ETV Bharat / state

ডিমৰীয়াত প্ৰেমৰ নামত প্ৰতাৰণা: কাৰাগাৰৰ পৰা ওলাই প্ৰেমিকাৰ ওপৰত ল’লে প্ৰতিশোধ !

কাৰাগাৰৰ পৰা মুক্ত হৈ আহি পুৰণি ঘটনাৰ আক্ষেপত বিপুলে সুস্মিতাক ফুচুলাই আনি এই লোমহৰ্ষক ঘটনা সংঘটিত কৰে ৷

lover stabs woman to death
অভিযুক্ত বিপুল মল্লিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 6, 2026 at 7:03 PM IST

3 Min Read
Choose ETV Bharat

সোণাপুৰ : প্ৰেমৰ পবিত্ৰ সম্পৰ্কক ভৰিৰে মোহাৰি এক ভয়ংকৰ আৰু নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে ডিমৰীয়াত ৷ নিজৰ প্ৰেমিকৰ ওপৰত কৰা অন্ধ বিশ্বাসেই কাল হ’ল এগৰাকী নিষ্পাপ যুৱতীৰ বাবে ৷ ১নং ঔজাৰী গাঁৱৰ যুৱতী সুস্মিতা মণ্ডলে নিজৰ প্ৰেমিক বিপুল মল্লিকৰ (২২) হাতত অতি নিষ্ঠুৰভাৱে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷ এই মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি কৰিছে ৷

নিৰ্জন পথাৰত উদ্ধাৰ ৰক্তাক্ত মৃতদেহ

বৃহস্পতিবাৰে সন্ধিয়া (৪ জুন) ডিমৰীয়াৰ এখন নিৰ্জন পথাৰত ক্ষত-বিক্ষত আৰু ৰক্তাক্ত অৱস্থাত সুস্মিতা মণ্ডলৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ ঘটনাৰ খবৰ পাই ক্ষেত্ৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তন্ময় নাথৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল ৷

কাৰাগাৰৰ পৰা মুক্ত হৈ প্ৰেমিকাৰ ওপৰত ল’লে প্ৰতিশোধ ! (ETV Bharat Assam)

কাৰাগাৰৰ পৰা ওলাই আহিও সলনি নহ’ল হিংস্ৰ চৰিত্ৰ

আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পোৱা মতে, নিজ ডিমৰীয়াৰ বিপুল মল্লিকৰ সৈতে সুস্মিতাৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল ৷ ইয়াৰ পূৰ্বেও বিপুলৰ প্ৰেমৰ ছলনাৰ বলি হৈ যুৱতীগৰাকী অন্তঃসত্ত্বা হৈছিল আৰু এই সন্দৰ্ভত ২০২৫ চনত জুলাই মাহত বিৰুদ্ধে POCSO গোচৰ ৰুজু হোৱাত সি কাৰাগাৰলৈ যাবলগীয়াও হৈছিল ৷

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জামিনত কাৰাগাৰৰ পৰা মুকলি হৈ ওলাই আহে আৰু পুৰণি ঘটনাৰ আক্ষেপত বিপুলে সুস্মিতাক ফুচুলাই আনি এই লোমহৰ্ষক ঘটনা সংঘটিত কৰে ৷

কেনেদৰে সংঘটিত কৰিছিল হত্যাকাণ্ড

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ৪ জুনৰ সন্ধিয়া বিপুলে সুস্মিতাক ফুচুলাই ঘৰৰ পৰা মাতি আনি পথাৰৰ নিৰ্জন স্থানলৈ লৈ যায় আৰু পূৰ্বপৰিকল্পিতভাৱে এই জঘন্য হত্যাকাণ্ড সংঘটিত কৰে ৷ বিপুলে চোকা ডেগাৰেৰে সুস্মিতাৰ শৰীৰত প্ৰায় ১৭-১৮ টা স্থানত উপৰ্যুপৰি আঘাত হনাৰ লগতে নিৰ্দয়ভাৱে ডিঙি ৰেপি হত্যা কৰি তাৰপৰা পলায়ন কৰে ৷

হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত বিপুলে গুৱাহাটীত আত্মগোপন কৰে ৷ ক্ষেত্ৰী আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ ১২ ঘণ্টাৰ ভিতৰত বিপুলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ কিন্তু অতি আশ্চৰ্যজনকভাৱে, গ্ৰেপ্তাৰৰ পিছত বিপুলৰ মুখত অলপো অনুতাপৰ চিন দেখা নগ’ল ৷

আৰক্ষীৰ তৎপৰতা আৰু আইনী ব্যৱস্থা

সুস্মিতাৰ পিতৃৰ এজাহাৰৰ ভিত্তিত ক্ষেত্ৰী আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ 43/26 u/s 103(1) (হত্যাৰ ধাৰা) অধীনত এক গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে জনোৱা মতে, ধৃত অভিযুক্তক আজি আদালতত হাজিৰ কৰোৱা হ’ব ।

দোষীক কঠোৰ শাস্তিৰ দাবী স্থানীয় লোকৰ

এই ঘটনাই সুস্মিতাৰ পৰিয়ালটোলৈ অন্ধকাৰ নমাই আনিছে ৷ ইফালে ভণ্ড প্ৰেমিকৰ নৃশংসতাৰ বলি হোৱা সুস্মিতাৰ মৃত্যুত সমগ্ৰ অঞ্চলত শোকৰ ছা পৰিছে ৷ স্থানীয় ৰাইজে অভিযুক্ত বিপুল মল্লিকক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰি শনিবাৰে দুপৰীয়া ক্ষেত্ৰী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ উক্ত হত্যাকাণ্ডৰ লগত বিপুলৰ পৰিয়ালৰ লোক জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আটাইকে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক দাবী জনায় ৷

লগতে পঢ়ক : পথাৰৰ নিৰ্জন স্থানৰ পৰা উদ্ধাৰ যুৱতীৰ মৃতদেহ, শৰীৰৰ কেইবাটাও স্থানত আঘাতৰ চিন স্পষ্ট