধতিৰে প্ৰস্তুত কৰা হয় অলংকাৰ :

বাঁহৰ লগতে বিভিন্ন ফল-মূল আৰু গছ-লটিকাৰ গুটিৰে অলংকাৰ তৈয়াৰ কৰি স্বাৱলম্বী হোৱা মহিলাসকলৰ অন্যতম কবিতা গগৈয়ে কয়, "আমি প্ৰশিক্ষণ গ্ৰহণ কৰি কামখিনি কৰি যাবলৈ চেষ্টা কৰিছো । নিৰ্মাণ কৰা অলংকাৰসমূহ গুৱাহাটী আৰু ডিব্ৰুগড়লৈ বিক্ৰী কৰা হৈছে । ইয়াত ব্যৱহাৰ কৰা বাঁহখিনি কাটি অনাৰ পাছত ১৫ দিন ঔষধ দি ৰখা হয় । তাৰ পাছত এসপ্তাহ মান ৰ'দত শুকাবলৈ দিয়াৰ পাছত বিভিন্ন অলংকাৰ বনোৱা হয় ।"

গ্ৰাহকে আদৰি লৈছে গহনা :

২০২৪ বৰ্ষত প্ৰশিক্ষণ গ্ৰহণ কৰি মহিলাসকলে ব্যতিক্ৰমী ৰূপত বাঁহৰ লগতে বিভিন্ন ফল-মূল আৰু গছ-লটিকাৰ গুটিৰে নিৰ্মাণ কৰা অলংকাৰ আদৰি লৈছে ৰাইজে । কবিতা গগৈ নামৰ মহিলাগৰাকীয়ে কয়, "গুৱাহাটী, ডিব্ৰুগড়ত অলংকাৰসমূহ বিক্ৰী কৰাৰ উপৰি আমি পূজা, বিহুত নিজেই দোকান দি বিক্ৰী কৰো । ইয়াৰ দ্বাৰা আমি সকলোৱে নিজৰ পৰিয়াল চলাবলৈ ভালদৰে সক্ষম হৈছো । চৰকাৰে কিছু সহায় কৰিলে আমি আৰু অধিক উপকৃত হম ।‌"

লগতে পঢ়ক:হস্তনিৰ্মিত অলংকাৰৰ জড়িয়তে মোকলাইছে জীৱন যাত্ৰাৰ পথ

আৱৰ্জনা পানীমেটেকাক সম্পদৰ ৰূপ দিছে এগৰাকী মহিলাই