নৃশংস হত্যাকাণ্ড ! মহিলাক হত্যা কৰি বিৰিয়ানীৰ বাচনত ৰাখিলে শৰীৰৰ টুকুৰা
মহিলাক নৃশংসভাৱে হত্যা । টুকুৰা-টুকুৰকৈ কাটি বিৰিয়ানীৰ বাচনত লুকুৱাই থ'লে শৰীৰৰ অংশ । ৰে'লত উদ্ধাৰ শৰীৰৰ আধা অংশ ।

Published : August 29, 2026 at 10:47 PM IST
চেন্নাই: জীৱশ্ৰেষ্ঠ হিচাপে বিবেচিত মানুহ কিমান নৃশংস হ'ব পাৰে, সেয়া সময়ে সময়ে প্ৰমাণিত হৈ আহিছে । কেতিয়াবা যদি হত্যা কৰি ফ্ৰিজৰ ভিতৰত শৰীৰ অংশ ৰাখিছে, আন কেতিয়াবা আকৌ ড্ৰামত । এইবাৰ বিৰিয়ানীৰ বাচনত মহিলাৰ শৰীৰ অংশ উদ্ধাৰ । আধা অংশ ৰে'লৰ ডবাৰ ভিতৰত থকা এটা ছ্যুটকেছত উদ্ধাৰ কৰা হয় ।
তামিলনাডুত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে । মহিলাগৰাকীক হত্যা কৰি আগ্ৰা অভিমুখী ৰে’লত মৃতদেহৰ আধা অংশ এৰি থৈ বাকী থকা শৰীৰৰ অংগবোৰ শাক-পাচলি আৰু আটা মিহলাই বিৰিয়ানী পাত্ৰত ভৰাই থৈ দিয়াৰ অভিযোগ উত্থাপন হৈছে । এই ঘটনাৰে জড়িতৰ অভিযোগত মণিপুৰত তামিলনাডু আৰক্ষীয়ে দম্পতীক গ্ৰেপ্তাৰ কৰে ৷
প্ৰকৃত ঘটনা কি ?
৫ আগষ্টত চেন্নাইৰ পৰা নতুন দিল্লী অভিমুখী তামিলনাডু এক্সপ্ৰেছ ৰে’লখন উত্তৰ প্ৰদেশৰ আগ্ৰা ৰে’ল ষ্টেচনত উপস্থিত হোৱাৰ সময়তে ৰে’ল আৰক্ষীলৈ খবৰ আহে যে এটা সাধাৰণ শ্ৰেণীৰ ডবাৰ পৰা দুৰ্গন্ধ আহি আছে আৰু তাত এটা সন্দেহজনক ৰঙা ছুটকেছ পৰি আছে ।
লগে লগে আৰক্ষী উপস্থিত হৈ ছুটকেছটো খোলাত, তাৰ ভিতৰত মানুহৰ শৰীৰৰ অচিনাক্ত অংগ উদ্ধাৰ কৰে । ইয়াৰ পিছতে আগ্ৰা আৰক্ষী আৰু ৰে’ল আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে । ছুটকেছটোৰ ভিতৰত মহিলাগৰাকীৰ শৰীৰৰ অংগ মেৰিয়াই থোৱা প্লাষ্টিকৰ কভাৰটো চেন্নাইৰ এখন বস্ত্ৰ দোকানৰ বুলি আৰক্ষীয়ে তথ্য উদ্ধাৰ কৰে । ইয়াৰ পিছতে এই তদন্ত প্ৰক্ৰিয়া চেন্নাইলৈ স্থানান্তৰিত কৰা হয় ।
ৰে’ল আৰক্ষীয়ে চেন্নাই কেন্দ্ৰীয় ৰে’লৱে ষ্টেচনকে ধৰি অঞ্চলটোত স্থাপন কৰা শ শ চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰে । যথেষ্ট কষ্টৰ অন্তত আৰক্ষীয়ে ছুটকেছ কঢ়িয়াই অনা এজন পুৰুষ আৰু এগৰাকী মহিলাৰ ফুটেজ উদ্ধাৰ কৰে । চিচিটিভিৰ ফুটেজ আৰু তদন্তত প্ৰকাশ পাইছে যে দম্পতীহালে প্ৰথমে চেন্নাই চেণ্ট্ৰেল ৰে'লৱে ষ্টেচনলৈ গৈ ছুটকেছটো ৰে’লত থৈ তাৰ পিছত পুন্না ৰে'লৱে ষ্টেচনলৈ যায় । তাৰ পৰা গুডুভাঞ্চেৰীলৈ যোৱা ৰে'লত উঠিল ।
ইয়াৰ পিছতে আৰক্ষীয়ে চেন্নাইৰ বাহিৰৰ অঞ্চলৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে । তেওঁলোকে ৩৫০টাতকৈও অধিক চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰে । অন্যান্য লোকৰ পৰা পোৱা তথ্যই তেওঁলোকৰ তদন্তত সহায় কৰিছিল ।
ইয়াৰ ভিত্তিত আৰক্ষীয়ে লোককেইজন থকা গুডুভাঞ্চেৰীত থকা ঘৰটো চিনাক্ত কৰে । আৰক্ষীয়ে লগে লগে তলা লগোৱা অৱস্থাত উদ্ধাৰ কৰে । দুৱাৰ ভাঙি তালাচী আৰম্ভ কৰে । তালাচীত ওলাল ভয়ংকৰ তথ্য, আৰক্ষীয়ে তালাচী চলাই উদ্ধাৰ কৰে যে সেই বাসগৃহটোত এগৰাকী মহিলাক নিৰ্মমভাৱে হত্যা কৰা হৈছে । বাসগৃহটোত পোৱা বিৰিয়ানীৰ বাচনত কেইবাটাও মানৱ দেহৰ অংগ আৰক্ষীয়ে উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে শৰীৰৰ অংগসমূহ উদ্ধাৰ কৰি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
ইয়াৰ পিছতে আৰক্ষীৰ তদন্তত হত্যা কৰা মহিলাগৰাকীৰ নাম হতুল নিশা বুলি জানিব পৰা গৈছে । তদন্তত তাম্বাৰমৰ ওচৰৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰা বুলি জানিব পৰা গৈছে । মাণিক লস্কৰ আৰু তেওঁৰ পত্নী ভাগমতী মাঝি মহিলাগৰাকীৰ লগত আছিল । আৰক্ষীয়ে সন্দেহ কৰিছিল যে কোনো অবৈধ সম্পৰ্ক বা আৰ্থিক সমস্যাই হত্যাকাণ্ডৰ উদ্দেশ্য হ’ব পাৰে আৰু অধিক তদন্ত আৰম্ভ কৰে ।
ইফালে হাতুল নিশাৰ পুত্ৰৰ এজাহাৰৰ ভিত্তিত কুদুৱঞ্চেৰী থানাত নিৰুদ্দেশ হোৱা লোকৰ গোচৰ ৰুজু কৰা হয় । তাইৰ শৰীৰৰ অংগ আৱিষ্কাৰ হোৱাৰ পিছত গোচৰটো হত্যাৰ গোচৰলৈ উন্নীত কৰা হয় । গুডুভাঞ্চেৰী আৰক্ষীয়ে গোচৰটোৰ সক্ৰিয় তদন্ত কৰি থকাৰ সময়তে আগ্ৰাৰ কনিষ্টবল ৰাজেশ দীক্ষিতে চেন্নাইৰ এটা ঘৰত হাতুল নিশাৰ মূৰটো উদ্ধাৰ হোৱা বুলি খবৰ দিয়ে । অৱশ্যে এই সন্দৰ্ভত কোনো তথ্য প্ৰদান কৰা নাই চেন্নাই আৰক্ষীয়ে ।
আৰক্ষীৰ অধিক তদন্তত পোহৰলৈ আহিছে যে হাতুল নিশাৰ সৈতে বাস কৰা মাণিক লস্কৰ অসমৰ বাসিন্দা আৰু তেওঁৰ পত্নী ভাগৱতী মাঝি ওড়িশাৰ । তদন্তত ছুটকেছত মৃতদেহৰ অংগসমূহ পঠোৱা দম্পতীহালে ঘৰলৈ উভতি আহি কিছু সামগ্ৰী লৈ পলায়ন কৰে ।
তেওঁলোকে উত্তৰ ভাৰতৰ ৰাজ্যলৈ পলায়ন কৰিব পাৰে বুলি সন্দেহ কৰি তদন্ত তীব্ৰতৰ কৰি তোলা হয় । ইয়াৰ পাছতে মণিপুৰৰ জিৰিবাম জিলাৰ কাশিমপুৰৰ গুডুভাঞ্চেৰী থানাৰ পৰিদৰ্শকৰ নেতৃত্বত থকা বিশেষ আৰক্ষী বাহিনীয়ে হত্যাকাণ্ডৰ মূল অভিযুক্ত মানিক লস্কৰক গ্ৰেপ্তাৰ কৰে ।
জেৰাৰ সময়ত মাণিক অসমৰ কাছাৰ জিলাৰ দক্ষিণ কৃষ্ণপুৰৰ সোণাবাৰীঘাট অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে । পলাতক পত্নী ভগমতীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । দুয়োকে চেন্নাইলৈ আনি গুডুভাঞ্চেৰী থানাত সোধা-পোছাৰ বাবে ৰখাৰ পৰিকল্পনা কৰিছে । হাতুল নিশা আৰু এই লোকসকলৰ মাজত কি সম্পৰ্ক ? কেতিয়া সংঘটিত হৈছিল এই হত্যাকাণ্ড ? এই হত্যাকাণ্ডৰ গোচৰৰ ৰহস্য উন্মোচনৰ বাবে এতিয়া আৰক্ষীয়ে কাম কৰি আছে ।

